বিহু বিহু লাগিছে গাত

0
113

ট্ৰেইনৰ দিঘলীয়া উকিটোৰ সৈতে তাৰ যাত্ৰা আৰম্ভ হ’ল।
যোৱা ৰাতিয়েই সি তাৰ বস্তু-বাহিনীবোৰ সামৰি ৰাখিছিল। পাঁচ বছৰৰ মূৰত সি ঘৰলৈ আহিব। তাতে আকৌ চ’তৰ শেষ। মতলীয়া ফাগুনে লঠঙা কৰা গছবোৰে যেনেকৈ কুঁহিপাত মেলিছে তেনেকৈ তাৰ মনটোৱেও আনন্দৰ সীমাৰ পাৰ ভাঙিছে। কিয়নো নাভাঙিব; সম্পূৰ্ণ পাঁচ বছৰ সি তাৰ আপোন মানুহবোৰ, আপোন গাঁওখনৰ চিনাকি বাটবোৰ, তাৰ কাণসমনীয়া কেইটা, গাঁওখনৰ কেকুঁৰিটোত থকা দোকানৰ সেই আড্ডাটোৰ পৰা সি আঁতৰি আছে। সেইবাবে সি ঠিৰাং কৰি পেলালে যে এই ব’হাগত সি নিজৰ গাঁৱৰ আপুন মানুহৰ সতে বুকুৰ চিনাকি সেই আমেজ ল’বলৈ যাবই লাগিব। তাৰিখটো ঠিৰাং কৰাৰ পাছৰে পৰা তাৰ যেন সময়বোৰ নাযায়-নুপুৱাই লাগিছে। যেন কাছৰৰ গতিৰেহে পাৰ হৈছে সময়বোৰ। সি স্কুলত পঢ়া আজিও মনত আছে – ‘সময় কাৰো বাবে ৰৈ নাথাকে, ই পাখি লগা কাঁড়ৰ দৰে।’ কিন্তু সিদিনাৰে পৰা তাৰ সময়বোৰত যেন পাখি লগা নাই। ইফালে কুলি-কেতেকী মাতটোৱে তাক বহু কেইটা উজাগৰী নিশা কটাবলৈ বাধ্য কৰাইছে। বহুতো আশাৰে ৰেঙণি মেলিছে। বিহুত ক’লৈ যাব, কি কৰিব, কি কি খাব, কালৈ কি নিব? ইত্যাদি কথাবোৰ ভাবি ভাবিয়েই এতিয়া সি সময়বোৰক ঠেলা মাৰিছে আগলৈ। কেতিয়াবা কেতিয়াবা তাৰ ভাৱনাৰ নাওখন হঠাতে স্তব্ধ হৈ যায়। তাৰ বাৰু শৈশৱৰ সেই ঢোলটো এতিয়াও আছেনে· মাকে বাৰু ঢোলটো ভালদৰে ৰাখিছেনে· ৰাকেশ, যদু, কমলহঁতে বাৰু আজিও গৰু বিহু দিনা ধূতি-চোলা পিন্ধি বিহু মাৰিবলৈ আহেনে· গাঁৱৰ হুঁচৰি দলটোত ল’ৰা-ছোৱালীৰ সংখ্যা বাঢ়িছেনে· আৰু কেতেকীজনী? কেতেকীজনীয়ে আজিও বাৰু বিহু নাচানে· নানাচিবনো কিয়· বিহু অসমীয়াৰ প্ৰাণ। ই আমাৰ উৎসৱেই নহয়, ই আমাৰ জীৱনৰ একোটা অংগ। ই আমাৰ প্ৰতিটোপাল তেজে তেজে প্ৰবাহিত হৈ আছে। এইবাৰ গাঁৱৰ হুঁচৰি দলটোত সিয়ো যোগদান কৰিব। পাঁচবছৰৰ আগতে এৰি থৈ যোৱা হুঁচৰি দলটোক পালে কিমান যে ভাল লাগিব – কথাষাৰ ভবাৰ লগে লগে মনটো অলপ ফৰকাল যেন লাগিল। হঠাতে কুলিজনীৰ মাতটো শুনি তাৰ সম্ভিত ঘূৰিল। তাৰ মানে সি অ’তপৰে কল্পনাৰ সাগৰতহে উটি ভাঁহি আছিল। লাজ লাজ ভাৱ এটাই সি তাৰ লগৰটোলৈ চালে। নাই সি দেখা নাই। সি এতিয়া গভীৰ নিদ্ৰাত। দীঘলীয়া হুমুনিয়াহ এটা কাঢ়ি লাহেকৈ সি খিৰিকিখন মেলি দিলে। বাহিৰখন ফৰিং ফুটাং জোনাক। খিৰিকীখন মেলি দিয়াৰ লগে লগে এমুঠি জোনাক সোমাই আহি মজিয়াত চিটিকি পৰিছে; জোনাকী পৰুৱা এটা মাজে মাজে পোহৰ বিলাই আকৌ হেৰাই গৈছে। চৌদিশ নীৰৱ। ভাগৰত ক্লান্ত হৈ শুই পৰিছে সকলো। মাজে মাজে কুলিজনীয়ে হিয়া উজাৰি বিনাইছে। ৰুমটোৰ কাষৰ আলিবাটটোৱে ঢলং-পলংকৈ টিলিãা বজাই ছাঁ এটা পাৰ হৈ গৈছে। সেইয়া ছাগে কোনোবা মদাহী, আড্ডাৰ শেষত ঘৰলৈ প্ৰতিগমন। তাৰ পাছে পাছে কেইটামান কুকুৰ ভূকি ভূকি অদূৰত হেৰাই গৈছে। আজি নিশাটোৱেই ছাগৈ তাৰ কৰ্মস্থলীৰ শেষ নিশা। আজিৰ পৰা আৰু কোনো দিনে এই খিৰিকীখনৰ কাষত থিয় দি শীতল বতাহছাটি বুকুত লৈ কল্পনাৰ সাগৰত ডুবি নাথাকিব। বিহুৰ দিনকেইটাত ছাগৈ হুঁচৰি দলটোৰ লগত ইমান দেৰিলৈকে সি হুঁচৰিয়েই মাৰি থাকিব সেই চিনাকি গাঁওখনৰ চিনাকি চোতালবোৰত – সি মনতে ভাবিলে।
নিশা দেৰিলৈকে উজাগৰে থকাৰ বাবে ৰাতিপুৱা সি উঠোতে অলপ পলম হ’ল। সেইবাবে লৰা-লৰিকৈ মুখ-হাত ধুবলৈ গ’ল। লগৰটোৱেও তাৰ দুই-এটা কামত হাত উজান দিলে। ভাত-পানী খাই ষ্টেচন পোৱালৈ তাৰ অলপ দেৰিয়েই হৈছিল যদিও লৰা-ঢাপৰা কৰি কোনোমতে সি ট্ৰেইনখন ধৰিলে। নিৰ্দিষ্ট ঠাইত বস্তুবোৰ থৈ সি বহি পৰিল তাৰ আসনখনত। কাষৰ আসন কেইখনলৈ এবাৰ চকু ফুৰালে। দুখন আসন এতিয়াও খালি আছে। আন এখনত এজন আদহীয়া মানুহ বহি আছে। দুয়োৰে চকুত চকু পৰাত সি হাঁহিৰে স্বাগতম জনাই চকু নমালে। তাৰ এই দুদিনীয়া যাত্ৰাৰ এয়া মাথো আৰম্ভণিহে। সি খিৰিকীয়ে বাহিৰলৈ চাই পঠালে। বৃহৎ বৃহৎ অট্টালিকাবোৰক পিছলৈ ঠেলি সময়ৰ বুকুত ট্ৰেইনখন আগবাঢ়িছে ক্ৰমশ। তাৰ মনটোত গানৰ কলি এটাই দোলা দি গ’ল। পেন্টৰ জেপৰ পৰা হেডফ’নডাল উলিয়াই বিহু এটা বজাই লাহেকৈ আঁউজি দিলে কাষৰ ৰেলিং কেইডালত।
দুদিন Îট্ৰইনেৰে আৰু এৰাতি বাছৰ যাত্ৰাৰ শেষত ভৰি দিলেহি তাৰ আপোন চহৰখনত। নিজ মাটিৰ কেঁচা গোন্ধই তাৰ মনটো ফৰকাল কৰি তুলিলে। বেগবোৰ বাছৰ পৰা নমাই সি সমুখলৈ চাই আচৰিত হৈ পৰিল। সকলোবোৰ দেখোন খেলি মেলি। সি ৰাস্তাটোলৈ চাই পঠালে। এসময়ৰ কেঁচা ৰাস্তাটো, য’ত পুখুৰী সদৃশ গাতবোৰৰ ফাঁকে ফাঁকে গাড়ীবোৰ আগবাঢ়িছিল, এতিয়া সকলোবোৰ দেখোন পকা হ’ল। ৰাস্তাবোৰ আহল-বহল হ’ল, ৰাস্তাৰ কাষত থকা গছবোৰ কাটি মুকলি কৰা হ’ল, ৰাস্তাৰ পানীবোৰ ওলাই যাব পৰাকৈ ৰাস্তাৰ কাষেৰে নলা খন্দা হ’ল। তিনিআলিটোৰ কাষতে লাগি থকা যতীন কাইৰ পান দোকানখন, ৰামেশ্বৰ খুড়াৰ চাহ দোকানখন, ধনাই দদাইদেউৰ চাইকেল মেৰামতি কৰা দোকানখনৰ আজি দেখোন একো চিন চাবেই নাই। তাৰ মানে ৰাস্তা বহল কৰা বনুৱাৰ হাতত সিঁহতৰ এই ক্ষুদ্ৰতম দোকানবোৰে অস্তিত্ব হেৰাল। তিনিআলিটোক কেন্দ্ৰ কৰি এতিয়া সেই সৰু সৰু দোকানবোৰ পৰিৱৰ্তে ডাãৰ ডাঙৰ দোকান সজোৱা হ’ল। সিহঁতে সেই ক্ষুদ্ৰতম দোকানখনক লৈ কিমান যে সপোন দেখিছিল। এতিয়া বাৰু যতীন কাইহঁতে কেনেদৰে সংসাৰ চলাইছে। দিনটো তামোল কাটি পোৱা দুপইচাৰে সন্ধ্যা ঘৰলৈ তেল-নিমখ কণকে যোগাৰ কৰিছিল। কিন্তু পৰিৱৰ্তনৰ ধুমুহাই সিহঁতৰ সেই ক্ষুদ্ৰতম সুখকণো উৰুৱাই নি থান-বান কৰি পেলালে। পলকতে তাৰ মনটোক নানা ধৰণৰ প্ৰশ্নই জুমুৰি ধৰিলে। তিনিআলিটোৰ পৰা অলপ আঁতৰত থকা তাৰ খুড়াকৰ দোকানখনৰো একেই অৱস্থা। পাঁচ বছৰৰ আগতে এৰি থৈ যোৱা চহৰখন আৰু আৰু আজিৰ চহৰখনৰ মাজত বহুত পাৰ্থক্যই দেখা দিছে। ভালেই হৈছে। মানুহবোৰৰ অলপ দিন কষ্ট হ’ব যদিও পিছলৈ সকলো চিজিল লাগি পৰিব। একালত প্ৰতিটো দিশতে সমস্যা সন্মুখীন হোৱা চহৰখন লাহে লাহে উন্নতিৰ জখলা বগাবলৈ আৰম্ভ কৰিছে। এতিয়া আৰু কোনো ৰোগীয়ে চিকিৎসাৰ অভাৱত মৃত্যুক সাৱটিব লগীয়া নহয়। কথাবোৰ ভাবি কিমান সময় দিক্ভ্ৰান্ত পথিকৰ দৰে বহি পৰিছিল সি তলকিবই নোৱাৰিলে। বেগবোৰ দুহাতেৰে তুলি সি খোজ দিলে নিজৰ গাঁৱৰ চিনাকি বাটটোৰে।
ভৰ দুপৰীয়া। গৰম দিন সোমোৱা বাবে ৰ’দটোও অলপ চোকা হৈ নামিছে। বেলিটো মূৰতে লৈ সি আগবাঢ়িছে চিনাকি পথটোৱে। চৌদিশ নীৰৱ। মাজে মাজে কোনোবা শিপিনীৰ তাঁতশালৰ মাকোৰ শব্দ এটা উজাই আহি কাণত খুন্দা মাৰি হেৰাই পৰিছে। সুদূৰৈৰ পৰা ৰিণিকি ৰিণিকি ভাহি অহা কুলিৰ মাতটোৱে যেন বহাগৰেই বতৰা বিলাইছে। বাটটোত কোনো এজন চিনাকি মানুহৰ সৈতে তাৰ অগা-দেৱা হোৱা নাই। মৰা সাপৰ নিচিনাকৈ পৰি থকা পথটোত এতিয়া যেন সিয়েই একমাত্ৰ পথিক। ইফালে বেগ দুটাৰ ভৰত তাৰ হাতদুখন ভিৰাই নিছে। চিনাকি কোনোৱা এজন পোৱা হ’লে ভালেই আছিল। নাই কোনো নাই। চকুৰে মণি পোৱালৈকে আলিবাটটোৰ বুকুত সিয়েই মাথো পথিক। গাঁৱলীয়া মানুহ; খেতি-পথাৰৰ পৰা আহি ভাত-পানী খাই অলপ জিৰণী লৈছে ছাগৈ – কথাবোৰ ভাবি ভাবি গৈ থাকোঁতে পিঠিত ঢোল এটা বান্ধি চাইকেলেৰে এজন ল’ৰা তাৰ গাৰ কাষেৰেই পাৰ হৈ গ’ল। ল’ৰাজনৰ উপস্থিতিত সি উচ্প খাই উঠিলে। ল’ৰাজনক মাতিব খুজিও সি ৰৈ গ’ল, ল’ৰাজন কোন আছিল সি ধৰিব নোৱাৰিলে। ইফালে তাৰ পিঠিত বান্ধি নিয়া ঢোলটো সি বহু কষ্টেৰে নিয়া যেন লাগিল। সেইবাবে সি মাতিব খুজিও থমকি ৰ’ল।
এক কিলোমিটাৰ বাটৰ শেষত সিহঁতৰ ঘৰলৈ সুমোৱা কেকুঁৰিটোৰ ওচৰত সি ৰৈ গ’ল। সমুখৰ পথাৰখনত বৃহৎ বৃহৎ ঘৰ। সি একো ধৰিব পৰা নাছিল। অলপ আগুৱাই গৈ দেখা পালে সেইটো এটা বৃহৎ ষ্টেচন। তাৰ মানে বগীবিল দলঙৰ ওপৰেদি ৰে’ল চলাচল কৰিবলৈ ল’লে। পাঁচবছৰৰ আগতে এই পথাৰখনতেই সিহঁতে গৰু চৰাবলৈ আহিছিল। লগত লৈ অনা ৰবাব টেঙাটো কেঁচা আলিবাটটোত থেতেলিয়াই থেতেলিয়াই কোমল কৰি সিহঁতে ফুটবল খেলিছিল। পথাৰখনৰ পূৱলৈ থকা নদীখনত সিহঁতে দুপৰীয়া সাঁতুৰিবলৈ গৈছিল। এতিয়া সেই নদীখনৰ পাৰে পাৰে বিজ্ঞানসন্মত ভাৱে এটা বৃহৎ মথাউৰি বান্ধিলে। এতিয়া আৰু চিন্তা নাই। বাৰিষা সেই নদীৰ পানীৰে আৰু সিহঁতৰ গাঁওখন বুৰাব নোৱাৰে। তাৰ এতিয়াও মনত আছে বাৰিষা এই নদীৰ পানীয়ে কৰা তাণ্ডৱবোৰ, বানপানীত সৰ্বস্ব হেৰুৱাই নিথৰুৱা হৈ পৰা আপোন মানুহবোৰ, পথাৰত লখিমী বিচাৰি আৰ্তনাদ কৰা কৃষকবোৰৰ কথা। কিন্তু এতিয়া যেন সকলোৱেই এই বিপদৰ পৰা সকাহ পাইছে। পথাৰখনৰ চুকত থকা পিটনিটোত গাঁৱৰ মানুহবোৰৰ লগতে সিয়ো তাৰ মাকৰ সৈতে মাজে মাজে মাছ মাৰিবলৈ আহিছিল। কিন্তু সেই পথাৰখন এতিয়া আগৰ দৰে চৰণীয়া পথাৰ হৈ থকা নাই। পথাৰখনৰ বুকুৱেদি বৃহৎ ৰে’লপথটো বগীবিল দলঙৰ ওপৰেদি ডিব্ৰুগড়ত ওলাইছেগৈ। পথাৰখনৰ আনটো চুকত বৃহৎ ষ্টেচনটো; ষ্টেচনটোৰ কাষে কাষে দোকানঘৰ অলপো বনাইছে। মুঠতে একালত নীৰৱতাত লীন যোৱা পথাৰখন এতিয়া যানজঁটত ডুবি পৰিছে। ষ্টেচনটোৰ গইনা লৈ পথাৰখনৰ দক্ষিণফালে এখন দৈনিক বজাৰো গঢ় লৈ উঠিছে। আগতে সিহঁতৰ গাঁৱত বজাৰ নাছিল। গাঁৱত দোকান হিচাপে ভূৱন দদাইৰ গেলামাল দোকানখন আৰু ৰহীম খুড়াই চাইকেল মেৰামতি কৰা দোকান দুখনৰ বাহিৰে আন দোকান নাছিল। এতিয়া বজাৰখন গঢ় লৈ উঠাত বহু কষ্টই লাঘৱ হ’ল। গাঁৱৰ মানুহবোৰেও নিজৰ বাৰীৰ শাক-পাচলিবোৰ ইয়াতে বিক্ৰী কৰি দুপইচা ঘটিব পৰা হ’ল। গাঁৱৰ শিক্ষিত যুৱক-যুৱতীসকলেও গাঁৱত উৎপাদিত সামগ্ৰীসমূহ ৰে’লত উঠাই নি ডিব্ৰুগড়ত উচিত দামত বিক্ৰী কৰি জীৱিকাৰ পথ মোকলাব পৰা হ’ল। এই বগীবিল দলংখন নিৰ্মাণ হোৱাৰ বাবে সিহঁতৰ গাঁৱলৈ বিভিন্ন মানুহৰ প্ৰব্ৰজন হ’বলৈ ধৰিলে। গাঁৱৰ বজাৰখনতো আমদানি-ৰপ্তানিৰ সংখ্যা বাঢ়িবলৈ ধৰিলে। সিহঁতৰ গাঁওখন এতিয়া পাঁচবছৰৰ আগৰ গাঁও হৈ থকা নাই। পৰিৱৰ্তনৰ চাকনৈয়াত দোপত দোপে এতিয়া উন্নতিৰ শিখৰলৈ গতি কৰিছে। বিহুৰ পিছত সি আৰু ক’লৈকো নাযায়। তাৰ সাঁচতীয়া পইচা কেইটাৰে গাঁৱতে কিবা এটা কৰি নিজৰ ভৰিত নিজেই থিয় দিব – সি মনতে ভাবিলে।
ঃ জিন্টু, কি চিন্তা কৰি আছ· – আকাশৰ মাতত সি থতমত খালে। আকাশ তাৰ ভাল বন্ধু। সৰুৰে পৰা দুয়োটাই একেলগে ডাঙৰ হৈছে। একে ক্লাছতে, একেখন স্কুলৰ পৰা দুয়োটাই মে¿ট্ৰক, হায়াৰ ছেকেণ্ডাৰী পাছ কৰিছে। আকাশ অলপ পঢ়াত বেয়া। সেইবাবে সি হায়াৰ ছেকেণ্ডাৰীত প্ৰথম বিভাগত উত্তীৰ্ণ হ’ব নোৱাৰিলে। পঢ়া ইমানতে যতি পেলাই আকাশে বাহিৰলৈ গৈ দুপইচা ঘটাৰ চিন্তা কৰিলে। ঘৰত অসুখীয়া বাপেকটোৱে কিমান কষ্ট কৰি ঘৰ চলাইছে সি নেদেখা নহয়। সেইবাবে সি হায়াৰ ছেকেণ্ডাৰী পাছ কৰি বাহিৰলৈ গুছি গ’ল। জিন্টু মাক-বাপেকে বি. এ.ত নাম লগাই দিলে। তেতিয়াৰে পৰা সিহঁত দুয়োটাৰ মাজত দেখা সাক্ষাৎ নাই। বগীবিল দলঙখন সম্পূৰ্ণ হৈ উঠা খবৰ পাই আকাশ দুবছৰৰ আগতেই ঘৰলৈ ঘূৰি আহিল। সাঁচতীয়া যি দুপইচা আছিল তাৰে সি গাড়ী এখন কিনি আজিকালি স্কুলত ভাড়ালৈ দিছে। ডিব্ৰুগড়ৰৰ পৰা কেইজন মান অভিজ্ঞ শিক্ষক আহি সিহঁতৰ গাঁৱতে এখন ইংৰাজী মাধ্যমৰ স্কুল খুলিছে। আগতে গাঁৱত মাত্ৰ এখনেই এল পি স্কুল আছিল। সেইখন স্কুলতেই গাঁৱৰ ল’ৰা-ছোৱালীবোৰে শিক্ষাৰ পাতনি মেলিছিল। কিন্তু এতিয়া অভিজ্ঞ শিক্ষকসকলৰ দ্বাৰা পৰিচালিত ইংৰাজী মাধ্যমৰ স্কুলখনৰ তুলনাত চৰকাৰী স্কুলখনৰ ল’ৰা-ছোৱালীৰ সংখ্যা তেনেই নগন্য। ওচৰৰ গাঁও কেইখনৰ পৰাও ল’ৰা-ছোৱালী আহি সেইখন স্কুলত নাম লগাইছে। সিহঁতক অনা-নিয়া কৰিবলৈকে আকাশে গাড়ীখন ভাড়াত দিছে। দুয়োটাই গৈ সিহঁতে পঢ়া এল পি স্কুলখনৰ সমুখত ৰৈ গ’ল। স্কুলখন দেখি তাৰ শ্ৰদ্ধাত মূৰ দোঁ খাই গ’ল। এই স্কুলখনৰ কেঁচা মজিয়াত বহি চেকনিৰ কোবেৰেই আৰম্ভ হৈছিল সিহঁতৰ জীৱনৰ আদিপাঠ। এতিয়া বহুত উন্নত হ’ল স্কুলখন। খলা-বমা বেৰবোৰ নিমজ কৰা হ’ল, বেৰবোৰত চূণৰে ৰং সনা হ’ল, ল’ৰা আৰু ছোৱালীৰ বাবে পৃথক পৃথকৈ প্ৰস্ৰাৱগাৰ বনোৱা হ’ল, বাৰাণ্ডাখনৰ সমুখত এখন ফুলৰ বাগিচাও পতা হ’ল। স্কুলখনৰ কাষতে দুখনমান দোকানো খুলিলে। তাৰ মানে পৰিৱৰ্তনৰ ধুমুহাই সিহঁতৰ গাঁওখনক বাৰুকৈয়ে প্ৰভাৱ পেলাইছে। হঠাতে ঢোলৰ মাতটো শুনি সি স্কুল খেলপথাৰখনলৈ চাই পঠালে। সিহঁতৰ গাঁৱৰ বিহু দলটোৱে তাত বিহুৰ আখৰা কৰি আছে। আগতকৈ বিহু দলটোত ল’ৰা-ছোৱালীৰ সংখ্যাও বাঢ়িছে। সিহঁতৰ কাষে কাষে দুটামান সৰু সৰু ল’ৰাই কান্ধত টেমাৰ ঢোল আঁৰি বজাই ফুৰিছে। ঢোল বিচাৰি মাকক তাগিদা দিয়াত মাকে ছাগৈ টেমাৰ ঢোল বনাই দিছে। বিহু দলটোৰ ল’ৰা-ছোৱালী কেইটা সি এটা-দুটাকৈ হিচাপ কৰিবলৈ লৈ হঠাতে ৰৈ গ’ল। ৰাকেশ, যদু, কমল, ৰুমী, ৰেখা, কেতেকীহঁতক বাৰু সি চিনি পাইছে। কিন্তু দুটামান ল’ৰা-ছোৱালীক সি চিনি পোৱা নাই। কোন হ’ব পাৰে বুলি সি ভাবি থাকোঁতে আকাশে মাত দিলে – সিহঁতকেইটাক তই চিনি নাপাবি জিন্টু। সিহঁত ডিব্ৰুগড়ৰ পৰা আহিছে বিহু নাচ শিকাবলৈ। সাত দিনীয়া কৰ্মশালা। এটা মোটা অংক লৈ সিহঁতে সাত দিনৰ পিছত আকৌ অন্য ঠাইৰ কৰ্মশালাত যোগদান কৰিবগৈ। – কথাষাৰ শুনাৰ লগে লগে তাৰ খংটো চুলিৰ আগ পালেগৈ।
ঃ গাঁৱত কি অন্য কোনো অভিজ্ঞ মানুহ নাছিল নেকি· যাৰ বাবে সিহঁতক ডিব্ৰুগড়ৰ পৰা মাতি আনি বিহু শিকিবলগীয়া হৈছে। ৰাকেশ, যদুৱে দেখোন ধুনীয়াকৈ ঢোল বজায়, তইয়ো চোন বাঁহী বজাৱ, ৰুমী, কেতেকীহঁতেও চোন সকলো চাপৰতেই নাচিব পাৰে। তেনেস্থলত ?
ঃ তই বুজি পোৱা নাই জিন্টু। এইবাৰ হেনো সিঁহতে গাঁৱৰ ঘৰে ঘৰে বিহু নামাৰে। চহৰৰ ভিন ভিন ঠাইত আয়োজিত মঞ্চতহে বিহু মাৰিব। যিসকলে এটা মোটা অংকৰ বিনিয়মত আমন্ত্ৰণ কৰিব তেওঁলোকৰ ঘৰতহে বিহু মাৰিব।
ঃ একালৰ আঁহত তলৰ বিহুখন এতিয়া মঞ্চত উঠিলগৈ। মোটা অংকৰ বিনিময়ত এতিয়া এচাম বেপেৰুৱাৰ তাড়নাত অসমীয়াৰ বাপতি সাহোন ৰঙালী বিহুটো ব্যৱসায়লৈ পৰিনত হৈছে। হেৰ’ গাঁৱৰ প্ৰতিঘৰ মানুহে আগ্ৰহেৰে বাট চাই থাকে গাঁৱৰ বিহু জোৰাক আদৰিবলৈ। সকলোৱে যৎপৰোনাস্তি চেষ্টা কৰে বিহুজোৰাক সন্তুষ্ট কৰিবলৈ। কিমান আদৰ, কিমান মৰম-চেনেহ লুকাই থাকে এই বিহুজোৰাত· বছৰৰ প্ৰথম দিনটোতে বিহু জোৰাৰ পৰা আশীৰ্বাদ ল’লে বছৰটো কুশলে যায় বুলি ভােব। তেনেস্থলত গাঁৱত সিহঁতে বিহু নামাৰি টকাৰ বিনিময়ত মঞ্চত মাৰিবলৈ যায়। আমাৰ ককা-আইতাহঁতে দেখোন আঁহতৰ তলতেই বিহু মাৰিছিল, তেওঁলোকে কি সমাদৰ লাভ কৰা নাছিল, তেওঁলোকৰ মাজত কি মৰম-চেনেহ নাছিল· সপ্তাহজোৰা এই বহাগ বিহুটো কিহৰ বাবে গোটেই মাহটো ধৰি পাতি থাকে· কিহৰ আশাত· টকা-পইচাৰ আশাত নে সমাদৰৰ আশাত· পৰিৱৰ্তন হৈছে ভাল কথা; কিন্তু আঁহত তলৰ বিহুখন নি মঞ্চ উঠোৱাটো পৰিৱৰ্তন নহয়। বিহুটো কোনেও ব্যৱসায়িক দৃষ্টিৰে নাচাই, আগতে যেনেকৈ আছিলে তেনেকৈয়ে থাকিবলৈ দে, ইয়াক মঞ্চত উঠাই অসমীয়া জাতিৰ প্ৰাণৰ পৰাই ইয়াক নিঠৰুৱা নকৰিবি – সি একপ্ৰকাৰ চিঞৰিয়েই কথাখিনি কৈ ঘৰলৈ খোজ দিলে। পিছৰ পৰা আকাশে চিঞৰি চিঞৰি কিবা কৈছে যদিও তাৰ কোনো ভ্ৰূক্ষেপ নাই। ইমান দিনৰ পিছত গাঁৱৰ বিহু দলটোৰ সৈতে চিনাকি চোতালবোৰ গচকি ৰাতি বিহু মাৰিম বুলি কৰি অহা আশাবোৰে যেন তাৰ লগ এৰিছে। তাৰ বুকুখনত কিবা দূখ এসোপাই খুন্দা মাৰি ধৰা যেন অনুভৱ হৈছে। তাক যেন কোনোবাই শ্বাসৰুদ্ধ কৰি পেলাইছে। স্তব্ধ হৈ যাব বিচাৰিছে তাৰ হৃদয়ৰ স্পন্দন। বহু চেষ্টা কৰিও সি মাত মাতিব পৰা নাই। মাথো অশ্ৰুসিক্ত দুটি চকুৰে বিচাৰি ফুৰিছে তাৰ আপোন ঘৰখনৰ চিনাকি পদূলিটো।

LEAVE A REPLY

Please enter your comment!
Please enter your name here