বিহু, পৰিবৰ্তিত ৰূপ আৰু কিছু প্ৰাসংগিক চিন্তা

0
431

বিতুপ্ৰতিভ বৰুৱা
স্নাতক চতুৰ্থ ষাণ্মাসিক
কটন বিশ্ববিদ্যালয়

 

অসমৰ উজনিৰ পৰা নামনিলৈ পাহাৰে-ভৈয়ামে, জাতি ধৰ্ম-ভাষা নিৰি্বশেষে পালন কৰা বিহু এটি গণ উৎসৱ। অসমৰ প্ৰায় আটাইবোৰ জাতি-জনগোষ্ঠীৰ মাজতে বিহু অথবা তেনেধৰণৰ সমকালীন বসন্ত-উৎসৱ পালনৰ ৰীতি বিদ্যমান। ই কৃষিজীৱী মানুহৰ উৎসৱ, প্ৰকৃতি আৰু গাঁৱৰ লগত ইয়াৰ এৰাব নোৱাৰা সম্পৰ্ক। বিহুত প্ৰকাশিত হয় সমাজৰ সকলো শ্ৰেণীৰ লোকৰ আনন্দ আৰু বিৰহ-বেদনা। সমাজৰ সকলো লোকক একতাৰ এনাজৰীৰে বান্ধি ই জাতীয় উৎসৱৰ মহৎ দায়িত্ব পালন কৰিছে।
বিংশ শতিকা পৰিৱৰ্তনৰ সময়। ক্ষিপ্ৰ পৰিৱৰ্তনে একবিংশ শতিকাত সমগ্ৰ বিশ্বকে সলাই পেলাইছে অসমো ইয়াৰ পৰা বাদ পিৰা নাই। এই সময়ছোৱাত অসমত যি ধাৰণা আৰু গোলকীকৰণৰ বিকাশ ঘটিছে সি অসমৰ ভাষা-সংস্কৃতি, সমাজ-ৰাজনীতি, আচাৰ-ব্যৱহাৰ, উৎসৱ-পাৰ্ৱণ সকলোতে ব্যাপক পৰিৱৰ্তন সাধিছে। জাতীয় উৎসৱ বিহুৰো পৰিবৰ্তন অতি চকুত লগা। এই সময়ছোৱাত বিহুৰ যি পৰিবৰ্তিত ৰূপ সি বহুতো শংকা ঘণীভূত কৰে আৰু নানা চিন্তাৰ বাট মোকলাই দিয়ে। লেখাটিত তেনে কিছুমান দিশ চালি-জাৰি চোৱাৰ প্ৰয়াস কৰা হৈছে —
স্বতঃস্ফূৰ্তভাৱে সৃষ্টি হোৱা বিহুনামবোৰৰ আয়ুসৰেখা কিমান · ২০১৮ বৰ্ষৰ আৰম্ভণিৰ দিনা ঘিলামৰাৰ সীমামূৰীয়া গুডÿৰথালী গাঁৱৰ মোৰ বৰদেউতাৰ ঘৰৰ পৰা উভটি আহোতে মেলেকি গাঁৱৰ পথাৰখনত এজাক ম’হ চৰাই থকা ম’হগোৱালে চিঞৰি চিঞৰি বিহুনাম বা বনৰীয়া (বনঘোষা) জাতীয় কিবা এষাৰ গাই থকা শুনিলো। লগে লগে এটা প্ৰশ্নই মোক সঘনাই খুন্দিয়াবলৈ ধৰিলে- “এই সংস্কৃতিৰ ভৱিষ্যত উজ্জ্বলনে· বিহু নাম বা গীতসমূহ মাটি, শইচ, প্ৰেম, বিবাহ আ গাঁৱলীয়া সমাজৰ জীৱনৰ সৈতে চিৰ-সম্পৰ্কিত মুখ বাগৰি অহা নতুবা চহা কবিৰ মুখত পৰিস্থিতি সাপেক্ষে তাৎক্ষণিকভাৱে সৃষ্টি হোৱা গীত। আমাৰ বয়োজ্যেষ্ঠসকলে (যিসকলৰ বয়স পঞ্চাশৰ আশে-পাশে বা তাৰ ঊৰ্দ্ধত) আনন্দ-প্ৰকাশৰ বাবে নিজেই নামতী হৈ বিহুনাম গায়, নাচনী হৈ নাচে, হাত-চাপৰি বা ঢোল-তালেৰে বাদ্য সংগত কৰে আৰু সমান্তৰালভাৱে দৰ্শক হৈ বিহু উপেভাগ কৰে, এই দৃশ্য স্বচক্ষে প্ৰত্যক্ষ কৰিছোঁ। কিন্তু আমাৰ নতুন প্ৰজন্মৰ ক্ষেত্ৰত পৰিৱেশ¸ সুকীয়া। পৰিবৰ্তিত আৰ্থ সমাজিক অৱস্থা, ভাষা-সংস্কৃতিত গোলকীকৰণৰ প্ৰভাৱ আদিৰ ফলত পূৰ্বৰ দৰে নিভাঁজ বিহুনাম স্বতঃস্ফূৰ্ত আৰু তাৎক্ষণিকভাৱে সৃষ্টি হোৱাৰ সম্ভৱনা অতি ক্ষীণ। তেনে পৰিপ্ৰেক্ষিতত নতুন প্ৰজন্মই নিৰ্ভৰ কৰিবলগীয়া হৈছে শিল্পীৰ কণ্ঠৰ বাণীবন্ধন হোৱা গীতৰ ওপৰত (তাৰে একাংশ তথাকথিত ‘বিহু গীত’ প্ৰকৃতাৰ্থত বিহুগীত হয়নে সেয়াও লক্ষনীয়)। গতিকে আধুনিক বিহুতলীত সমূহীয়াভাৱে বিহু মাৰি স্ফূৰ্তি কৰাৰ পৰিৱেশৰ সলনি ‘চাউণ্ডবক্স’ত বছৰটোৰ ‘হিট’ বিহুগীতসমূহ বজাই আনন্দ কৰাৰ পৰিবেশহে সুলভ। গতিকে প্ৰশ্ন হয়, মাটি, শইচ, প্ৰেম-বিবাহ আৰু গ্ৰাম্য সমাজ জীৱনৰ গোন্ধ থকা বিহুগীতসমূহ বৰ্তি থাকিবগৈনে, সেইসমূহৰ ভৱিষ্যতেই বা কিমান উজ্বল·
হুঁচৰি আৰু কিমান বছৰলৈ চোতালত বৰ্তি থাকিব· হুঁচৰি এনে এক অনুষ্ঠান যি এখন গাঁৱৰ সকলো লোককে Îভদা-েভদ বিহীনভাৱে সামৰি লয়। যদিও প্ৰথম অৱস্থাত ৰজা আৰু ডা-ডাঙৰীয়াৰ ঘৰত ‘দেউতাৰ পদূলিত গোন্ধাইছে মাধুৰী’ পদেৰে হুঁচৰিৰ জন্ম হৈছিল পৰৱৰ্তি সময়ত কিন্তু ই সমাজৰ সকলো লোককে একেডাল জীৰৰে বান্ধি পেলালে। নতুন বছৰত প্ৰতিঘৰ মানহৰ চোতালত হুঁচৰি দলে পদধূলা পেলাই আৰু গৃহস্থই স-ভক্তিৰে আদৰণি আৰু বিদায় জনোৱা পৰম্পৰাই অসমীয়ৰ সমাজপ্ৰিয় স্বভাৱটোক উজ্বলাই ৰাখিছে। সাধাৰণতে ডেকাসকলৰ দ্বাৰা পৰিচালিত হ’লেও ই ভক্তিভাৱাপন্ন আৰু মংগলসূচক, গীত-নৃত্য থাকিলেও ইয়াত যৌৱনৰ উন্মদনা নাই। কিন্তু আধুনিক চোতালৰ হুঁচৰিত এই ‘ব্যাকৰণ’ৰ ব্যাপক উলংঘা হয়। প্ৰথমে ভক্তিভাৱাপন্ন ভাৱে আৰম্ভ হ’লেও পৰিৱৰ্তী সময়ত নিষিদ্ধ প্ৰেমমূলক গীতৰ পৰা জনপ্ৰিয় তথাকথিত বিহুগীতলৈকে সকলো ইয়াত সন্নিবিষ্ট হয়। ঢোলৰ চেও-চাপৰ, সাজ-পাৰ আদিৰ দিশসমূহো উদ্বেগজনক।
মঞ্চত প্ৰদৰ্শন কৰা হুঁচৰিৰ ছবিখন কিন্তু সম্পূৰ্ণ ওলোটা। প্ৰতিযোগিতাৰ পম খেদি মঞ্চত হুঁচৰি পৰিৱেশন কৰোতে ঢোলৰ চেও-চাপৰ, ঘোষা-পদ, নাম, সাজ-পাৰ, নাচ আনকি গৃহস্থজনলৈকে সকলো দিশ তন্ন-তন্নকৈ চালি-জাৰি চোৱা হয়। ই নিশ্চতৰূপে ধনাত্মক দিশ কিয়নো, মঞ্চই হুঁচৰিক চোতালৰ সৰু পৰিসৰৰ পৰা মঞ্চৰ বিৰাট দৰ্শকৰ মাজলৈ লৈ গৈ দেশে-বিদেশে ইয়াৰ খ্যাতি বঢ়াইছে, কিন্তু দুঃখজনক কথাটো হ’ল মূল ক্ষেত্ৰখনতে ই থৰক-বৰক। গতিকে বনাঞ্চলত সংকটৰ গৰাহত পৰা জন্তু এটাক বনাঞ্চলতে প্ৰাকৃতিকভাৱে সংৰক্ষণ নকৰি চৰিয়াখানাত বন্দী কৰি ৰখাৰ দৰে অৱস্থা আমাৰ চোতালৰ হুঁচৰি। ইয়াৰ ফলত হুঁচৰিৰ যি মূল উদ্দেশ্য গৃহস্থৰ মংগল কামনা আৰু সামাজিক সংহতি, সি ক্ৰমাৎ বাধাপ্ৰাপ্ত হ’বলৈ ধৰিছে।
গোলকীয় বিশ্ব, বজাৰ অৰ্থনীতি আৰু বিহু- দ্ৰুত গোলকীকৰণে বিশ্বৰ ৰেহ-ৰূপ সম্পূৰ্ণ সলনি কৰি পেলাইছে। গোলকীয় বিশ্বত কোনো বিষয়বস্তুৰ অৰ্থনৈতিক দিশ বা মূল্যৰ গুৰুত্ব বেছি। বিশ্বৰ সকলো সংস্কৃতিয়ে গোলকীকৰণৰ আচোঁৰত বজাৰৰ দ্বাৰা ব্যাপকৰূপে প্ৰভাৱাম্বিত হৈছে, বিহুৱেও ইয়াৰ পৰা সাত সাৰিব পৰা নাই। বিহুত বজাৰ অৰ্থনীতিৰ কথা যদি ক’বলৈ লোৱা হয় তেন্ত বিভিন্ন দিশ উন্মোচিত হ’ব। বিহু সন্মিলনসমূহ অনুষ্ঠিত কৰা বিহু কমিটি সমূহৰ ‘ছান্দা-পৰম্পৰা’, বিহু দল বা বিহুৱতীসকলৰ পুৰস্কাৰকেন্দ্ৰিক অৰ্থনৈতিক লাভা-লাভ, বিহু সামগ্ৰী যেনে-মূগাৰ কাপোৰ, গামোচা, জাপি, গহনা-গাঁঠৰি চিৰা-পিঠা, ঢোল-পেঁপা ইত্যাদি, এই সামগ্ৰীসমূহৰ আকৌ বহিঃৰাজ্য বা বহিঃৰাষ্ট্ৰৰ পৰা আমদানি, বহুজাতিক কোম্পানীসমূহৰ ‘বিহু অফাৰ’ বিলাসী বাহনৰ ক্ষেত্ৰত ‘ডিচকাউন্ট’ আদিক কেন্দ্ৰ কৰি সৃষ্টি হৈছে অৰ্থনৈতিক লাভ লোকচানৰ অংক। বিহু সৃষ্টি হৈছিল এখন সৰল কৃষিপ্ৰধান সমাজত য’ত লোকসকলৰ জীৱন ধাৰণ প্ৰণালী সৰল আৰু সংস্কৃতিত থলুৱা প্ৰভাৱ, লোকবিশ্বাস পূৰামাত্ৰাই বিদ্যমান। কিন্তু বৰ্তমান সমাজ হৈছে গোলকীয় অংশবিশেষ, এখন জাটিল, অৰ্থনৈতিক লাভা-লাভ নিৰ্ভৰশীল, বিজ্ঞান প্ৰযুক্তিৰে সমৃদ্ধ সমাজ। এনে এখন সমজাত বিহু বৰ্তি থকাটো নিশ্চিতৰূপে প্ৰত্যাহবানপূৰ্ণ।
সংবাদ মাধ্যম, সামাজিক মাধ্যম আৰু বিহু- সাম্প্ৰতিক বিশ্ব বিশেষকৈ গণতান্ত্ৰিক দেশসমূহত সংবাদ মাধ্যমৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ। বৰ্তমান সময়ৰ চৰকাৰৰ ভঙা-পতা, কাৰ্যাৱলী আদিৰ পৰা সংস্কৃতিৰ উপস্থাপন, ৰক্ষণাবেক্ষণ আৰু পৰিৱৰ্তনলৈকে সকলোতে সংবাদ মাধ্যম আৰু সামাজিক মাধ্যম (Social ত্তedia) সমূহে প্ৰত্যক্ষ ভূমিকা পালন কৰে। বিগত ২০১৪ বৰ্ষৰ লোকসভা নিৰ্বাচন আৰু ২০১৬ বৰ্ষৰ অসম বিধানসভা নিৰ্বাচনলৈ দৃষ্টি নিক্ষপে কৰিলেই এই কথা স্পষ্ট হ’ব। বিহুৰ ক্ষেত্ৰতো ইয়াৰ প্ৰভাৱ গভীৰ আৰু দৃঢ়। সাধাৰণতে যদি চোৱা যায়, সংবাদমাধ্যমে অসমৰ বৰ্ণিল বিহু সংস্কৃতি, আৰু ইয়াৰ সৈতে জড়িত লোকাচাৰ, গীত নৃত্য বাদ্য, খাদ্য-সম্ভাৰ, সাজ-পাৰ, প্ৰকৃতিৰ সৈতে বিহুৰ সৰ্ম্পক আদি দিশবোৰ সমগ্ৰ বিশ্বৰ সন্মুখতে নিভাঁজৰূপত তুলি ধৰিব পাৰে যি ভাৰত তথা বিশ্বৰ জনসাধাৰণক ইয়াৰ প্ৰতি আগ্ৰহী কৰি বিহুক এক উচ্চমানৰ স্বীকৃতি প্ৰদান কৰিব। সমান্তৰালভাৱে অসমৰ পৰ্যটন ক্ষেত্ৰখনকো সম্ভাৱনাময় কৰি তুলিব।
কিন্তু বাস্তৱ ছবিখন তেনেধৰণৰ নহয়। প্ৰথম কথা সংবাদ মাধ্যম বা সামাজিক মাধ্যমসমূহে বিহু সংস্কৃতিৰ নিভাঁজ ৰূপটিৰ প্ৰচাৰ আৰু প্ৰসাৰত প্ৰণালীবদ্ধভাৱে আগবাঢ়িব পৰা নাই। দ্বিতীয়তে, এই মাধ্যমসমূহে বিহুক যিধৰণে লাভাম্বিত কৰিছে সেই একেদৰে ব্যাপকৰূপে ক্ষতি সাধনো কৰিছে। বৰ্তমান বৈদ্যুতনিক সংবাদ মাধ্যম সমূহত বিহুৰ ব্যাপক ভুল উপস্থাপন হয়। ইয়াৰ সৈতে জডিÿত হৈ আছে জনপ্ৰিয়তা আৰু বাণিজ্যিক লাভ-লোকচানৰ অংক য’ত গোলকীকৰণৰ প্ৰভাৱ বিদ্যমান। বহু লোকে আক্ষপে কৰে যে ‘নিউজ চেনেল’ সমূহে ব’হাগৰ বিহুটোক দুই-তিনিমহীয়া বা ভোগালী বিহুটোক এমহীয়া কৰি তুলিছে। ‘প্ৰাক-ভোগালী’ জাতীয় অনুষ্ঠানবোৰ কিমান যুক্তিসংগত সেইয়াও চিন্তনীয় আনকি কাতি-বিহুৰ দিনাও দিনতে বহুতে পথাৰৰ গেঁৰ ধৰা ধানৰ কাষত নাচ-বাগ কৰি থকাৰ দৃশ্যও টেলিভিচনৰ দ্বাৰা সম্প্ৰচাৰিত হয়। ব’হাগ বিহু বুলিলে এতিয়া এনে ধাৰণাহে হৈছেগৈ যে বিহু মঞ্চসমূহত নামী গায়কৰ সংগীতানুষ্ঠান আৰু ‘বিহুৰাণী’ আদি ‘ৰিয়েলিটি শ্ব’বোৰৰ মাজতহে যেন বিহুটি জীয়াই আছেগৈ।
সামাজিক মাধ্যমবোৰত ছবিখন ধুঁৱলি-কুঁৱলী। যিহেতু ইয়াত কোনো সম্পাদকৰ ব্যৱস্থা নাথাকে সেয়ে ইয়াৰ নিখুট প্ৰচাৰৰ সম্ভাৱনা যিমান অপপ্ৰচাৰৰো সম্ভাৱনা সমান। গোটেই প্ৰক্ৰিয়াটো জাতিটোৰ মানসিকতাৰ ওপৰত নিৰ্ভৰশীল।
নতুন প্ৰজন্মৰ সন্মুখত বিহু ঃ– লোক সংস্কৃতি বৰ্তি থাকিবলৈ হ’লে পূৰ্বৱৰ্তী প্ৰজন্মৰ পৰা পৰৱৰ্তী প্ৰজন্মলৈ ই প্ৰবাহিত হ’বই লাগিব। এই ক্ষেত্ৰত সময়ৰ সৈতে তাল মিলাই প্ৰৱাহমান সংস্কৃতিত নতুন নতুন উপাদানৰ প্ৰৱেশ ঘটে, ই স্বাভাৱিক। কিন্তু যেতিয়া কোনো এক সংস্কৃতিৰ মূল উপাদানবোৰ বা সহজ অৰ্থত ঘাই শিপাডালৰ প্ৰতিয়েই ভাবুকি আহি পৰে সেই সময়ত সেই সংস্কৃতিৰ বিশ্লেষণ আৰু প্ৰণালীৱদ্ধ সংৰক্ষণ প্ৰয়োজনীয় হৈ পৰে, ফলত সেই সংস্কৃতিক বৈয়াকৰণিক নিয়ম-নীতিৰে বান্ধি পেলোৱা হয় আৰু ভুল-শুদ্ধৰ প্ৰশ্নবোৰ আহি পৰে। বিহুৰ ক্ষেত্ৰতো তেনে কথাই প্ৰযোজ্য যেন অনুমান হয়। বিংশ আৰু একবিংশ শতিকাত দ্ৰুতগতিত পৰিৱৰ্তিন হ’বলৈ ধৰা সমাজ ব্যৱস্থাৰ মাজত বিহুক সঠিক ৰূপত বৰ্তাই ৰখাটো এক ডাঙৰ প্ৰত্যাহ্বান। এটা সহজ উদাহৰণ লোৱা যাওঁক – যেতিয়ালৈকে অসমৰ দৈনন্দিন জীৱনত পৰম্পৰাগত সাজ-পাৰৰ পূৰ্ণ প্ৰচলন আছিল তেতিয়ালৈকে বিহুৰ সাজপাৰৰ প্ৰশ্ন উঠা নাছিল; কিন্তু যেতিয়াৰ পৰা পশ্চিমীয়া সাজপাৰৰ পূৰ্ণ পয়োভৰ ঘটিল তেতিয়াই বিহুৰ সাজ-পাৰ বা জাতীয় সাজ-পাৰ নিৰ্ধাৰণ কৰাটো দৰকাৰী হৈ পৰিল। একে কথা ভাষা, সুৰ, নৃত্য, বাদ্য, খাদ্যাভাস, আচাৰ-প্ৰণালী আদিৰ ক্ষেত্ৰতো খাটে। সাম্প্ৰতিক অসমৰ লোক সংস্কৃতিৰ ক্ষেত্ৰখনত বৃহৎ প্ৰত্যাহ্বান এইয়ে যে বিহুক কেনেদৰে নতুন প্ৰজন্মৰ ওচৰলৈ লৈ যাব পৰা যায়। মঞ্চ বিহুৰ বৰ্তমান অপ্ৰতিৰোধ্য পয়োভৰ। যদিও ই এক কৃত্ৰিম ব্যৱস্থা তথাপি ক্ৰমাৎ জটিল আৰু নগৰাভিমুখী অসমীয়া সমাজত ইয়াৰ বিকল্প নাই। গতিকে মঞ্চ বিহুক বিহুৰ সংগ্ৰহালয়লৈ ৰূপান্তৰিত কৰিব পৰাটোৱেই বৰ্তমানৰ সময়ৰ অন্যতম প্ৰত্যাহ্বান।
চ’তৰ আৰম্ভণিৰ পৰাই অসমৰ গাঁৱে ভূঞে বিহুৰ কৰ্মশালা (নে আখৰা·) সমূহ অনুষ্ঠিত হয়। ইও বিহুৰ বাবে অতিকৈ দৰকাৰী। তদুপৰি অসম জাতীয় বিদ্যালয়ৰ দৰে শিক্ষানু্ষ্ঠানে বিহুৰ এদিন বা দুদিনৰ পূৰ্বে ৰঙালী আৰু ভোগালী বিহু বিদ্যালয় প্ৰাংগনত পালন কৰি বিহুৰ আচাৰ-অনুষ্ঠানৰ সৈতে নতুন প্ৰজন্মক চিনাকি কৰাই দিছে, ইও আদৰণীয়। অসমৰ বিভিন্ন মহাবিদ্যালয়-বিশ্ববিদ্যালয়সমূহে গৱেষণা আৰু অধ্যয়নৰ দ্বাৰা বিহুগীত-নৃত্যৰ অনুশীলনেৰে এই সংস্কৃতিক উজ্জীৱিত কৰা দৰকাৰ।
বিহুক শুদ্ধৰূপে বৰ্তাই ৰাখিবলৈ সংবাদ মাধ্যমৰো যথেষ্ট কৰণীয় আছে। চৰকাৰৰ সাংস্কৃতিক বিভাগ, বিশ্ববিদ্যালয়সূহ, অসম সাহিত্য সভাৰ দৰে জাতীয় অনুষ্ঠান অথবা সংবাদ মাধ্যসমূহে বিহু, ইয়াৰ ৰীতি-নীতি, গীত-মাত, নৃত্য-বাদ্য, খাদ্য-সম্ভাৰ, গ্ৰাম্য জীৱনৰে ইয়াৰ সম্পৰ্ক তথা ভিন ভিন জনগোষ্ঠীয় বিহু সম্পৰ্কত তথ্যচিত্ৰ নিৰ্মাণ কৰক বা তেনেধৰণৰ অনুষ্ঠান আয়োজন কৰি প্ৰচাৰ কৰক, তেতিয়াহে বিহুৰ প্ৰকৃত উত্তৰণ হ’ব।

LEAVE A REPLY

Please enter your comment!
Please enter your name here