সংস্কৃতিৰ পৰা অপ-সংস্কৃতিলৈ

0
145

হৰ্ষবৰ্ধন- 

অষ্টম শ্ৰেণী, ভেলী ভিউ স্কুল, লখিমপুৰ

 

আমাৰ অসমীয়া জাতিৰ জাতীয় উৎসৱ তিনিটা। এই তিনিটা বিহুৰ প্ৰত্যেকটোৰে নিজৰ-নিজৰ কিছু সুকীয়া বৈশিষ্টও আছে। যেনে-
(১) মাঘযভোগালী বিহু ঃ- ইয়াৰ নামৰ পৰাই গম পোৱা যায় যে এই বিহু উদ্‌যাপন কৰাৰ সময় মাঘ মাহ। এই বিহু ভোগ কৰাৰ বাবে ইয়াক ভোগালী বিহু নামেৰেও জনা যায়। এই বিহু চহা অসমীয়া ৰাইজৰ বাবে অতি আদৰৰ। পৰম্পৰা অনুসৰি চহা অসমীয়া খেতিয়ক ৰাইজে পথাৰৰ ধান কাটি ভঁৰালত ভৰোৱা শেষ হ’লে এই বিহুৰ উৰুকাৰ নিশা ভেলাঘৰ সাজি ভোজ ভাত খাই আনন্দ কৰে। বিহুৰ দিনা গা-পা ধুই, মেজি আৰু ভেলাঘৰ জ্বলাই চিৰা, পিঠা খাই বিহু উদ্‌যাপন কৰে।
(২) বহাগযৰঙালী বিহু ঃ- এই বিহু উদ্‌যাপনৰ সময় বহাগ মাহ। এই বিহুত চহা অসমীয়া ৰাইজে হুঁচৰি গাই আনন্দ কৰে বাবে ইয়াৰ অন্য এটা নাম ৰঙালী বিহু।
(৩) কাতিযকঙালী বিহু ঃ- এই বিহু উদ্‌যাপনৰ সময় কাতি মাহ। গতিকে ইয়াক কাতি বিহু নামেৰেও জনা যায়। এই বিহু উদ্‌যাপনৰ সময়ত পথাৰৰ ধানবোৰে গৰ্ভধাৰণ কৰে। গতিকে চহা গাঁৱলীয়া ৰাইজে চাকি-বন্তি জ্বলাই প্ৰাৰ্থনা কৰে যাতে খেতি ভাল হয়। এই বিহুত খেতিয়ক ৰাইজৰ অভাৱ-অনাটন হয় বাবে ইয়াক কঙালি বিহু নামেৰে জনা যায়।
থুলমুলকৈ এয়াই বিহুৰ পৰম্পৰা আৰু উদ্দেশ্য। কিন্তু বৰ্তমান যুগত ব্যক্তিগত চেনেলৰ TRP ৰ বাবে বিহু তিনিটাৰ মাজত কোনো পাৰ্থক্য নাইকিয়া কৰিছে। বিহুৰ ঐতিহ্য আৰু পৰম্পৰাক পাহৰনিৰ গৰাহলৈ ঠেলি দিছে। যাৰবাবে Facebook, Watsapp আদি গণমাধ্যম যোগে তীব্ৰ সমালোচনা আৰু প্ৰতিবাদৰ জোৱাৰ উঠিছে। গণমাধ্যমৰ বাদেও মোৰ কিছু এনে ব্যক্তিগত অভিজ্ঞতাও হৈছে তাৰে এটা লিখিলো। সেইদিনা আমাৰ ওচৰৰ বৰদেউতাক শিল্পীদিৱসৰ নিমন্ত্ৰণী পত্ৰখন লিখিবলৈ দিয়া হ’ল। তেখেতে পত্ৰখন আৰম্ভ কৰিলে ভোগালী বিহুৰ শুভেচ্ছাৰে। অনুস্থানটোৰ কৰ্মকৰ্তা সকলোৱে পঢ়িলে কিন্তু এজনে কলে ‘দাদা আপুনি এই ভোগালীৰ শুভেচ্ছা উঠাই লওক মোৰ বিহু শব্দটো শুনিলে বিতৃষ্ণা জাগে’। তাৰমানে ভাবি চাওক যে ব্যক্তিগত চেনেলসমূহে কি ধৰণৰ ভূমিকা বিহুৰ প্ৰতি গ্ৰহণ কৰিছে যে এজন অসমীয়াই নিজৰ চেনেহৰ বিহুৰ নামটো শুনিলেও বিতৃষ্ণা জগাৰ দৰে বিৰূপ মন্তব্য কৰিব লগা হয়। পৰম্পৰা মতে ভেলাঘৰত ভোজ-ভাত খাই আনন্দ কৰি ভেলাঘৰটো জ্বলাই দিয়া হয়। কিন্তু আজিকালি ৫-৬ লাখ টকীয়া ভেলাঘৰ সজা হয় যি অনৰ্থক। এই পাঁচ ছয় লাখ টকীয়া ভেলাঘৰ সজা সকলো কম প্ৰতিভাশালী লোক নহয়। এখেতসকলে যদি আন কিছু কামত নিজৰ প্ৰতিভাখিনি খটুৱালেহেঁতেন নিশ্চয় ভাল ফল পালেহেঁতেন। আগতে গাঁৱৰ ডেকা ল’ৰাসকলে দা-কুঠাৰ লৈ ভেলাঘৰ, মেজি আদি সাজিবলৈ যায়। মহিলাসকল নাযায়। কিন্তু আজিৰ দিনত সৰু ল’ৰা-ছোৱালীৰ পৰা আৰম্ভ কৰি আৱাল, বৃদ্ধা, বনিতালৈ সকলো যায়। আজিৰ দিনত মানুহে কেমেৰা দেখিলেই অদ্ভ³ত ধৰণৰ কিছু কাণ্ড কৰে যেনে- ভোগালী বিহুৰ উৰুকাৰ নিশা কান্ধত ঢোললৈ নচা, যেতিয়াই তেতিয়াই মহলাই কঁকাল ভাঙি নচা, দাৱনিয়ে পথাৰত ধান দাই থাকোতে বিহু নচা ইত্যাদি। আজিকালি মানুহে একেলগে মিলিজুলি ভোজ খোৱাৰ যি দৃশ্য দেখা পাও সি সম্পূৰ্ণ কৃত্ৰিম যেন অনুভৱ হয়। আজিৰ দিনত মানুহবোৰৰ মনবোৰ সংকীৰ্ণ হ’ল। মানুহবোৰ ইঘ-সিঘৰলৈ নোযোৱা হ’ল। বিহুবোৰ হৈ পৰিল সুৰাপায়ী গ্ৰাহকৰ বাবে টকা উৰুৱাৰ আৰু সুৰা ব্যৱসায়ীসকলৰ বাবে উপাৰ্জন দুগুন কৰাৰ উৎসৱ। আগৰ দিনত গাঁৱত প্ৰত্যেকঘৰ মানুহৰ চোতালত এযোৰ হুঁচৰি দেখা গৈছিল আৰু ঘৰৰ গৃহস্থইও হুঁচৰি যোৰাৰ পৰা আশীৰ্বাদ লৈ এটা আত্মসন্তুষ্টি লাভ কৰিছিল। কিন্তু বৰ্তমান গাঁৱত তেনে হুঁচৰিটো দেখিবলৈ নাইয়েই, আছে যদিও তেওঁলোকে গাঁৱৰ আঢ্যৱন্ত গৃহস্থৰ ঘৰলৈ যাবলৈহে বেছি ভাল পায়। আজিকালি সৰু-সৰু ল’ৰা-ছোৱালীবোৰে কেৱল পইছা তোলাৰ অৰ্থেহে গায়। আজিকালি উৰুকাৰ নিশা একেলগে ভোজ খোৱা ভেলাঘৰবোৰো হৈ পৰিৰল সুৰামM লোকৰ আড্ডা।
আজিকালি অসমীয়া মানুহে বৈদ্যুতনিক মাধ্যমত বিহু বজাই আনন্দ উল্লাস কৰে। গাঁৱৰ হুঁচৰিযোৰা এতিয়া নগৰমুখী হ’ল। আজিৰ পৰা প্ৰায় ৭০-৮০ বছৰ আগতে যিসকলে বিহুক প্ৰথম মঞ্চলৈ আনিলে তেওঁলোকৰ মূল উদ্দেশ্যটো আছিল ইয়াৰ প্ৰচাৰ আৰু প্ৰসাৰ। কিন্তু বৰ্তমান পৰিস্থিতি দেখি এনে অনুভৱ হয় যেন আমি মূল উদ্দেশ্যৰ পৰা বহুদূৰ ফালৰি কাটি গৈছো। আজিকালি গাঁৱলীয়া হুঁচৰিযোৰাই মানুহৰ ঘৰতকৈও ব্যৱসায়িক প্ৰতিস্থানতহে বিহু গাবলৈহে বেছি ভাল পায় কাৰণ তেওঁলোকৰ লাভ বেছি হয়। ইমানবোৰ কথা লিখিলো মাত্ৰ এটা কথা দেখুৱাবলৈকে যে সংস্কৃতিবোৰ অপসংস্কৃতিয়ে গ্ৰাস কৰিছে। আশাকৰো ব্যক্তিগত চেনেলবোৰে কথাবোৰ ভাবি চাব। ব্যক্তিগত চেনেলসমূহে বিহুক যাতে TRP ৰ কেন্দ্ৰবিন্দু হিচাবে গঢ়ি নোতোলে। কাৰণ ভূপেনদাই গাই গৈছে –
‘বহাগ মাথো এটি ঋতু নহয়
নহয় বহাগ এটি মাহ
অসমীয়া জাতিৰ আয়ুস ৰেখা
গণ জীৱনৰ ই সাহ’
আৰু এই বহাগক লৈ কোনোবাই ব্যক্তিগত স্বাৰ্থত হেঁতালি খেলিলে জ্যোতিপ্ৰসাদে কোৱা –
‘আছে হেংদাং লোৱা নাই
ল’লে কিন্তু ৰক্ষা নাই’ৰ দৰে অৱস্থা হ’ব। শেষত আশা কৰিছো এই ৰঙালীয়ে কঢ়িয়াই আনক অসমৰ সাংস্কৃতিক জগতলৈ নতুন আশাৰ বতৰা।
সহায়ক আলোচনী সমূহ ঃ-
১। প্ৰান্তিক – ১-১৫ এপ্ৰিল, ২০১৫ চন।
২। প্ৰান্তিক – ১৬-৩১ এপ্ৰিল, ২০১৫ চন।
৩। প্ৰান্তিক – ১-১৫ এপ্ৰিল, ২০১৮ চন।
৪। প্ৰান্তিক – ১৯৪৮ চন।
৫। সাদিন – ৰঙালী বিহু সংখ্যা ২০১৩ চন।
৬। সাদিন – ৰঙালী বিহু সংখ্যা ২০১৮ চন।

LEAVE A REPLY

Please enter your comment!
Please enter your name here