হুঁচৰিঃ এটি সমীক্ষা

0
282

ড০ কেশৱ হাজৰিকা
ঘিলামৰা

 

বহাগ বিহুৰ লগত সংলগ্নিত অনুষ্ঠানবোৰৰ ভিতৰত আটাইতকৈ পৰিশীলিত আৰু পৰিমাৰ্জিত অনুষ্ঠানটো হ’ল হুঁচৰি। গাঁৱৰ বয়সস্থ আৰু ডেকাসকলে গৃহস্থৰ চোতালত উপস্থিত হৈ ঘোষা, পদ আৰু মাৰ্জিত বিহুনাম প্ৰদৰ্শন কৰাৰ অন্তত আৰ্শীবাদ প্ৰদান কৰা পৰম্পৰা কেতিয়া কেনেকৈ আৰম্ভ হৈছিল তাক একেআষাৰে কোৱা টান। কিন্তু মুকলি বিহু আৰু টকাবিহুতকৈ হুঁচৰিৰ পৰম্পৰা আপেক্ষিক ভাৱে নতুন। অৱশ্যে আহোমসকলৰ ৰাজত্ব কালতেই যে ইয়াৰ জন্ম হৈছিল সি ধুৰূপ। ইয়াৰ প্ৰাচীন ৰূপটো হয়তো মুকলি বিহুৰ দৰে মুক্ত পৰিবেশতে জন্ম হৈছিল, পৰৱৰ্ত্তী কালত পৰিশীলিত আৰু পৰিবৰ্ধিত হৈ বৰ্ত্তমানৰ ৰূপ পৰিগ্ৰহণ কৰিছিল। বৰ্ত্তমান হুঁচৰি বুলিলে যিটো অনুষ্ঠান আমাৰ চকুৰ আগত ভাহি উঠে, সেই অনুষ্ঠানটো লোকপৰম্পৰা আৰু শংকৰী আদৰ্শৰ যৌগিক সংশ্লেষণ।

নামকৰণঃ
হুঁচৰি শব্দটো টাই-আহোম ভাষাৰ ‘হু-চা-ৰি’ শব্দৰ পৰা আহিছে। টাই ভাষাত ‘হু’ মানে চিঞৰা, ‘চা’ মানে আৰ্শীবাদ দিয়া বা মংগল কামনা কৰা আৰু ‘ৰি’ মানে আনন্দত উৎফুল্লিত হোৱা। এই ফালৰ পৰা ‘হু-চা-ৰি’ শব্দৰ পৰাই হুঁচৰি শব্দটো অহা বুলি কব পাৰি। টাই-আহোম সকলে চ’তৰ সংক্ৰান্তিৰ দিনা সামূহিক মংগল কামনাৰ্থে নৃত্য-গীত কৰে। এই অনুষ্ঠানটিক ‘ৰুচেংৰি’ বোলে। এই ৰুচেংৰি শব্দৰ পৰাও হুঁচৰি শব্দটো আহিব পাৰে বুলি অনুমান কৰিব পাৰি। (নীলকান্ত গগৈ, “বিবৰ্তনৰ চাকনৈয়াত ‘হুঁচৰি”, প্ৰান্তিক,এপ্ৰিল,২০১৫)

হুঁচৰিৰ বিবৰ্তনঃ
ৰুদ্ৰ সিংহৰ ৰাজত্ব কালত পথাৰৰ গছৰ তলত মৰা বিহুক ৰজাঘৰলৈ আমন্ত্ৰণ কৰি অনা হৈছিল আৰু ৰংঘৰৰ বাকৰিত বিহু অনুষ্ঠিত কৰি শ্ৰেষ্ঠ বিহুদলক পুৰস্কৃত কৰা হৈছিল। ডেকা-গাভৰুৱে একেলগে পৰিবেশন কৰা এই বিহু বৰ্তমানৰ মুকলি বিহুৰে আদিৰূপ বুলি কব পাৰি। সময় পাৰ হৈ যোৱাৰ লগে-লগে বিহুৱে এটা নতুন ৰূপ পৰিগ্ৰহণ কৰিলে। গছ তলৰ বিহু আহি ৰংঘৰৰ চোতালত পৰিমাৰ্জিত ৰূপ গ্ৰহণ কৰিবলৈ বাধ্য হ’ল। ৰজা, ৰাজকীয় বিষয়া, বয়োজ্যেষ্ঠ, পিতৃ-মাতৃৰ আগত পৰিবেশন কৰিবলগীয়া হোৱাৰ হেতু বিহুৱে আগৰ উদ্দামতা হেৰুৱালে। পৰৱৰ্তীকালত ল’ৰা-বুঢ়া-ডেকা একেলগ হৈ ৰাজ আলিয়েদি বিহু কৰিযোৱা পৰম্পৰা এটা গঢ়ি উঠে। এয়া আছিল হুঁচৰিৰ আদিপৰ্ব। ৰাজ আলিয়েদি বিহু কৰি যোৱা হুঁচৰিৰ দলক সন্মান জনাবলৈ ঘৰৰ গৃহস্থ সপৰিয়ালে ওলাই আহি মাননি যাচিছিল আৰু আৰ্শীবাদ লৈছিল। লাহে-লাহে ৰজা আৰু ডা-ডাঙৰীয়াসকলক তোষামোদ কৰিবলৈ তেওঁলোকৰ চোতালত হুঁচৰি গোৱাৰ পৰম্পৰা এটা আৰম্ভ হয়। কালক্ৰমত এই পৰম্পৰা ৰজা ঘৰৰ পৰা প্ৰজা ঘৰলৈ সম্প্ৰসাৰিত হয়। গতিকে দেখা গ’ল যে আহোম স্বৰ্গদেউসকলৰ পৃষ্ঠপোষকতাত বিহু নামৰ লোক উৎসৱটি ৰাজকীয় উৎসৱলৈ পৰ্যৱেশিত হয় আৰু ৰজা-প্ৰজা সকলোৰে সমাদৰ লাভ কৰিবলৈ সমৰ্থ হয়।
এই খিনিতে এষাৰ কথা উল্লেখ কৰা প্ৰয়োজন যে পৃথক অনুষ্ঠান হিচাপে হুঁচৰিয়ে কেতিয়া কেনেকৈ আত্মপ্ৰকাশ কৰিলে তাক একে আষাৰে কোৱা টান। গৃহস্থৰ চোতালত গাঁৱৰ বয়সষ্ঠ আৰু ডেকাসকলে জয়ধ্বনি দি গৃহস্থৰ কুশল কামনা কৰা, ঘোষা-পদ গোৱা আৰু লহৰি খেলাৰ পাছত গৃহস্থক আশীৰ্বাদ দিয়া কাৰ্যক কোৱা হয় হুঁচৰি। হুঁচৰিত বৈষ্ণৱ ধৰ্মৰ প্ৰভাৱ স্পষ্টতৰ। অৱশ্যে ঘোষা পদবোৰ কেৱল বৈষ্ণৱ গ্ৰন্থৰ পৰা ( যেনে- কৃষ্ণ ৰাম নাৰায়ণ গোবিন্দ জয় জয়…) পৰিবেশন নকৰি হুঁচৰিগীত (যেনে – হুঁচৰি এ চ’ত, আমি যে ওমলোঁ য’ত, দুবৰি নগজে ত’ত) আৰু ফুলকোঁৱৰ-মণিকোঁৱৰৰ গীতকো হুঁচৰিৰ পদ হিচাপে ব্যৱহাৰ কৰা হয়। হুঁচৰি গাওঁতে কোনো-কোনো ঠাইত ঘূৰণীয়াকৈ মেৰ পাতি, কঁকালত ধৰা-ধৰিকৈ গায়, তাকে লহৰি খেলা বোলে। লহৰি খেলত ঢোল-তালৰ লয়ৰ লগত হাতৰ চাপৰি আৰু ভৰিৰ খোজৰ ছন্দ মিলি যোৱাটো বৈশিষ্ট্যপূৰ্ণ (ড. লীলা গগৈ)। লহৰি খেলৰ অন্তত গৃহস্থক পুনৰ এজাউৰি আশীৰ্বাদ দি হুঁচৰি পৰ্বটো সামৰে। ইয়াৰ পাছত গৃহস্থৰ অনুমতি সাপেক্ষে ডেকাসকলে বিহু আৰম্ভ কৰে। হুঁচৰিৰ শেষত ইয়াক পৰিবেশন কৰা হয় যদিও হুঁচৰিৰ লগত ইয়াৰ বিশেষ সম্পৰ্ক নাই। গৃহস্থৰ চোতালত থিয় হৈ হুঁচৰিৰ লগত গোৱা বিহুনামবোৰত বিহুৰ প্ৰতি থকা মৰম আৰু হেঁপাহ, আনন্দ প্ৰকাশৰ উদ্গ্ৰীৱতা আৰু গৃহস্থক কৰ্তব্যৰ প্ৰতি সকিয়নি দিয়া ভাবহে প্ৰকাশিত হয় (ড. লীলা গগৈ)।
গতিকে দেখা গ’ল যে সামগ্ৰিক ভাৱে হুঁচৰি নামেৰে নামকৰণ কৰা অনুষ্ঠানটি ত জয়ধ্বনি দিয়া, ঘোষা-পদ দিয়া, লহৰি খেলা আৰু শেষত গৃহস্থক আশীৰ্বাদ দি হুঁচৰি পৰ্ব সামৰি গৃহস্থৰ অনুমতি সাপেক্ষে ৰং-ধেমালি কৰি বিহু মৰা পৰম্পৰা প্ৰাচীন কালৰে পৰা প্ৰচলন হৈ আহিছে। সাম্প্ৰতিক কালৰ হুঁচৰি দল সমূহে এই পৰম্পৰা ৰক্ষা কৰিব পাৰিলে অসমৰ জাতীয় সংস্কৃতি ৰক্ষিত হব বুলি ন-দি কব পাৰি।

হুঁচৰিত তিৰোতাৰ স্থানঃ
হুঁচৰিৰ আলোচনা প্ৰসংগত ড. লীলা গগৈ দেৱে কৈছে “হুঁচৰি ল’ৰা-বুঢ়া-ডেকা সন্মিলিত হৈ গায়, গাভৰুৰ তাত ভাগ নাই, স্থান নাই।” ড০ প্ৰফুল্ল দত্ত গোস্বামীদেৱৰ মতে “ হুঁচৰি পুৰুষৰ সুকীয়া অনুষ্ঠান”। জয়কান্ত গন্ধীয়াদেৱে কৈছে “ হুঁচৰিত গাভৰু নাচনীৰ কোনো স্থান নাই (আগৰ গঞা ৰাইজে নিশা নিশা হুঁচৰি গাবলৈ যাওঁতে নিশ্চয় গাভৰু ছোৱালী লৈ যোৱা নাছিল…।)” বিজ্ঞ সকলৰ এই মতামতৰ ওপৰত ভিত্তি কৰি কব পাৰি যে হুঁচৰি প্ৰকৃততে পুৰুষৰহে অনুষ্ঠান, তিৰোতাৰ স্থান তাত নাই। কিন্তু সাম্প্ৰতিক কালত হুঁচৰিত ছোৱালী নচোৱা পৰম্পৰা এটা গঢ় লৈ উঠিছে। বিশেষকৈ মঞ্চত অনুষ্ঠিত কৰা হুঁচৰি প্ৰতিযোগিতাসমূহত ছোৱালী নচোৱাটো এটা নতুন দস্তুৰত পৰিণত হৈছে। এনেবোৰ অনুষ্ঠানত হুঁচৰিৰ নামত হৰিধ্বনি দি ঘোষা-পদ, লহৰি আদি খেলাৰ পাছতে কেইজনীমান নাচনী প্ৰবেশ কৰোৱাই যোৰা নাম গাই মুকলি বিহু মৰাৰ দৰে বিহু মৰা দেখা যায়। কোনো ঠাইত ‘হুঁচৰি’ প্ৰতিযোগিতাৰ পৰিবৰ্তে ‘হুঁচৰি বিহু’ প্ৰতিযোগিতা পতাৰো পৰিলক্ষিত হয়। ডেকা-গাভৰুৱে মুকলি মনেৰে নিজৰ মনৰ ভাব প্ৰকাশ কৰি ৰং-ধেমালি কৰিব পৰা ‘মুকলি বিহু’ নামৰ অনুষ্ঠান এটা থকাৰ পাছতো হুঁচৰিৰ ওপৰত কৰা এই অত্যাচাৰ নিন্দনীয়।

হুঁচৰিৰ স্থানীয় ৰূপঃ
লোক উৎসৱসমূহে স্থানীয় পৰম্পৰাক আকোৱালি লৈ পৰিবৰ্তনৰ পথত আগবাঢ়ে। সেয়ে ঠাই ভেদে লোক উৎসৱসমূহৰ ৰং আৰু ৰূপ পৃথক পৃথক হয়। বিহুৰ বিভিন্ন অনুষ্ঠানবোৰৰ ক্ষেত্ৰতো এই কথা পৰিলক্ষিত হয়। হুঁচৰিৰ আৰম্ভণীৰে পৰা সামৰণীলৈকে পালন কৰা ৰীতি-নীতিবোৰৰো স্থানভেদে ভিন্ন ৰূপ দেখা যায়। উদাহৰণ স্বৰূপে কোনো কোনো গাঁৱত হুঁচৰি দলে গৃহস্থৰ পদূলিত জয়ধ্বনি দিয়ে আৰু গৃহস্থই পদূলিৰ পৰা আদৰি আনে। কিন্তু প্ৰায়বোৰ গাঁৱতে হুঁচৰি দলে জয়ধ্বনি দিয়ে গৃহস্থৰ চোতালত। আনহাতে হুঁচৰি দলক চেলেংচাদৰ পাৰি তাৰ ওপৰেদি আদৰি অনা প্ৰথা মাত্ৰ কেইখনমান ঠাইৰ বাহিৰে আনত নাই। ঘোষা, পদ, লহৰি আদি পৰিবেশন কৰা পদ্ধতিও ঠাই ভেদে পৃথক। হুঁচৰিত সাধাৰণতে বিভিন্ন ধৰণৰ জনজাতীয় ঢোলৰ ছেওবোৰ (কছাৰী ছেও, মিৰি ছেও ইত্যাদি) বজোৱাৰ উপৰিও ধেমেলীয়া ছেও, খৰা ছেও আৰু অনেক স্থানীয় ছেও বজোৱা হয়। সাজ-পাৰ পৰিধান কৰাৰ ক্ষেত্ৰতো পৃথকতা পৰিক্ষিত হয়। হুঁচৰিৰ এই বৈচিত্ৰই অনুষ্ঠানটিক মহীয়ান কৰি তুলিছে যদিও প্ৰতিযোগিতাত বিচাৰ কৰাৰ সময়ত কিছু অসুবিধা আহি পৰাটো স্বাভাৱিক। বিচাৰকসকলে হুঁচৰি প্ৰতিযোগিতা বিচাৰ কৰাৰ সময়ত প্ৰতিযোগী দলসমূহ কোন ঠাইৰ পৰা আহিছে, সেই ঠাইৰ হুঁচৰি গোৱা পদ্ধতি কেনে ধৰণৰ সেই কথা বিবেচনা কৰি চোৱা দৰকাৰ। তাকে নকৰি বিচাৰকসকলে নিজে প্ৰত্যক্ষ কৰা বা বিহু বিশেষজ্ঞসকলে নিৰ্ধাৰণ কৰি দিয়া নিয়মাৱলীৰ আধাৰত বিচাৰ কৰিবলৈ গলে লোক অনুষ্ঠানটিৰ প্ৰতি অন্যায় কৰা হব। বিচাৰকসকলে হুঁচৰিৰ স্থানীয় ঐতিহ্যক সন্মান প্ৰদৰ্শন কৰিবলৈ কুণ্ঠাবোধ কৰিব নেলাগে। তাকে নকৰিলে হুঁচৰিয়ে লোক অনুষ্ঠানৰ মৰ্যাদা হেৰুৱাই পেলাব। অৱশ্যে স্থানীয় পৰম্পৰাৰো কোনখিনি ঐতিহ্যসন্মত আৰু কোনখিনি নহয় তাক বিচাৰ কৰা প্ৰয়োজন।
মঞ্চ-হুঁচৰিয়ে হুঁচৰি অনুস্থানটোক জীয়াই ৰাখিব নোৱাৰে
এসময়ত ব’হাগৰ মাহ সোমোৱাৰ লগে লগে অসমৰ প্ৰতিঘৰ মানুহেই হুঁচৰি দলৰ আগমনলৈ বাটচাই আছিল। হুঁচৰি দলৰ আশীৰ্বাদ লৈ নিজকে ধন্য মানিছিল। কিন্তু সময় বাগৰি যোৱাৰ লগে লগে গাঁৱৰ হুঁচৰি দলবোৰ এটা এটাকৈ অন্তৰ্ধান হল। কিছুমান নিয়ম প্ৰয়োগেৰে দুই এখন গাঁৱত হুঁচৰি পৰম্পৰা বজাই ৰাখিবলৈ আপ্ৰাণ চেষ্টা কৰা হৈছে যদিও প্ৰকৃত হুঁচৰিৰ উপাদানসমূহ তাত পাবলৈ নাই। কিন্তু নগৰে-চহৰে অনুষ্ঠিত কৰা বিহুমেলা সমূহৰ হুঁচৰি প্ৰতিযোগিতাত যথেষ্ঠ সংখ্যক হুঁচৰি দলে যোগদান কৰে। অকল সেয়ে নহয়, এই হুঁচৰি দলসমূহৰ প্ৰদৰ্শনো অতিশয় উন্নত মানৰ। অথচ সেই দলসমূহ যিবোৰ ঠাইৰ পৰা আহে সেই ঠাইৰ কোনো গাঁৱতেই তেনে ধৰণৰ হুঁচৰি পাবলৈ নাই। প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি পুৰস্কাৰ লাভ কৰা আৰু ইলেক্টনিক মাধ্যমসমূহত হুঁচৰিৰ সকলো নিয়ম-নীতি সুন্দৰকৈ পালন কৰি পৰিবেশন কৰা হুঁচৰি দলৰ সদস্য সকলে নিজৰ নিজৰ গাঁৱত একোটাকৈ হুঁচৰি দল গঠন কৰি অসমীয়া সংস্কৃতিৰ এই আপুৰুগীয়া অনুষ্ঠানটি জীয়াই ৰখাৰ চেষ্টা কৰাটো জৰুৰী হৈ পৰিছে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here