বৰ্তমানৰ বিহু আৰু আমাৰ কৰণীয়

0
71

লঠঙা ডালত প্ৰকৃতিয়ে কুঁহিপাতৰ শ্যমলী আৱৰণ পিন্ধোৱাৰ সময়তে কুলিটিয়ে বহাগৰ আগমনৰ বতৰা দি গীত জুৰিলেহি। কপৌ ফুলেও অভিমান সামৰি ফুলিবলৈ যো -জা চলালে। নিৰ্জীৱ গৰুৰ ছালেও মাত লগোৱাৰ বতৰ এয়া। বিহুবলীয়া অসমীয়াইয়ো সাজু হ’ল চেনেহৰ বিহুটি আদৰিবলৈ। নহৈনো পাৰেনে, বিহুয়ে অসমীয়াৰ প্ৰাণত নিহিত হৈ আছে। ঢোল-পেপাঁৰ শব্দৰে মুখৰিত বহাগে বিষাদগ্ৰস্ত অসমীয়াৰ মুখতো হাঁহিৰ ৰেশ আনে। বানে গৰকি মন ভা¿ã যোৱা অসমীয়াই পুনৰ কঁকালত টঙালী বান্ধে দুগুন উৎসাহেৰে কামত ধৰিবলৈ।
সাদিনীয়াকৈ পালন কৰা ৰঙালী বিহুৰ প্ৰতিটো দিনৰে সুকীয়া তাৎপৰ্য আছে, প্ৰথমদিনা গৰু বিহু আৰু তাৰপিছৰ কেইদিন ক্ৰমান্বয়ে মানুহ বিহু, গোঁসাই বিহু, কুটুম বিহু, চেনেহী বিহু, মেলা বিহু আৰু চেৰা বিহু হিচাপে পালন কৰা হয়। যদিও সাতবিহু বুলি কোৱা হয় তথাপি বিহুৰ নাচ-গান, খুওৱা-বুওৱা পৰ্ব গোটেই মাহ জুৰি চলে। অসমৰ চুকে-কোণে, অলিয়ে গলিয়ে কাঠফুলাৰ দৰে বৃদ্ধি পোৱা বিহু সন্মিলন বা মেলাবোৰে বৰ্তমান দুমাহ মানলৈ বিহুৰ কাৰ্যসূচী অব্যাহত ৰাখে। প্ৰতিকূল বতৰ তথা অন্যান্য বাধা-বিঘিনিবোৰ দেখা নিদিয়া হ’লে চাগে অসমৰ খাটি অসমীয়া (·) সকলে আৰু দুদিন মানলৈ বিহু পাতিলেহেতেন। বিহু পতাৰ এই প্ৰৱণতা ইমানেই বৃদ্ধি পাইছে যে মৃত সতীৰ্থৰ স্মৃতি চাৰণ কৰিবলৈও আজিৰ যুৱচামে বিহু সন্মিলন পাতে। এই বিহু অনুস্থানবোৰৰ পৰা অৰ্থনৈতিক, সামাজিক তথা সাংস্কৃতিক দিশত আমাৰ কিমান লাভ-লোকচান হৈছে সেয়া অলপ গমি চালেই আমি বুজিব পাৰিম। আচলতে কাৰোবাক আক্ৰমণ কৰাটো লেখাৰ উদ্দেশ্য নহয়, উদ্দেশ্য হৈছে আত্মসমালোচনা।
গোলকীকৰণ, বাণিজ্যিকীকৰণ বা ইলেক্ট্ৰনিক সংবাদ মাধ্যমৰ বৃদ্ধিপোৱা দপদপনি যি কাৰণেই নোবোলো কিয় সাম্প্ৰতিক সময়ত বিহুৱে স্বকীয় বৈশিষ্ট্য তথা গাম্ভীৰ্যতা হেৰুৱাই পেলাইছে। গছ তলৰ পৰা চোতাল গৰকি মঞ্চত উপস্থিত হোৱা বিহুৱে টিভি চেনেল আৰু আৱতৰীয়াকৈ বিহু পতা লোকসকলৰ কঢ়া-আজোৰাত পৰি কিমাকাৰ ৰূপ লৈছে। ৰি-মিক্সৰ কৱলত পৰি বিহুগীতৰ যি অৱস্থা হৈছে তাক দেখিলে বেথা উপজে।
সংস্কৃতি হৈছে বোৱতী নদীৰ সোঁত, গতিকে ইয়াৰ পৰিৱৰ্তন অৱশ্যাম্ভবী সেই বুলিয়েই নিজৰ অস্তিত্বক পাহৰি, সোঁতত গা এৰি দিয়াটো উচিত নহ’ব। যিবোৰ কৰ্মকাণ্ডই জাতিটোৰ বােব সমাজখনৰ বাবে প্ৰত্যাহ্বানৰ সৃষ্টি কৰিছে সেই সমূহৰ শুধৰণি তথা পৰিত্যাগ কৰিবলৈ সকলোৱে তৎপৰ হোৱা যুগুত।
বিহুনামৰ লগতে সকলোৱে পাহৰি পেলাইছো অসমৰ কৃষ্টি, পৰম্পৰা। তাৰ ঠাই দিছো অপসংস্কৃতি আৰু অসুস্থ চিন্তাধাৰাক। যিখন গাঁৱৰ পুথিভঁৰাল এটা নাই, নামঘৰটোৰ অৱস্থাও ভাল নহয় অথবা বছেৰেকৰ বিহুত যিখন গাঁৱত এজোৰা হুঁচৰি নোলায়। সেই গাঁৱৰ উদ্যমী যুৱকে দেখাক দেখি বিহু মেলা পাতিলে তাক আমি কি বুলি কম· সেই অনুস্থানত বিচাৰক বা বিশিষ্ট অতিথিক পিন্ধোৱা গামোচাবোৰ আকৌ গাঁৱৰ পাকৈত শিপিনীয়ে বোৱা নহয়, বহিঃৰাজ্যৰ পৰা আমদানিকৃতহে।
উল্লেখ কৰা নিষ্প্ৰয়োজন যে এই কথাবোৰ কেৱল ছপা পৃষ্ঠাতেই সীমাবদ্ধ হৈ ৰয়। কিন্তু সেয়া হোৱা উচিত নহয়। মাতৃভূমিৰ, বাপতি সাহোন বিহুটিৰ ভাবুকি তথা সমস্যাবোৰৰ প্ৰতি আমি প্ৰতি আমি যদি সময় থাকোতেই সজাগ নহওঁ তেন্তে জাতিটো নিশ্চয়কৈ বিপদাপন্ন হ’ব। সেয়েহে ড০ ভূপেন হাজৰিকাদেৱে গাই গৈছে-

“অসমৰ ৰাইজে নিজকে পাহৰিলে
ভোগালীতো দূৰ্ভোগ পাব
আৰু বাপতি সাহোন সেই ৰঙালী বিহুটিও
কঙালীত পৰিণত হ’ব।”

LEAVE A REPLY

Please enter your comment!
Please enter your name here