সন্ধিক্ষণৰ আবেগ আৰু সাংস্কৃতিক খাদ্য

0
195

“আমাৰ দিনেই ভাল আছিল” – আমাৰ আগৰ চামে আমাৰ চামটোক কয় আৰু আমি কওঁ আমাৰ পাছৰটোক। এই প্ৰক্ৰিয়াটো সময়ৰেখাৰে উজাই গৈ ক’ত আৰম্ভ হৈছে তাক বিচাৰি সময় খৰচ কৰাতকৈ এই “ভাল”টোৰ ছন্দপতন কিয় আৰু কেতিয়া হ’বলৈ আৰম্ভ কৰিলে তাক খুঁচৰি চোৱাটোহে বেছি প্ৰয়োজনীয় হ’ব। অতীতক সদায় ৰঙীন চশমাৰে চোৱা যায় বুলি কোৱা কথা এষাৰ আছেই। নিজৰ সময়খিনিক ভাল বুলি কোৱাৰ পক্ষপাতদুষ্টতাখিনি আঁতৰাই নোথোৱাকৈও মোৰ ভাব হয় দেউতাহঁতৰ দিনবোৰ আমাৰবোৰতকৈ যেন বেছি ভাল আছিল। গাড়ী-মটৰ, কম্পিউটাৰ,ম’বাইল ফোন, ইণ্টাৰনেট আদি আধুনিক জীৱনশৈলীৰ অপৰিহাৰ্য সঁজুলিবোৰ দেউতাহঁতৰ দিনবোৰততো নকওঁৱেই আমাৰ জীৱনৰো এটা অংশলৈ উপলব্ধ নাছিল। কিন্তু এনে কি আছিল যাৰ বাবে “আমাৰ দিনেই ভাল আছিল” বুলি দেউতাহঁতে কোৱা কথাষাৰ আমি কোৱাষাৰতকৈ অলপ যেন বেছি সঁচা তেনেদৰে ভাবিবলৈ মন যায়। দেউতাহঁতে ম’হৰ নাঙলেৰে হাল বাইছিল, নদীৰ তলিত কচুগছ পুতি থৈ ডুব মাৰি কোনে আগতে আনিব পাৰে তাৰ প্ৰতিযোগিতা পাতিছিল, নদী বা ঘৰৰ আগত থকা পুখুৰীটোৰ পৰা ভাতসাঁজৰ লগত খাবলৈ মাছ মাৰিছিল, বেছি হোৱা মাছকেইটা কাষৰ ঘৰত বিলাইছিল, বছৰেকৰ মূৰত ভাওনা পাতিছিল, সকাম-নিকাম হ’লে গোটেইখন উবুৰি খাই পৰি গৃহস্থক উপযাচি সহায় কৰিছিল। এক কথাত প্ৰকৃতি আৰু মানুহ যেন একেডাল সূতাৰে বান্ধ খাই আছিল।
আমাৰ বাবে দেউতাহঁতে হালখন বা মাছ মাৰিবলৈ জালখন আগবঢ়াই নিদিলেও কিন্তু প্ৰায় অনুৰূপ প্ৰক্ৰিয়া এটা আমাৰ জীৱনলৈ অহাত বাধা দিয়া নাছিল। এইযে আমাৰ জীৱনত চলি থকা এই প্ৰক্ৰিয়াটো, লাহে লাহে আমি ডাঙৰ হৈ অহাৰ লগে লগে নাচ-গান,নাটকৰ দৰে সাংস্কৃতিক ক্ষেত্ৰলৈ বিয়পি গ’ল। নিজে গান নাগালেও গানৰ লগত সংগত কৰিবলৈ বাদ্যযন্ত্ৰ বজাবলৈ শিকা, গানটো ভাল কৰিবলৈ দিন দিন ধৰি ৰিহাৰ্ছেল কৰা, নিজে অভিনয় নকৰিলেও নাটকৰ বাবে আবহ সংগীত কৰা, পেণ্ডেল সজা, চকী-মেজ কঢ়িওৱা, ঘৰত কেতিয়াও কোৰ-কটাৰী ধৰিবলগীয়া নোহোৱা আমিবোৰে দা-কটাৰী লৈ ছেটিংছ সজা ইত্যাদি কামবোৰৰ মাজেৰে তেতিয়ালৈকে বিদ্যালয়ত নিশিকা নেতৃত্বৰ গুণ, ব্যৱস্থাপনাৰ ধাৰণা, কৰ্মসংস্কৃতি, ভাতৃত্ববোধ, ডাঙৰক সন্মান কৰা ইত্যাদি কথাবোৰ শিকিবলৈ পাইছিলোঁ। ছোৱালী এজনীক ‘মাল’ বুলি নাভাবি নিজৰ বাই!ভনীৰ দৰে ভাবিবলৈ ব্যৱহাৰিক শিক্ষা স্কুলৰ কিতাপৰ পৰা পোৱা নাই– শিকিছোঁ গাঁৱৰ ল’ৰা-ছোৱালীমখাই মিলি কৰা নাটক, ভাওনা , নাচ-গান এইবোৰৰ পৰা। ঘৰখনৰ পৰা আৰম্ভ হোৱা যোগ্যজনক দিবলগীয়া সন্মানৰ শিক্ষা ওলাই আহি ব্যৱহাৰিক কৰ্ষণৰ সুবিধা পাইছিল অগ্ৰজ, অনুজেৰে ভৰা এইখন ক্ষেত্ৰতে।
এইযে সাংস্কৃতিক খাদ্যবোৰ যাৰ বাবে আমি নিজকে অলপ হ’লেও ‘মানুহ’ হৈ থাকিব পাৰিছোঁ বুলি ক’ব পৰা হৈ আছোঁ, হঠাৎ এটা চামৰ বাবে অখাদ্য হৈ পৰিল। আমাক দাদা বুলি মতা ক্লাছ এইট-নাইনৰ ল’ৰাই আমাৰ আগতে মদৰ দোকানত লাইন পাতিব পৰা হ’ল, চিগাৰেট লুকাই-চুৰকৈ খোৱাতকৈ আমাৰ মুখৰ আগতে খাব পৰা হ’ল, ছোৱালী এজনীক ভনীয়েকৰ দৰে দেখাতকৈ ‘মিয়া খলিফা’ বুলি ভাবিবলৈ আৰম্ভ কৰা হ’ল, টেবলেটৰ নিচাত ৰাস্তাত নচলাই ডিভাইডাৰত বাইক চলাব পৰা হ’ল। এই যে এটা চাম হঠাৎ অহা প্ৰাচুৰ্য আৰু পচন্দৰ আধিক্যৰ(abundance of choices) বান ৰোধিব নোৱাৰি উটি-ভাঁহি গ’ল, আমিবোৰে অলপ হ’লেও গৰ্ব কৰিব পাৰোঁ যে আমি খাবলৈ পোৱা সাংস্কৃতিক খাদ্যবোৰৰ কাৰণে এই বানে আমাক উটুৱাই লৈ যাব নোৱাৰিলে – যদিও এই বান সকলোৰে বাবেই আহিছিল। গান-নাচ, নাট-ভাওনা এইবোৰত অসাধাৰণ যোগাত্মক শক্তি থাকে। এই কথা যুগে যুগে মনিষীসকলে উপলব্ধি কৰি আহিছে আৰু নিজ নিজ কৰ্মক্ষেত্ৰত সফলতাৰে ব্যৱহাৰ কৰি আহিছে। শংকৰদেৱ-মাধৱদেৱে সৃষ্টি কৰা গীত,নৃত্য,নাট,ভাওনাবোৰ সেইবাবে ঈশ্বৰত্ব প্ৰাপ্তিৰ বাট বুলি ভবাতকৈ আমাৰ দৰে অলপ যুক্তিবাদীসকলে মানুহৰ মানৱতা জগোৱা অস্ত্ৰ বুলি ভাবিবলৈ ভাল পাওঁ। নামঘৰক মন্দিৰ বুলি ভবাতকৈ সমাজখন একগোট কৰি ৰখা আঠা বুলি ভাবিবলৈ ভাল পাওঁ।
সি যি কি নহওক – এই যে ধৰ্ষণৰ দৰে সাম্প্ৰতিক সমস্যাবোৰ, যাক লৈ আমি গভীৰভাবে চিন্তিত- কেৱল আইন প্ৰণয়নৰ দৰে ব্যৱস্থাই নিৰাময় কৰিব বুলি নধৰি সমাজৰ এটা অংশ হিচাপে আমিও সাংস্কৃতিক আন্দোলন এটা সৃষ্টি কৰিবলৈ আগবাঢ়ি অহাটো উচিত বুলি ভাবোঁ। মনত ৰখা উচিত আইন গণতন্ত্ৰৰহে অস্ত্ৰ, সমাজতন্ত্ৰৰ নহয়। আমি ভাবোঁ গাওঁবোৰত নাটক হওক, ভাওনা হওক – কিন্তু এইযে অবাটে গ’ল বুলি ভাবি লোৱা ল’ৰা-ছোৱালীবোৰ – তেওঁলোককো মাতি আনি এই প্ৰক্ৰিয়াত জড়িত কৰা হওক, ব্যৱস্থাপনাৰ দ্বায়িত্ব দিয়া হওক।

তাৎক্ষণিক স্নায়ুজড়িত উত্তেজনাৰ বশৱৰ্ত্তী হৈ কৈশোৰ/যৌৱনৰ সন্ধিক্ষণত কৰিবলৈ মন যোৱা কামবোৰ, প্ৰয়োজনীয় সামাজিক বাধাবোৰ স্বাধীনতাৰ শিকলি বুলি অহা ভাববোৰ- সুন্দৰ ভৱিষ্যত এটাক লাহে লাহে নিজৰ অলক্ষিতে আঁতৰাই নি থকা ফাগুণৰ পছোৱাৰ দৰে- ভাল লগা, মন প্ৰাণ উদ্বেলিত কৰিব পৰা- কিন্তু মাৰাত্মক ৰোগৰ বিজাণুও কঢ়িয়াই অনা বিধৰ।

শিক্ষক তথা পিতৃ-মাতৃয়ে দিয়া নৈতিক শিক্ষাৰ ব্যৱহাৰিক কৰ্ষণৰ বহল পথাৰ এই অগ্ৰজ-অনুজেৰে ভৰা সাংস্কৃতিক ক্ষেত্ৰখনত তেওঁলোকে লাভ কৰক মানুহ হৈ থকাৰ শিক্ষা।
তেতিয়া অন্ততঃ আমি যেনেদৰে আমাৰ দিনেই ভাল আছিল বুলি আমাৰ পিছৰ চামক গল্প শুনাব পাৰিছোঁ তেওঁলোকেও পিছৰ চামটোক গল্প শুনাই থাকিব পাৰিব- সঁচা অৰ্থত তেওঁলোকৰ দিনবোৰ ভাল আছিল বুলি।

LEAVE A REPLY

Please enter your comment!
Please enter your name here