সম্পাদকীয়

0
139

দীপাংকৰ চেতিয়া, ৰেপন কুমাৰ চেতিয়া

ব’হাগ তোমাক স্বাগতম।
ওখ বিৰিষৰ ন-কুঁহিৰ দৰে ব’হাগতে পোখা মেলে সখিয়তী সপোন এটাই। যাউতিযুগীয়া অমিয়া সানি বুকুৱে বুকুৱে উজাই আহি অৱগাহন কৰে চিনাকী এই সপোনে। আৰু সপোনটো নিজেই এদিন এডাল গছ হয়। বাঢ়ি যায়।
গাঁৱৰ মানুহৰ কলিজাত শিপায় বহাগ। বিৰিষৰ ন-কুঁহি, কুলি-কেতেকীৰ কাতৰ কাকলী আৰু সুগন্ধি ফুলৰ সুবাসে গাঁৱৰ সহজ-সৰল মানুহেবাৰক কৰি তোলে উদ্বাউল, আৱেগৰ ভৰত দোঁ খাই পৰে প্ৰেমিক মানুহেবাৰ। ব’হাগৰ আয়োজন হয় ঘৰে ঘৰে। হৃদয়ে হৃদয়ে। বহাগ মানেইতো উন্মাদনাৰ একাঁজলি দিন, সুখ আৰু সমৃদ্ধিৰ ভঁৰাল। ভিন্ন ভিন্ন জাতি জনগোষ্ঠীৰে সমন্বিত বৃহৎ অসমীয়া জাতিটোক এক কৰি ৰখা এই ব’হাগক আদৰিবলৈ প্ৰতিজন অসমীয়াই মনৰ ভিতৰত সাজু কৰি তোলে একোখন নৈসৰ্গিক তোৰণ। গঢ়ি তোলে সমন্বয়ৰ সেতু।
পুৰুষোত্তম দাসৰ ভাষাৰে “শ্ৰীময়ী অসমীৰ শীতল বুকুত উছৱৰ মধু আলোড়ন”। সঁচাকৈ, এইয়া উছৱৰে বতৰ। ব’হাগ আহে উছৱৰ বতৰালৈ, চহা প্ৰাণত ৰং সিঁচিবলৈ। লঠঙা বিৰিখত কুঁহিপাতে পোহাৰ মেলি প্ৰকৃতিক যেনেকৈ সম্ভাৱনাময় কৰি তোলে তেনেকৈ প্ৰতিজন পুৰুষক কৰি তোলে উদ্যমী আৰু তোজোদীপ্ত। যেন এইয়াই বহাগৰ চৰিত্ৰ।
এই ব’হাগতে পালন কৰা হয় ৰঙালী বিহু। অনুভৱ কৰিলেই অজলা অসমীয়াৰ গা সাতখন-আঠখন কৰা এই বিহু সাতদিনকৈ পালন কৰাটো পৰম্পৰাগত নিয়ম। তাহানি গছতল বা পথাৰত ডেকা-গাভৰুৱে ভাগে ভাগে পালন কৰা বাপতিসাহোন এই বিহুটি প্ৰথম বাৰৰ বােব আনু‡ানিকভাৱে মুকলিকৈ পালন কৰা হৈছিল ১৬৯৬ চনত স্বৰ্গদেউ ৰুদ্ৰসিংহৰ দিনত ৰংঘৰৰ বাকৰিত।
সি যিকি নহওঁক এই ৰঙালী বিহু পালনক লৈ সম্প্ৰতি এক বিতৰ্কৰ সুচনা হ’লেও বিহু বিজতৰীয়া হ’ল বুলি গুণগুননি তুলিলেও আমি কিন্তু বিহুক উলাই কৰিব নোৱাৰো। অসমীয়াৰ জাতিৰ মেৰুদণ্ড স্বৰূপ এই বিহু জাতিটোৰ পৰিচায়ক, অসমীয়াৰ প্ৰাণ। গণ জীৱনৰ ই সাহ। সেয়েহে ইয়াৰ স্বকীয়তা, ইয়াৰ মাধুৰ্য আমি কেতিয়াও ম্লান পৰিবলৈ দিয়া উচিত নহ’ব।
৫৯ সংখ্যক ঘিলামৰা কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনৰ স্মৃতি গ্ৰন্থ ‘বহনা’ ৰ সম্পাদকৰ দায়িত্ব লৈ পলে পলে অনুভৱ কৰিছোঁ অভিজ্ঞতাৰ দুৰূহতা। প্ৰয়াস আছিল ঘিলামৰাবাসীৰ চিন্তা আৰু সৃষ্টি প্ৰতিফলিত হওক ‘বহনা’ ৰ পৃষ্ঠাত। কিন্তু সেই চিন্তা, সৃষ্টিৰ বীজ সিঁচি গজালি মেলালৈ যেন বহুযোজন বাটৰ ব্যাপকতা। তথাপি যিসকলৰ লেখনীৰে এই সংখ্যা ‘বহনা’ সমৃদ্ধ কৰিছে তেওঁলোকৰ ওচৰত কৃতজ্ঞ হৈ থাকিম। লগতে গঠনমূলক দিহা-পৰামৰ্শৰে উদ্গনি দিয়া প্ৰতিগৰাকী সু-হূদয়লৈ থাকিল আন্তৰিক ধন্যবাদ। ‘বহনা’ খন ছপা আখৰত প্ৰকাশ কৰি উলিওৱা ‘ঘিলামৰা প্ৰিন্টিং হাউচ’ৰ স্বতাধিকাৰী পৱন ফুকন (পিংকু)লৈও অশেষ ধন্যবাদ। লগতে এই সংখ্যা ‘বহনা’ৰ ই-সংস্কৰণৰ পৰিকল্পনা আৰু প্ৰস্তুত কৰি উলিওৱা চাও উৎপল ফুকন আৰু নৱ চেতিয়াক বিশেষভাৱে ধন্যবাদ জনাইছোঁ। সম্পাদনা সমিতিৰ প্ৰতিগৰাকী সদস্যৰ অকুণ্ঠ সহযোগক স্বীকাৰ কৰি অনিচ্ছাকৃত ভুলৰ মাৰ্জনা বিচাৰি সামৰিছোঁ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here