সুগন্ধিত লহমা

0
147

পাপৰি গগৈ
ঘিলামৰা

“অনু, সেইটো কি চোৱা·” –
“সেই – পানীৰ মাজত যে তল-ওপৰ কৰি আছে – সেইটো শিহু। বাৰিষাৰ পানী বাঢ়িলে শিহুবোৰ উজাই আৰু শুকনি মুখত ভটিয়াই – ।”
জুনুকাই বেণীত গুজি লোৱা তৰাকেইটাৰ দৰে হাঁহি হাঁহি পানীবোৰ ছটিয়াই নদীৰ মাজলৈ – । – “এই শিহুবোৰৰ দৰেই ময়ো হ’ম। আপোনমনে নদীত উজাম – ভটিয়াম। অনু, তুমিও যাবানে মোৰ লগত·”
– অনুপে তাইলৈ ঘূৰি চায় আৰু মূৰ দুপিয়ায়। এই ছোৱালীজনীয়ে কি কথাবোৰ ভাৱে নহয়· – অ’, বেলি পৰেই দেখুন এতিয়া। সি বেগাই লেচেৰা কেইডল সামৰি গৰুহালক ঘৰমূৱা কৰি দিলে। এই জুনুকাজনী পানীৰ পৰা উঠিয়ে অহা নাই যে। তাইক মাত লগাব খুজিও ৰৈ গ’ল অনু। হেলনীয়া বেলিৰ আটাইখিনি সেন্দুৰীয়া গালে-মুখে সানি তাই যেন হৈ পৰিছে জল পৰী …। মুগ্ধতাৰে সি তাইলৈ চাই ৰ’ল। – জুনুকা, ডুবিব ধৰা বেলিটো আৰু নদীখন ….। আসহ্ল কি সুগন্ধিত লহমা, এয়া যেন আজীৱন এনেকৈয়ে থাকিব।
….
বছৰে বাগৰ সলায়। ব্যস্ততাই দিনবোৰৰ আয়ুস কাঢ়ি লয়। গাঁৱৰ নামঘৰত বছৰেকীয়া ভওনাবোৰত অনুপে কেইবাটাও ভাওৰ বচন আওৰায়। গাঁৱৰ আন ছোৱালীবোৰৰ লগলাগি জুনুকাই ভাওনাত ভাও লোৱা ভাৱৰীয়া সকলৰ বাবে মালা গাঁঠে, কাণফুলি-কুণ্ডল সাজে। দিনবোৰ নিজৰ গতিৰে আগবাঢ়ি যায়। নিজম দুপৰীয়া বোৰক জোকাই আবেলিটো পুৰঠ হয়। গো-ধূলি উৰুৱাই গৰুজাকে চিনাকী বাটেৰে বাট ধৰে। বাঁহীৰ মাত এটাই আঁত ধৰি ধৰি গোটেই নিশাটো নিচুকাই থাকে। নদীৰ গৰা খহে – মনৰো …।
….
ড০ অনুপ বৰুৱাই পুৱাই একাপ ফিকা চাহ খায়। এই কাপ চাহ তেওঁ নিজেই বনায়। তেওঁৰ বাবে পুৱাৰৰ এই চাহ কাপ আৰু বাতৰি কাকতখনৰ এক এৰাব নোৱাৰা সম্বন্ধ আছে। এই আমেজকণ তেওঁ হেৰুৱাব নোখোজে। প্ৰথমৰ পৰা শেষলৈকে কাকতখন পঢ়ে -আনিক শোক প্ৰস্তাৱলৈকে -। আজিও তাৰ ব্যতিক্ৰম নহ’ল। কিন্তু এয়া দেখোন – এঠাইত ….। তেওঁ ৰৈ গ’ল, জুনুকা ফুকন হাতীবৰুৱাৰ পৰলোক প্ৰাপ্তিৰ খবৰ …..। অনুপ বৰুৱাই চচ্মাজোৰ খুলি ভালদৰে মোহাৰি আকৌ পঢ়ি চালে – হয়, এয়া যে তেওঁৰ শৈশৱ, কৈশোৰ, যৌৱনৰ লগৰী জুনুকাৰ মৃত্যুৰ বাতৰি। জুনুকা গ’লগৈ…। বৰুৱাই কাঠৰ চকীখনৰ হাতল দুডালত দুহাতেৰে খামুচি ধৰিলে।
………………………………………..

“চ’ততে কান্দিলে চতোৱা চৰায়ে
গছৰ গুটি খাবলৈ পাই,
আমি সমনীয়াই বিহু নাম জুৰিলো
বিহু অহাৰ বাতৰি পায়।”
গাঁৱৰ ইমূৰ – সিমূৰ ঢোলৰ গোম-গোমনিত ৰজনজনায়। আটাইমখা ল’ৰা ছোৱালীয়ে চ’তৰ পোন্ধৰ দিন যোৱাৰ পৰাই হুচৰিৰ আখৰা কৰিবলৈ আৰম্ভ কৰে। গাঁওখনক সিঁহতমখাই এখন আদৰ্শ গাঁৱৰ ৰূপ দিব খোজে। নামঘৰৰ সীমাৰ বকুল, শিলিখা গছ কেইডালত থোপাথোপে কপৌফুল, ভাটৌফুল বোৰ প্ৰকৃতিৰ অযুত সম্ভাৰেৰ চহকী হৈ উঠে। বিহুনামেৰে মুখৰিত হৈ উঠে চৌপাশ -। গাঁওবুঢ়াৰ চোতালত উৰুকাৰ দিনা সন্ধিয়ালৈ আৰম্ভ হয় হুচৰি পৰ্ব। ঢোলৰ মাতত গাঁওবাসী ডুবি থাকে দুপৰ ৰাতিলৈ -। বৰতাল-বৰকাঁহৰ শব্দই আঁটি – বান্ধি পেলায় সকলোকে। কোনো এখন বিহু মঞ্চই বাদ নপৰে, সকলোতে অবাধ দখল। নিয়ৰ, অমল. অনুপ. সিদ্ধাৰ্থ, কৰবী, বকুল. জুনুকা, পাহি, — আটাইমখা উবুৰি খাই পৰে এই সমৰত। সফলতা, প্ৰশংসাই সিহঁতৰ মনবোৰ উদ্বেলীত কৰি ৰাখে।
সময়ৰ আহ্বানত আটাইবোৰ ব্যস্ত হৈ পৰে নিজ নিজ জগতত। কলেজীয়া শিক্ষা সাং কৰি অনুপ বিশ্ববিদ্যালয়লৈ যায়…। তাৰ মাজতে গাঁৱৰ দুজনীমান ছোৱালীৰ বিয়াৰ খবৰবোৰ মাজে সময়ে অনুপে পাই থকে। সি স্নাতকোত্তৰ ডিগ্ৰী লোৱা বছৰতে জুনুকাৰো বিয়া ঠিক হৈছিল। গোলাঘাটৰ ফালে দৰাৰ ঘৰ। সেইবছৰ অনুপে নতুন চাকৰিত যোগদান কৰিছিল। জুনুকাই বিয়ালৈ আহিবলৈ টানি অনুৰোধ কৰা সত্বেও সি নতুন চাকৰিৰ বাবে আহিব পৰা নাছিল। পিছত গাঁৱৰ ঘৰলৈ আহোঁতে নিয়ৰেহে কৈছিল – জুনুকাই বিয়াৰ আগতে অনুপক এবাৰ লগ পাবলৈ বৰ ইচ্ছা কৰিছিল। – কিয় বা· কিয় বিচাৰিছিল বাৰু তাই -· সিও তাইক লগ ধৰি কথাষাৰ সুধিবলৈ আহৰি উলিয়াব নোৱাৰিলে -। পৰিয়াল, সন্তান, চাকৰিৰ ব্যস্ততাত জুনুকা নামৰ শৈশৱৰ সহচৰীজনী ইমান দিনে ক’ৰবাত হেৰাই থাকিল। সঁচাই, ব্যস্ততাৰ কোলাহলত মখিমুৰ হৈ যায় কিছুমান হেঁপাহ। এনে বহু সপোনৰ সমাধিতে আকৌ নতুন সপোনে পোখালি মেলি জীপলৈ উঠে।
অনুপহঁতৰ ঘৰত পুথিভঁৰাল এটা আছিল, দেউতাকৰ দিনৰে। দেউতাকে চহৰৰ ডাকঘৰত কাম কৰিছিল। ঘৰলৈ আহোঁতে প্ৰায়ে তেওঁ ল’ৰা-ছোৱালী হাললৈ কিতাপৰ টোপোলা আনিবলৈ পাহৰা নাছিল। ক্ৰমে ঘৰখনেই কিতাপৰ ঘৰ হৈ পৰিছিল। বাকী ল’ৰা-ছোৱালীবোৰে দুই-এখন কিতাপ পঢ়িবলৈ নিয়ে, অৱশ্যে ঘূৰাইয়ো দিয়ে। কাঞ্চন বৰুৱাৰ “অসীমত যাৰ হেৰাল সীমা” উপন্যাসখনৰ মাজতে অনুপে এশাৰি হাতে লিখা বাক্য পঢ়িবলৈ পাইছিল – “অনু, তুমি মোৰ চন্দন হ’বানে·” কোনে লিখিছিল·· কাৰ হাতৰ আখৰ আছিল·· ভাৱনাই ঢুকি পোৱাৰ আগতেই হেৰুৱাইছিল আঁত। কালৰ চকৰিত অৱগাহন কৰি আজি এই মুহূৰ্তত এহালি হৰিণী চকুলৈ তাৰ বৰকৈ মনত পৰিল। আৰু বুজি উঠিল সেই মুকুতাহেন আখৰ কেইটা জুনুকাৰে আছিল দেখুন। ড০ অনুপ বৰুৱাই ক্ষণিকতে অস্থিৰতা অনুভৱ কৰিলে আৰু দুচকুৰে অবিৰাম নিগৰিল দুধাৰি লোটক – কেৱল জুনুকাৰ বাবে।

০০০০০০

LEAVE A REPLY

Please enter your comment!
Please enter your name here