বিহু: কিছু বিক্ষিপ্ত চিন্তা

ভাৰতবৰ্ষ হ’ল এক মিশ্ৰ সংস্কৃতিৰ দেশ। দেশৰ উত্তৰ পূব প্ৰান্তৰ মনোৰম প্ৰাকৃতিক সৌন্দৰ্য্যৰে সমৃদ্ধ অংশটোৰ মধ্যমণি হ’ল আমাৰ অসম। ৰাজ্যখনৰ ভাষা সংস্কৃতি তথা জনজীৱনৰ গতি প্ৰকৃতিৰ বৈচিত্ৰতা আৰু এখোপ চৰা। এই বিচিত্ৰতাক সমৃদ্ধিশালী কৰি তোলাত আমাৰ লোক সংস্কৃতিৰ উল্লেখনীয় অৰিহনা আছে। তেনেদৰে কোনো এটা জাতিৰ গঠন তথা উত্তৰণটো লোক সংস্কৃতিৰ অৱদান অনস্বীকাৰ্য। কাজেই আমাৰ জাতিটোক চহকী কৰি ৰখা সাংস্কৃতিক আভৰণৰ ক্ষেত্ৰত বিহুকেই আগস্থান দিব লাগিব।
বিহু মূলতঃ এক কৃষি ধৰ্মী উৎসৱ। ই অসমীয়া জাতীয় জীৱনৰ অবিচ্ছেদ্য অংগ। কিন্তু বৰ্তমান বিহুৰ আগৰ ৰূপ নাই। আধুনিকতাৰ কৱলত পৰি বিহু নগৰমূখী হ’ল। গছতলৰ বিহু, নৈৰ পাৰৰ বিহু মঞ্চত উঠিল। বিহুৰ সাংস্কৃতিক দিশক মহিমাণ্ডিত কৰি ৰখা বিহুগীত সমূহত বজৰুৱা উপাদান সোমাল।
সময় গতিশীল। যুগৰ পৰিবৰ্তনৰ লগে লগে জনসাধাৰণৰ জীৱনধাৰণৰ প্ৰণালী তথা সমাজ সংস্কৃতিতো আধুনিকতাৰ পৰশ পৰে। আধুনিকতাৰ ইতিবাচক আৰু নেতিবাচক দুয়োটা দিশেই আছে। আধুনিকতাই অনা পৰিবৰ্তনক আওকান কৰি যুগৰ লগত খোজ মিলাই জাতি এটা আগুৱাই যাব নোৱাৰে। আমি পৰিবৰ্তনক আকোৱালি লবই লাগিব। কিন্তু নিজৰ অস্তিত্বক বিপন্ন কৰি আকোৱালি লোৱা পৰিবৰ্তন কেতিয়াও গ্ৰহণযোগ্য হ’ব নোৱাৰে।
এতিয়া বিহুৰ ক্ষেত্ৰটো সেয়াই হৈছে। আজিকালি ৰঙালী বিহু ফাগুনৰ শেষত আৰম্ভ হৈ জেঠৰ শেষলৈকে থাকেগৈ। ইফালে মাঘ বিহুটোকো ৰঙালীৰ ৰূপ দিবলৈ এচামে যৎপৰোনাস্তি কৰিছে। এই ক্ষেত্ৰত বৈদ্যুতিন মাধ্যম সমূহ এখোপ চৰা। পৰিচয় সংকটত (Identity crisis) ভুগি থকা এই ‘নিউজ চেনেল’ সমূহে কেৱল সস্তীয়া প্ৰচাৰৰ স্বাৰ্থতে আঘোনৰ শেষত আৰম্ভ কৰা বিহুখন আহাৰ মাহলৈকে টানি নিয়ে। খেনুৱে বাৰ মাহেই বিহুৰাণী পাতিয়েই থাকে। এই সকল মহামহিমৰ বাবে ৰঙালী বিহু ভোগালী বিহু সব্ একে। বহাগত পিন্ধা মূগাৰ মেখেলা চাদৰযোৰ মাঘৰ মেজিৰ সন্মুখতো নাচনীক পিন্ধায়। পিছে সৌভাগ্য বশতঃ এই সকলে বৰ্তমানলৈকে কাতি বিহুটোক কিছু মৰ্যদা সহকাৰে ৰাখিছে। এই অধ্যায় পিছলৈ। এতিয়া মূল কথালৈ অহা যাওক।
আচলতে বিহু কি·
প্ৰসংগটো আকৌ উত্থাপন কৰাৰ কাৰণটো হ’ল- বৰ্তমান বিহু চূড়ান্তভাৱে পৰিচয় সংকটৰ দিশলৈ গতি কৰিছে। ইয়াৰ গতি প্ৰকৃতিলৈ চাই বৰ্তমান বিহুৰ কোনো উমৈহতীয়া সংজ্ঞা নিৰূপন কৰাটো অতি দুৰূহ হৈ পৰিছে। কাৰোবাৰ বাবে বিহু যদি বাপতি সাহোন, অন্য কৰোবাৰ বাবে আকৌ এক বছেৰেকীয়া উপাৰ্জনৰ উৎস। কাৰোবাৰ বাবে বব নোৱাৰা বৰঙণিৰ বোজা অথবা কাৰোবাৰ বাবে আতংক। (হয়, আতংক। বিশেষকৈ অনা অসমীয়া ব্যৱসায়ী সকলৰ বাবে। আমি জানি থোৱা ভাল যে এই ব্যৱসায়ী সকলে বাহিৰৰ পৰা আহি দকা-হকা দি অসমত থিতাপি লোৱাহি নাই। নিজৰ যোগ্যতা, কৰ্ম দক্ষতা তথা পৰিশ্ৰমৰ বলতহে অসমৰ ব্যৱসায়ৰ ক্ষেত্ৰখনত সবল খোপনি পুটিব পাৰিছে। ইয়াত অনুঘটকৰ কাম কৰিছে আমাৰ সোৰোপা স্বভাব, কৰ্মৰ প্ৰতি অনিহা তথা ‘এনেই খোৱা’ মনোভাৱে। আৰু এখন স্বাধীন সাৰ্বেভৗম ৰাষ্ট্ৰত -“বাহিৰৰ পৰা আহি অসমত বপোৰ কৰিছে যেতিয়া আমাক চান্দা দিবই লাগিব।” – এই কথাষাৰৰ কোনো যুক্তিযুক্ততা নাই। কেইজন দক্ষ অসমীয়া ওলাব ৰাজস্থান, হাৰিয়ানা, গুজৰাটত গৈ ব্যৱসায় কৰি প্ৰতিস্থিত হ’বলৈ· দুৱাৰ টো সকলোৰ বাবেই খোলা আছে।) পুনৰ মূল কথালৈ আহো। হয়, বহুতৰ বাবে বিহু মানে বব নোৱাৰা বৰঙণিৰ বোজা। গাঁৱে গাঁৱে চুবুৰিয়ে চুবুৰিয়ে বিহু মেলা, প্ৰাইজমানি ঘোষণাৰ প্ৰতিযোগিতা। চাৰি-পাচ কিঃ মিঃ আতৰে আতৰে বিহু নৃত্যৰ ডেৰ-দুই মহীয়া কৰ্মশালা। বৰ বিহুৱতী, সৰু বিহুৱতী, মাজু বিহুৱতী, বিহুৰাণী, বিহু সম্ৰাজ্ঞী, বিহু কুঁৱৰী আদিৰে দলদোপ হেন্দোলদোপ পাৰিৱেশ। ইফালে হুঁচৰি দল সমূহৰ অনাকাংক্ষিত ডিমাণ্ডবোৰ আছেই। ইয়াৰ লগতে বিহুমেলাৰ কেইবা মহীয়া পৰিকল্পনা, অঘোষিত প্ৰদৰ্শনকামী প্ৰতিযোগিতা, সাংস্কৃতিক সন্ধিয়াৰ শিল্পী নিৰ্বাচন (শিল্পীৰ মাননি, শিল্পীয়ে কি পিন্ধিব, কি গাব এইবোৰ বাদেই) আদিৰ হেঁচা আছেই। আনহাতে নাচনীয়ে কেনেকৈ নাচিব, হাত কিমানলৈ ডা¿ঙব, ককাঁল কেনেকৈ ভা¿ঙব ইয়াৰো লিখিত আইন হ’ল। মুঠতে এই সকলোবোৰৰ ধামখুমীয়াত বিহুৰ স্বতঃস্ফুৰ্ততা অলক্ষিতে হেৰাই গ’ল। (কণমাণি জনীৰো দায়িত্ব বাঢ়িল। আগতে বিহু বুলি পুৱাই মেখেলা-চাদৰ এযোৰ পিন্ধি ওলাই যোৱা ছোৱালীজনী সন্ধিয়াৰ পূৰ্বেভাগৰুৱা হৈ ঘৰ সোমাইছিলহি। এতিয়া সেই কণমাণিটিয়েই ৰাতি এপৰলৈকে বিহুমঞ্চত কৃত্ৰিম হাঁহি এটাৰে ‘খাৰা’ হৈ থাকিব লাগে ভোকে-ভাগৰে লেবেজান হৈ জ্ব হায় শৈশৱ !)
সেয়েহে কৈছো- বিহুত বৰবিহ সোমাইছে। এই বৰবিহে ‘বিহু বলীয়া’ ৰাইজৰ মন-মস্তিষ্ক এনেকৈ গ্ৰাস কৰি পেলাইছে যে আমি ‘কোলাৰ টো এৰি বোকাৰ টো’ বেছি আপোন কৰি লৈ নিজকে ধন্য মানিছো। আমি সম্পূৰ্ণৰূপে পাহৰি পেলাইছো বিহুৰ আদি ৰূপ। সেয়ে কোৱা হয় যিদিনাই বিহুক গছৰ তলৰ পৰা আনি মঞ্চত উঠোৱা হ’ল সেই তেতিয়াই বিহুৰ বাণিজ্যিকীকৰণ আৰম্ভ হ’ল, অসমীয়া সংস্কৃতিলৈ পুঁজিবাদী চিন্তাৰ আগমন ঘটিল। এই পুঁজিবাদে অনা সাংস্কৃতিক প্ৰদূষণে সৃষ্টি কৰিলে এচাম ৰুচিহীন গায়ক-শিল্পীৰ। বিহু মঞ্চত শিল্পীৰ অমাৰ্জিত আচৰণে সীমা চেৰালে। বিহু নামতো অশ্লীলতা সোমাল।
একমাত্ৰ সাংস্কৃতিক পুঁজিবাদৰ বিষবাষ্পৰে হিমায়িত হৈয়েই বিহু আজি এক অৰ্থআহৰণৰ আহিলা হ’ল। গাঁৱৰ হুঁচৰি দল নগৰমুৱা হ’ল। অৰ্থ আহৰণ হ’ল আশাতীত ভাৱে। পিছে হুঁচৰি দলে পোৱা পৰম্পৰাগত সন্মান আতিথ্য কৰবাতে থাকিল। (পিছ ৰাতিলৈকে হুঁচৰি গাই জীৱনত প্ৰথম বাৰ সোমৰসকণৰ নিষিদ্ধ আনন্দ লাভ কৰি পাছলৈ দুৰ্ঘোৰ মদাহী বুলি নিজ অঞ্চলটোলৈ সু-নাম কঢ়িয়াই অনা সকলৰ কথা এই আলোচনাৰ পৰা আতৰাই ৰাখিছোঁ।)
অসমীয়া চহা ৰাইজৰ সংস্কৃতিক প্ৰতিনিধিত্ব কৰা কৃষিভিত্তিক উৎসৱ বিহু বৰ্তমান হ’ল গৈ সংগীতৰ উৎসৱ। ই জাতিটোৰ সাংস্কৃতিক স্বকীয়তা ৰক্ষাৰ ক্ষেত্ৰত ভাবুকিস্বৰূপ। কিয়নো সংস্কৃতিয়েহে এটা জাতিৰ প্ৰকৃত ৰূপ প্ৰতিফলিত কৰে। সেয়ে বিহুৰ স্বকীয়তা ৰক্ষা কৰাতো জাতিটোৰ স্বাৰ্থতে অতি গুৰুত্বপূৰ্ণ। বিহুক কৃষিভিত্তিক উৎসৱ হিচাপেই জীয়াই থাকিবলৈ দিব লাগে। যদিও বিহু ৰংৰহইচৰ উৎসৱ তথাপি ৰাতি দুপৰলৈকে বিহুৰ নামত উশৃঙ্খল পৰিৱেশ সৃষ্টি কৰাতো, সাতদিনীয়া বিহুটো দুই-তিনিমাহলৈ পিচলাই নিয়াটো , কোনো মৰ্য্যদা সম্পন্ন, কৰ্মশীল জাতিৰ কাম হ’ব নোৱাৰে। বিহুক বৰ্তমানৰ অৱস্থাৰ পৰা এক পৰিশীলিত ৰূপত স্থাপন কৰিবলৈ এক গৱেষণালব্ধ, প্ৰণালীবদ্ধ আন্দোলিত চিন্তাৰ নিতান্তই প্ৰয়োজন। ই জাতিটোৰ ভৱিষ্যতৰ বাবেও অতি জৰুৰী। কাৰণ বিহুৰ নামত দুই-তিনিমাহ ঢোলটো কোবাই থকা জাতিটোৱে প্ৰগতিৰ বাটত বাট বুলিবলৈ সময়েই বা পায় ক’ত!

LEAVE A REPLY

Please enter your comment!
Please enter your name here