বিহুৰ বাতৰি

0
88

নমিতা শইকীয়া

সপ্তম শ্ৰেণী- ঘিলামৰা উঃমাঃ বিদ্যালয়

 

বিশ্বৰ প্ৰায় সকলো দেশৰ বােবই এপ্ৰিল তথা চ’ত মাহটো বৰ আেপান মাহ। কাৰণ প্ৰকৃতিয়েও নিজৰ আৱৰণ সলায় নতুনক আদৰে। ভিন ভিন দেশত এই মাহটোৰ নাম ভিন ভিন হয় । যদিও প্ৰকৃতিৰ আচৰণ প্ৰায় একে। অসমৰ প্ৰায় সকলো জনগোষ্ঠীৰ লোকে আদৰৰ ব’হাগ বিহুটি পালন কৰে। যেনে- অসমীয়া, মিচিং, বড়ো, কছাৰী তিৱা, লালুং কছাৰী, আদি জনগোষ্ঠীয় লোকে ব’হাগ বিহু পালন কৰে। প্ৰাচীন কালৰ বিহুৰ তুলনাত আজিৰ বিহুৰ যথেষ্ট তাৰতম্য দেখা যায় যদিও ইয়াৰ মূল উদ্দেশ্য হ’ল ৰঙালীক আদৰা।
চ’তৰ আগমনৰ লগে লগে কুলি কেতেকীয়েও গছৰ ডালে ডালে বহি কুৰুলিয়াই। কেপৗ ফুলেবাৰ দেখি মনত কি যে আনন্দ লাগে। নাহৰ, তগৰ, কেতেকী ফুলেবাৰ কুঁচ ভৰাই ল’বৰ মন যায় কিন্তু চিঙিব নোৱাৰো। ইমান ধুনীয়া ধুনীয়া ফুলেবাৰ যে চিঙি দিলে মৰহি যায় সেইবােব। বিহুৰ আগমনত ঢোলৰ গুম-গুমনিত মনটো ৰঙিয়াল হৈ পৰে মনেবাৰ নাচি উঠে। আগৰ বিহুৰ তুলনাত আজিৰ বিহু মাদকতাই Îবলেগ। আগৰ দিনৰ বৰগছৰ তলত কৰা বিহু আৰু আজিৰ মঞ্চ বিহুৰ মানদণ্ড তেনেই নগন্য। ল’ৰা-বুঢ়া, ডেকা-গাভৰু সকলোৱে মিলি কৰা গছ তলৰ বিহুৰ আনন্দই মধুৰ আছিল। কিন্তু আজিৰ মঞ্চ বিহুত কেইজনে বিহু গায়। সীমিত কেইজনমান বিশিষ্ট গায়ক-গায়িকাৰ বাদে মঞ্চত আনৰ আনন্দৰ স্থান নোহোৱাৰ নিচিনা হৈছে। আন হে নালাগে গাঁৱৰ হুঁচৰিটোও কোনো ঠাইত লোপ পাব ধৰিছে।
যি সময়ত ব’হাগ মাহত গাঁৱৰ হুঁচৰি যোৰাই শ্ৰেষ্ঠ বিহু হিচােপ পৰিগণিত হৈছিল সেই সময়তে আকৌ হুঁচৰিৰ বিলুপ্তি হোৱাৰ উপক্ৰম ঘটিছে। এইয়া জানো বিহুৰে অপসংস্কৃতি নহয়।
বিৰ্বতনমুখী ঐতিহাসিক প্ৰেক্ষাপত্ৰত আজি বিহুৰ সন্মুখত গভীৰ সংকটে দেখা দিলেও বিহুৰ ভৱিষ্যত অন্ধকাৰ বুলি ভবাতো সঠিক নহয়। বৰঞ্চ বিহুৰ ভৱিষ্যত উজ্জ্বল বুলিয়েই আমাৰ দৃঢ় বিশ্বাস। কাৰণ ইতিহাস সৃষ্ট সাধাৰণ মানুহে এদিন তেওঁলোকৰ হাতেৰে সমাজ-সংস্কৃতি পুনৰুদ্ধাৰ কৰি লবই। ইতিহাসৰ অবধাৰিত ধাৰা। সেয়ে অসমৰ মানুহেও তেওঁলোকৰ জীৱন যৌৱন আৰু সমাজক উদ্দীপিত কৰি অহা বিহু সংস্কৃতিৰ সুৰক্ষা দিয়া আৰু পৰিৱৰ্তিত সমাজ সভ্যতাৰ লগত খাপ খোৱা বিহুক অধিক সুৰক্ষা বিকশিত কৰাৰ নিৰবিচ্ছিন্ন সংগ্ৰাম চলাই যাবই। তাৰ বােব অৱশ্যে সকলো সময়তেই সুস্থ সবল-সচেতন আৰু সক্ৰিয় প্ৰচেষ্টা চলাই যাব লাগিব।
বিহু পতা, বিহু খোৱা, বিহু মৰাৰ নামত জোৰ জুলুম সংস্কৃতিপ্ৰিয় হৈ অসমীয়াৰ বদনাম সানিবলৈ গৈ আছে। জ্যেষ্ঠ তথা বয়সীয়াল সকলৰ অগোচৰে এচাম চেমনীয়াই মাক-দেউতাকৰ ধন বলেৰে মহিয়ান হৈ ঢোলৰ ঠাইত বাইক, মটৰ লৈ হুঁচৰি গোৱাৰ যি প্ৰৱনতা উদ্ভৱ হৈছে ই নিশ্চয়কৈ জাতিটোৰ বােব অসহনীয় সংকেতহৈ আহিছে। সংস্কৃতিৰ নামত বলীয়া হৈ বিহুৰ বৈশিষ্ট্য তথা সাজপাৰৰ, বিহুৰ বাদ্যৰ বিষয়ে পাহৰি পশ্চিমীয়া ধৰনেৰে আজি বিহু পাতিবলৈ চেষ্টা কৰিছে। কিন্তু পৰিতাপৰ বিষয় যে বিহু বিশেষজ্ঞ তথা বিহুৰ সম্বন্ধে চৰ্চা কৰা লোকৰ অভাৱ হৈছে। যাৰ ফলত বিজতৰীয়া সংস্কৃতিয়ে আজি বিহুক গ্ৰাস কৰি ধৰিছে। নতুন প্ৰজন্মৰ মাজত যেন বিহু পতাৰ নামত এক অনামি উন্মাদনাৰ সৃষ্টি হৈছে। সেয়েহে সাৱধান হ’বৰ হ’ল অসমীয়াৰ গৌৰৱ বিহু সংস্কৃতি ৰক্ষা কৰিবলৈ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here