সকলো হেৰুৱায়ো শ্ৰমেৰে পৃথিৱী সেউজ কৰা মানুহবোৰ

0
81

ড০ নিবুল কুমাৰ গগৈ (লেখক গুৱাহাটী বিশ্ববিদ্যালয়ৰ মনোবিজ্ঞান
বিভাগৰ প্ৰাক্তন অংশকালিন প্ৰবক্তা, চিকিৎসক)

 

দুহেজাৰ পোন্ধৰ চনতে ভাৰতবৰ্ষৰ উচ্চতম ন্যায়ালয়ে অৰুণাচল প্ৰদেশত বসবাস কৰি অহা চাকমা আৰু হাজং শৰণাৰ্থী সকলক ভাৰতীয় নাগৰিকত্ব প্ৰদানৰ নিৰ্দেশ দিছিল। ন্যায়ালয়ৰ ৰায় অনুসৰি এই বছৰ চেপ্তেম্বৰ মাহৰ তেৰ তাৰিখে কেন্দ্ৰীয় চৰকাৰে অৰুণাচল প্ৰদেশত বসবাস কৰা শৰণাৰ্থী সকলক ভাৰতীয় নাগৰিকত্ব প্ৰদানৰ সিদ্ধান্ত গ্ৰহণ কৰে। অশেষ কষ্ট আৰু দুখ যাতনাৰে জীৱন কটোৱা এই দুৰ্ভগীয়া মানুহ খিনিয়ে দশক দশক ধৰি নিজৰ অধিকাৰ সাব্যস্ত কৰাৰ বাবে প্ৰচেষ্টা চলাই আহিছিল। অৱশেষত ৰাষ্ট্ৰীয় পৰ্যায়ৰ কেইটামান সংগঠনৰ যৌথ প্ৰচেষ্টাত তেওঁলোকে অৰুণাচল প্ৰদেশত ভূমিৰ অধিকাৰ নাপালেও ভাৰতীয় নাগৰিকত্ব লাভ কৰাৰ পথ সুগম হ’ল।
বৰ্তমান পৃথিৱীজুৰি চলি থকা শৰণাৰ্থী আৰু প্ৰবৰ্জনকাৰী সকলৰ দুখ-যন্ত্ৰণাৰ ছবিবোৰ দেখিলে, প্ৰাণৰ মায়াত দেশ এৰি অত্যন্ত বিপদ সংকুল পথেৰে কোলাত পানী কেচুৱা লৈ অন্য দেশলৈ ঢাপলি মেলা মানুহৰ ছবিবোৰ দেখিলে, বহুতৰে বোধহয় গাৰ নোম শিয়ৰি উঠে। তেওঁলোক এইখন পৃথিৱীৰে মানুহ, কিন্তু তেওঁলোকৰ বাবে যেন দেশ নাই। য’ত তেওঁলোক বসবাস কৰে, তাত তেওঁলোকৰ নাগৰিকত্ব নাই। কোনোবা দেশত হয়তো তেওঁলোক স্বাস্থ্য, শিক্ষা, নিৰাপত্তা আদি কিছুমান মৌলিক সুবিধাৰ পৰাও বঞ্চিত। ইতিমধ্যে তেওঁলোকে সকলো হেৰুৱাই পেলাইছে। জীয়াই থকাৰ তাড়নাত, প্ৰাণৰ মায়াত বা এটা উন্নত আৰ্থিক বা স্বচ্ছল জীৱনৰ আশাত বন্দী তেওঁলোকৰ জীৱন। এইবোৰৰ উপৰিও বিভিন্ন ৰাজনৈতিক আৰু ধৰ্মীয় কাৰণতো যুগ যুগ ধৰি বাস কৰি অহা তেওঁলোকৰ মৰমৰ গাঁওখন বা দেশখন এৰি থৈ আহিছে বা তাৰ পৰা বিতাড়িত হ’ব লগা হৈছে। বিতাড়িত হোৱাৰ পিছত অন্য এখন দেশত কেনেবাকৈ থিতাপি ললেও তাতো তেওঁলোকে যে সেই দেশৰ নাগৰিকে লাভ কৰা সুবিধা সমূহ পাব বা সন্মান সহকাৰে জীয়াই থাকিব পাৰিব তাৰ কোনো নিশ্চয়তা নাই।
Sir John Hope Simpson এ শৰণাৰ্থী সকলৰ বিষয়ে কৈছিল- “One who left his country of regular residence, of which he may or may not be a national, as a result of political events in that country which rendered his continued residence impossible or intolerable, and taken refuge in another country. … The term political in the description is used in a sense of wide enough to include religious conditions.”। বিভিন্ন কাৰণত অত্যাচাৰৰ বলি হৈ পূব পাকিস্তানৰ বৰ্তমান বাংলাদেশৰ পাৰ্বত্য অঞ্চল ছিটাগঙৰ পৰা আৰু কাপটাই নদী বান্ধৰ বাবে নিজৰ মাটি ভেটি হেৰুৱা চাকমা আৰু হাজং সকলে বৰ্তমান মিজোৰামৰ লুছাই পাহাৰ জিলাইদি আহি ভাৰতবৰ্ষত প্ৰবেশ কৰিছিল। প্ৰথমে অসম আৰু বংগদেশত তেওঁলোক আশ্ৰয় গ্ৰহণ কৰিছিল। কিন্তু পিছত কেন্দ্ৰীয় চৰকাৰে চাকমা আৰু হাজং সকলক নেফাত অৰ্থাৎ বৰ্তমানৰ অৰুণাচল প্ৰদেশত আশ্ৰয় দিছিল। বৌদ্ধ ধৰ্মালম্বী চাকমা আৰু হিন্দু ধৰ্মাৱম্বী হাজং সকলৰ, সচৰাচৰ হোৱাৰ দৰে এই দেশৰ বায়ু পানীৰ লগত মিলি গৈছিল আৰু আবেগিক ভাৱেও জড়িত হৈ পৰিছিল।
¦³¨লীয়া জীৱনত দেখিছিলো বৰ্তমানৰ লক্ষীমপুৰ আৰু ধেমাজি জিলাৰ অ’ত তত দুই এখন হাজংসকলৰ গাঁও। সৰহভাগৰে খেতি কৰাৰ বাবে কৃষিভূমি নাছিল। সেয়ে তেওঁলোকে জীয়াই থাকিবৰ বাবে কঠোৰ পৰিশ্ৰম কৰিব লগা হৈছিল। মহিলা সকলে নুন্যতম হাজিৰাত মানুহৰ ঘৰে ঘৰে কাম কৰিছিল। ধান মাৰিছিল। ঢেঁকীত ধান বানিছিল। কৃষিভূমি বেছি থকা মানুহৰ পথাৰত ভুঁই ৰুই পথাৰবোৰ সেউজীয়া কৰিছিল। নগৰ অঞ্চলত সৰু সৰু ভাড়াঘৰ লৈ বিয়া-সবাহবোৰত পুৱাৰ পৰা পুৱতি নিশালৈকে হাড়ভগা পৰিশ্ৰম কৰিছিল। পুৰুষ সকলেও পেটৰ ভাতমুঠিৰ বাবে কঠোৰ পৰিশ্ৰম কৰিছিল। যেন পৰিশ্ৰম কৰিবলৈকে তেওঁলোকৰ জীৱন। ইমানৰ পিছতো মোৰ ভাৱ হৈছিল এই নিৰ্জু সৰল ছল-চাতুৰী নজনা মানুহখিনি যেন তেওঁলোকৰ জীৱনক লৈ সুখী আছিল। তেওঁলোকৰ মাজত প্ৰৱল আত্মসন্মানবোধ আছিল। কাৰণ তেওঁলোকৰ মাজত চুৰি, ডকাইতি, হত্যা, ধৰ্ষণ, অপহৰণ আদি অপৰাধজনক ঘটনাৰ কথা মই শুনা নাছিলো।
বাল্য কালৰে পৰা বিভিন্ন ঋতুত কিছু বেলেগ বেলেগ ৰূপত দেখা অৰুণাচল প্ৰদেশৰ সেউজীয়া পৰ্বতমালাৰ অপৰূপ শোভাই চিত্তাকৰ্ষণ কৰি আহিছিল। সেয়ে নৱম শ্ৰেণীত পঢ়ি থাকোতে আঘোণ মাহৰ এটা ৰাতিপুৱা ঘৰৰ পৰা ত্ৰিশ-পঁয়ত্ৰিশ কিলোমিটাৰ দূৰত অৱস্থিত অৰুণাচল প্ৰদেশৰ পাহাৰ চোৱাৰ মানসেৰে পুৱাই চাইকেল লৈ ওলালো এজন বন্বুূৰ লগত। মনতে ভাবিলো জীয়াঢল নদীৰ মুখলৈকে যাম আৰু ডাঙৰ পৰ্বত বগাব নোৱাৰিলেও সমতলৰ গাতে লাগি থকা সৰু পাহাৰ এটাকে বগাই আহিম। বন্বুূজনৰ লগত আঘোণ মাহৰ শুকান বাটেদি বৰ্তমান ধেমাজি জিলাৰ বৰদলনি হৈ উত্তৰলৈ গৈ আছো। ৰাস্তাত জনবসতি কম থকা দুই এখন গাঁও। যিমানে গৈ আছো সিমানে জনবসতি পাতল হৈ গৈ আছে। বহু দূৰৈত এখন দুখন গাঁও। আঠ কিলোমিটাৰ মান যোৱাৰ পিছত আৰম্ভ হ’ল জীয়াঢল নদীয়ে বালিৰে পুতি সৃষ্টি কৰা বিস্তীৰ্ণ শুকান পথাৰ। অত তত দুই এজোপা বিৰিণাৰ গছ, চেলেকা চুবুৰীয়াকৈ গজা খেৰ জাতীয় তৃণেৰে ভৰা পথাৰ খন অৰুণাচল প্ৰদেশৰ পৰ্বতৰ তলত গৈ শেষ হৈছেগৈ। কিন্তু আচৰিত হ’লো সেই শুকান বালিৰ মাজত হাজং মানুহৰ এখন ডাঙৰ গাঁও। খেৰৰ অভাৱত ঘৰৰ ছালবোৰ বিৰিণা আৰু খাগৰিৰ পাতেৰে ছোৱা। ঘৰবোৰৰ চৌহদত ওখ ওখ ভীম কল, আতলাচৰ গছ। ঠিক গাঁওখনৰ সোমাজ পাওঁতেই মোৰ চাইকেলখনৰ চেইনডাল চিঙি থাকিল। বন্বুূজনে ঘৰলৈ ঘূৰি যোৱাৰ কথা ক’লে। মই ক’লো বাকী থকা দহ কিলোমিটাৰ পথ খোজ কাঢ়ি হ’লেও যাম। বন্বুূজন মোৰ প্ৰস্তাৱত মান্তি হ’ল। চাইকেল দুখন হাজং মানুহ এঘৰত থৈ আমাৰ উদ্দেশ্যৰ কথা ক’লো আৰু ঘূৰি যাওঁতে চাইকেল দুখন লৈ যাম বুলি ক’লো।
পিছৰ পদব্ৰজে কৰা যাত্ৰাটোত এনেকুৱা লাগিছিল যেন, আমি পাহাৰ চোৱাৰ এক উত্তেজনা আৰু বুজাব নোৱাৰা আনন্দত যিমানে খৰ খৰকৈ খোজ কাঢ়িছো পাহাৰটোৰ ফালে, সিমানে পাহাৰটো যেন আমাৰ পৰা আঁতৰি গৈ আছে। দহ কিলোমিটাৰ পথ শেষ নহবই যেন লাগিছিল। ইতিমধ্যে বেলি লহিয়াইছিল। অৱশেষত আমি আমাৰ গন্তব্যস্থান পালোগৈ। খৰালি কালত জীয়ঢল নদীৰ ধক্ধকীয়া নানা ৰঙৰ শিলেৰে ভৰা পানীত নামি চালো। যেন এক যুদ্ধ জয়ৰ আনন্দ। হাতত সময় কম থকাৰ বাবে সৰু পাহাৰ এটা কিছুদূৰ বগাই নামি আহিলো। নদীৰ মুখতে থকা আপাতানি মানুহজনৰ বাঁহৰ চাঙৰ হোটেল খনত চাহ খালো। মানুহজনে আমাক বিনা পইচাই স্থানীয় এবিধ ফল খাব দিলে। ওভতনি যাত্ৰা আৰম্ভ কৰি যেতিয়া চাইকেল থোৱা হাজং মানুহঘৰ পাওঁ, তেতিয়া সন্ধিয়া ভাগি আন্ধাৰ হৈছিল। মানুহজনে আমাক ঘৰৰ ভিতৰলৈ মাতি লৈ গ’ল। বহিবলৈ একো নথকাত, ঘৰত থকা একমাত্ৰ বাঁহৰ বিচনাখনতে বহিব দিলে। ইতিমধ্যে আমাক ভোক পিয়াহ ভাগৰে আবৰি ধৰিছিল। ঘৰখনলৈ মন কৰিলো দু-কোঠলীয়া সৰু ঘৰটোৰ ছালৰ মাজেদি আকাশৰ তৰা দেখা হ’লেও বেচ পৰিস্কাৰ, চাফ চিকুণ। মানুহ গৰাকীয়ে ধক্ধকীয়াকৈ চাফা কৰি থোৱা চচ্পেন এটাৰ পৰা উতলাই ঠাণ্ডা কৰি থোৱা দুগিলাচ গৰুৰ গাখীৰ দিলে আমাৰ দুয়োকে। মানুহজনে ভীমকল খাবলৈ দিলে। তেওঁলোকৰ পোহনীয়া গৰু নাই যদিও মানুহজনে বোলে ওচৰৰ গাঁওখনৰ পৰা আধাসেৰ গৰুৰ গাখীৰ কিনি আনিছিল আমাৰ বাবে। খাই উঠাৰ পিছত মানুহজনে ক’লে “এতিয়া আন্ধাৰ হ’ল। তোমালোকৰ ঘৰ বহু দূৰৈত। যদি বেয়া নোপোৱা দুখে কষ্টেৰে আজি ৰাতিটো আমাৰ ঘৰতে থাকি যোৱা।” মই অভিভূত হৈ পৰিছিলো কোনোদিন চিনি জানি নোপোৱা এজন সৰল মানুহৰ অকৃত্ৰিম নিঃস্বাৰ্থ মৰম আৰু আতিথ্যত। মই বিনয়ৰে ক’লো যে অলপ দূৰৰ গাঁও এখনত বন্বুূজনৰ বৰদেউতাকৰ ঘৰ আছে। আজি ৰাতি তাতে গৈ থাকিমগৈ। কিয়জানো, সেই সৰল দৰিদ্ৰ হাজং দম্পতীৰ নিঃস্বাৰ্থ মৰম আতিথ্যৰ কথা মই এতিয়াও পাহৰিব পৰা নাই। জীৱন বাটত যেতিয়াই ভীষণ ভাৱে স্বাৰ্থপৰ মানুহবোৰ লগ পাওঁ তেতিয়াই মোৰ তেওঁলোকলৈ মনত পৰে। সেই ঘটনাটো ঘটাৰ কেইবা বছৰ পাৰ হৈ গ’ল। ইতিমধ্যে মই ¦³¨লীয়া শিক্ষা শেষ কৰি চহৰৰ কলেজত পঢ়িবলৈ আহিলো। এদিন খবৰ পালো সেই গাঁওখনত এঘৰো মানুহ নাই। অসম আন্দোলনৰ সময়ত গাঁওখনৰ সকলো ঘৰ কোনোবাই জলাই দিলে। মানুহবোৰ প্ৰাণৰ মায়াত অৰুণাচললৈ পলাই গ’ল।
ত্ৰিপুৰাত ৰজাৰ শাসন চলাৰ সময়ত লুছাই, মোঘ, কুকি, চাকমাকে ধৰি ঊনৈশটা জনজাতিৰ বসতি আছিল। হাজংসকল কুকি জনজাতিৰ উপজনজাতি আছিল। ১৯৪৯ চনৰ পোন্ধৰ অক্টোবৰত ত্ৰিপুৰা, ভাৰতীয় গণ ৰাজ্যৰ লগত চামিল হৈছিল। এই চামিল প্ৰক্ৰিয়াৰ আগতে সুদীৰ্ঘ তেৰশ বছৰ ধৰি ত্ৰিপুৰাত ৰাজ শাসন চলিছিল। ৰজা সকলে ত্ৰিপুৰাৰ অৰ্থনৈতিক বিকাশৰ কথা চিন্তা কৰি বংগৰ পৰা অহা প্ৰব্ৰজনকাৰী সকলক ত্ৰিপুৰালৈ অহাত উদ্গনি যোগাইছিল। যাতে তেওঁলোকে হাল বাই আদ্ৰ ভূমিবোৰত ধানৰ খেতি কৰিব পাৰে। কিয়নো ভূমিপুত্ৰ সকলৰ গৰিষ্ঠ সংখ্যকে জুম খেতিহে কৰিছিল। ইয়াৰ উপৰিও ৰজাসকলে দেশৰ প্ৰগতিত প্ৰব্ৰজনকাৰীসকলৰ লগত যোৱা শিক্ষক, চিকিৎসক, আইনবিদ, অন্যান্য অসামৰিক লোক সকলৰ অৰিহণাৰ কথাও ভালদৰে উপলব্ধি কৰিছিল। তাৰোপৰি দেশ বিভাজনৰ সময়ত পূব পাকিস্তানৰ পৰা অৰ্থাৎ বৰ্তমানৰ বাংলাদেশৰ পৰা এক বৃহৎ সংখ্যক মানুহ আহি ত্ৰিপুৰাত থিতাপি লৈছিল। সেই সময়ত শৰণাৰ্থী সকলে ভাৰত চৰকাৰৰ পৰা সহায় পোৱাৰ উপৰিও তেওঁলোকৰ বাবে পয়সত্তৰ টা পুনৰ সংস্থাপন কলনি স্থাপন কৰি দিছিল। আৰু ত্ৰিপুৰা চৰকাৰে নিজৰ ফালৰ পৰা একচল্লিশটা পুনৰ সংস্থাপন কলনি স্থাপন কৰিছিল। এসময়ত দেখা গ’ল যে ত্ৰিপুৰাৰ জন গাঁথনিৰ আমূল পৰিবৰ্তন ঘটিল। ১৯৬০ চনত ভূমিপুত্ৰ সকলৰ স্বাৰ্থত ভূমি সংশোধনী আইন বলবৎ কৰাৰ পিচতো আইনখনত থকা কিছুমান সুৰুঙাৰ বাবে আৰু বিভিন্ন কাৰণত ভূমিপুত্ৰ সকলৰ ভূমি আনৰ হাতলৈ গ’ল। এনেদৰে এসময়ত ভূমিপুত্ৰ সকল সংখ্যালঘুত পৰিণত হ’ল (“Refugee Rehabilitation and Its impact on Tripuraক্সs Economy” – Gayatri Bhattacharyya)।
এটা কথা ঠিক যে শৰণাৰ্থী সকলে এখন দেশৰ অৰ্থনৈতিক বিকাশত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব পাৰে। এওঁলোকে দেশ এখনৰ বাবে প্ৰয়োজনীয় দক্ষ আৰু সাধাৰণ শ্ৰমিকৰ উৎস হৈ পৰাৰ উপৰিও কৃষি কাৰ্য্যৰ পৰা উদ্যোগলৈকে আনকি কুটীৰ শিল্প উদ্যোগৰ বিকাশতো অৰিহণা যোগাব পাৰে। কিন্তু শৰণাৰ্থী সকলৰ জনসংখ্যা বিস্ফোৰণে এখন দেশৰ জনগাঁথনি, ভাষা, সংস্কৃতি, পৰম্পৰা আদিত প্ৰভাৱ পেলায়। দেশখনৰ ভূমিপুত্ৰ সকলৰ স্বাৰ্থ বিঘ্নিত হোৱাৰ উপৰিও তেওঁলোকৰ অস্তিত্বৰ প্ৰতি শংকা কঢ়িয়াই আনে। এনেবোৰ কাৰণতে শৰণাৰ্থী আৰু ভূমিপুত্ৰ সকলৰ মাজত বিভিন্ন সংঘাতৰ সৃষ্টি হয়। কেইবাটাও কাৰক ঃ এফালে জীৱশ্ৰেষ্ঠ মানুহ হিচাবে দুৰ্গত দুৰ্ভগীয়া শৰণাৰ্থী সকলৰ প্ৰতি দেশখনৰ নাগৰিক সকলৰ স্বভাৱজাত মানৱীয় দৃষ্টিভংগী, আনফালে দেশৰ ভূমিপুত্ৰসকলৰ স্বাৰ্থ সুৰক্ষা আৰু তেওঁলোকৰ ভবিষ্যত অস্তিত্বৰ প্ৰতি ভাবুকি। এফালে এখন দেশৰ নাগৰিকৰ জনমত আৰু আনফালে দেশখনৰ আভ্যন্তৰীণ সুৰক্ষাৰ প্ৰশ্ন। এই সকলো মিলি বৰ্তমান বিশ্বব্যাপী জনবিস্ফোৰণ, সামাজিক, অৰ্থনৈতিক, ৰাজনৈতিক, ধৰ্মীয় আদি বিভিন্ন কাৰণত সৃষ্টি হোৱা শৰণাৰ্থী আৰু প্ৰব্ৰজনকাৰীৰ সমস্যাটোৱে যেন লাহে লাহে অদূৰ ভবিষ্যতে আৰু অধিক জটিল ৰূপ ধাৰণ কৰিব তাৰেই ইংগিত বহন কৰিছে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here