বিহুৰ পৰিৱৰ্তনশীলতা বনাম গ্ৰহণযোগ্যতা

এটা সু-সমৃদ্ধ জাতিয়ে নিজৰ পৰম্পৰা, আচাৰ, ব্যৱহাৰ, কৃষ্টি-সংস্কৃতিৰ দ্বাৰাই আনৰ আগত পৰিচয় প্ৰকাশ কৰে। বিহু অসমীয়া জাতিৰ পৰিচয়। অসমীয়া জাতিৰ জীৱিকাৰ মূল উৎস কৃষিৰ ওপৰত নিৰ্ভৰ কৰিয়েই এটা সময়ত খেতিয়ক শ্ৰেণীটোৰ আনন্দ উপেভাগৰ মাজেদি বাপতি সাহোন বিহুৰ সৃষ্টি হৈছিল।
অসমত বসবাস কৰি অহা বিভিন্ন জাতি জনগোষ্ঠীসমূহৰ বাবে বিহু হৈছে একতাৰ বান্ধোন। অসমত বাস কৰা প্ৰতিটো জনগোষ্ঠীয়েই নিজস্ব নীতি নিয়মৰ দ্বাৰা অতীজৰে পৰা বিহু পালন কৰি আহিছে। বিহু সংস্কৃতিৰ সুকীয়া দৰ্শন আছে। আছে নিজস্ব ঐতিহ্য আৰু আদৰ্শ। সেইবাবে বিহুক জাতি চিনাকি হিচাপে গ্ৰহণ কৰাৰ লগতে আমি নৈতিক শিক্ষাৰ মাধ্যম হিচাপেও গ্ৰহণ কৰিব পাৰো।
অতীজতে বিহু আছিল গছতলৰ সংস্কৃতি। গাঁৱৰ গাভৰু সকলে দিনত একেলগ হৈ এজোপা গছক গামোচা পিন্ধাই লৈ গছজোপাক বেঢ়ি ‘তকা বিহু’ মাৰিছিল। ঠিক সেইদৰে ৰাতি ডেকা-গাভৰু সকলোৱে মিলি ‘ৰাতি বিহু’ মাৰিছিল সিঁচি থোৱা শইচৰ ওপৰত। এনেদৰে বিহু মাৰি আনন্দ উলাহৰ লগতে ডেকা-গাভৰু সকলে প্ৰকৃতিৰ লগত একাত্ম হ’বলৈ শিকিছিল আৰু পৰোপকাৰ, বিশালতা আদি গুণবোৰ প্ৰকৃতিৰ পৰা আহৰণ সেই গুণবোৰ হৃদয়ৰ পৰা হৃদয়লৈ বিয়পাই দিছিল।
সময় সলনি হ’ল। গছতলৰ বিহু লাহে লাহে মানুহৰ চোতাল পালেহি। কিন্তু ইয়াতো বিহুৰ আদৰ্শৰ বৰ সলনি নহ’ল। বিহু আহিলে জ্যেষ্ঠজনক সেৱা কৰা, প্ৰথমে গাঁৱৰ জ্যেষ্ঠজনৰ ঘৰত আশীৰ্বাদ লৈ হুঁচৰি গোৱা, এজনে আনজনক ঘৰতে বোৱা ৰুমাল গামোচা উপহাৰ দি মৰম শ্ৰদ্ধা প্ৰকাশ কৰা ইত্যাদি পৰম্পৰা আৰু নীতি নিয়ম বিলাক এই সময়তো বৰ সুন্দৰভাৱে চলি থাকিল। বিহুত ঘৰে ঘৰে ‘মৃতকৰ শলিতা’ নামৰ এটা সকাম পাতি গৃহস্থই পূৰ্বপুৰুষ সকলক স্মৰণ কৰাৰ লগতে নতুন প্ৰজন্মৰ মনত তেওঁলোকৰ প্ৰতি শ্ৰদ্ধাৰ ভাৱ সঞ্চাৰ কৰাৰ প্ৰথাও চলি থাকিল।
কিন্তু লাহে লাহে আমাৰ ৰীতি-নীতি আচাৰ ব্যৱহাৰৰ পৰিৱৰ্তন হ’বলৈ ধৰিলে। বাপতি সাহোন বিহুটি এইবাৰ মঞ্চত উঠিল। হুঁচৰি প্ৰায় নোহোৱা হ’ল বুলিয়েই ক’ব পাৰি। যি দুই এটা হুঁচৰি গাঁওবোৰত আছে, তেওঁলোকৰ সৰহখিনিৰে উদ্দেশ্য কেৱল পইচা গোটোৱা। ব্যক্তিগতভাৱে আমি লংপেন্ট পিন্ধি হুঁচৰি গাবলৈ অহা দ’লো দেখিছোঁ। কেচেটৰ বিহু দুটামান লৈ অত্যাধিক মদ্যপান কৰি বিহু গাবলৈ অহা হুঁচৰিৰ বিহুৱা কিছুমানক দেখিলে মনটো দুখেৰে ভৰি পৰে। সংস্কৃতি পালন কৰোতে যেতিয়া টকা পইচাই Îবছি গুৰুত্ব পায়, তেনে সংস্কৃতিয়ে মৰ্যাদা হেৰুৱায়। বিহু মঞ্চলৈ যোৱাৰ লগে লগে চান্দা তোলাৰ নিকৃষ্ট পৰম্পৰা এটাও গIÿ লৈ উঠিল। ৰাস্তাই ঘাটে গাড়ী মটৰ ৰখাই চান্দা তোলা আৰু চান্দা নিদিলে বহুতো অনৈতিক ঘটনা ঘটাও বৰ্তমান সময়ত পৰিলক্ষিত হয়। আজিকালি সৰহখিনি বিহু মঞ্চতে বিহু কমিটিৰ মূল সদস্যসকলে বিহুৰ বিষয়ে কিমান জানে সেইটো ডাãৰ কথা নহয়, তেওঁলোক কিমান টকা পইছা থকা মানুহ সেইটোহে ডাãৰ কথা হৈ পৰিছে। বিহুৰ গুৰুত্ব আৰু মৰ্যদা নজনা মানুহৰ হাতত বিহু পৰিচালনাৰ দায়িত্ব থাকিলে ইয়াত অপসংস্কৃতি সোমাবই। সেইবাবেই চাগে পইছাৰ লালসাত বহুতো বিহু মঞ্চৰ দাঁতিত বিদেশী ৰাগিয়াল বস্তুৰ বিজ্ঞাপন পৰ্যন্ত আঁৰি থোৱা দেখিবলৈ পোৱা যায়।
বিহুৰ মূল অলংকাৰ হৈছে বিহুনামসমূহ। এটা সময়ত বিহুনাম সমূহত ইতিহাস ৰাজনীতি, অৰ্থনীতি, প্ৰেমকে ধৰি অসমীয়া জন-জীৱনৰ সকলো দিশ সহজ সৰল আৰু মাৰ্জিত ভাষাত ফুটি উঠিছিল। কিন্তু বৰ্তমানৰ কেছেটত গোৱা অশ্লীল আৰু জটিল বিহুগীতবোৰে সচেতন মহলক যথেষ্ট নিৰাশ কৰে।
এটা সময় আছিল, বিহুৱানখন সময়মতে বৈ উলিয়াব পাৰিম নে নোৱাৰিম এই চিন্তাত বিহু ওচৰ চপাৰ লগে লগে তাঁত বৈ বৈ বোৱনীৰ পিঠিৰ বিষ উঠিছিল। খিটিক খিটিক তাঁতৰ মাতত চুবুৰী ৰজন-জনাই আছিল। হেঁপাহৰ বিহুৱানখনত কোনে কিমান ডাãৰ ফুল বাচিব পাৰে তাক লৈও অঘোষিত প্ৰতিযোগিতা চলিছিল বোৱনী সকলৰ মাজত। কিন্তু বৰ্তমান সময়ত বিহু ওচৰ চপাৰ লগে লগে ট্ৰাকে ট্ৰাকে বহি ৰাজ্যৰ পৰা গামোচা আনিব লগীয়া হোৱা বিষয়টো সচাকৈয়ে অতি দুঃখজনক। তদুপৰি টিভি চেনেল সমূহে অবতৰত পাতি থকা বিহুৰ বিভিন্ন অনুষ্ঠান আৰু প্ৰতিযোগিতা সমূহেও দৰ্শকসকলক যথেষ্ট বিমোৰত পেলায়। আনকি কেইবাটাও চেনেলে সস্তীয়া জনপ্ৰিয়তাৰ আশাত মাঘৰ বিহুতো হুঁচৰি মৰা পৰ্যন্ত দেখুৱাই কেইবছৰমানৰ পৰা বিহুৰ শ্ৰাদ্ধ পাতি আহিছে। ব’হাগ বিহু সাতদিনীয়া এটি উৎসৱ। সাতদিন বিহু উদ্যাপন কৰি আগৰ দিনৰ খেতিয়কসকলে আঠদিনৰ পৰা পুনৰ খেতি পথাৰত লাগে। কিন্তু আজিকালি বিহু জেঠ মাহলৈকে চলিয়েই থাকে। যাৰ ফলত খেতিয়ক সকলৰ দ্বাৰাই সৃষ্টি হোৱা বিহুৱে খেতিয়ক সকলৰ বাবেই বিপদ মাতি আনিছে। অ’ত ত’ত বিহু মাৰিবলৈ গৈ থাকিবলগীয়া হোৱাৰ বাবে ডেকা-গাভৰুসকলে খেতি পথাৰত মনোযোগ দিব নোৱাৰা হয়। তদুপৰি ঢোল যিহেতু পৰিৱেশ প্ৰদূষণকাৰী বাদ্য, গতিকে জেঠ মাহত ঢোলৰ মাতত ধানৰ ফুল সৰি পৰি সেই ধান পতান হয় বুলি বিজ্ঞজনে কোৱা শুনিবলৈ পাওঁ।
অৱশ্যে মঞ্চবিহুৰ সু-প্ৰভাৱ নাই বুলিও কব নোৱাৰি। অসমৰ বিহুক ৰাষ্ট্ৰীয় পৰ্যায়ত চিনাকী কৰাই দিয়াৰ ক্ষেত্ৰত সু-শৃংখলিত মঞ্চবিহুৰ যথেষ্ট ভূমিকা আছে। এটা সময়ত মঞ্চবিহুত হুঁচৰিত ল’ৰা ছোৱালী দুয়োটাই অংশগ্ৰহণ কৰিছিল। (যিহেতু হুঁচৰিত ছোৱালীৰ প্ৰৱেশ নিষেধ)। কিন্তু আজিকালি বহু সংখ্যক বিহু মঞ্চত ‘হুঁচৰি’ আৰু ‘মুকলি বিহু’ নামেৰে দুটা প্ৰতিযোগিতা পতা দেখা যায়। য’ত নেকি হুঁচৰি বিলাকত অতীতৰ নাতি-নিয়ম, অতীতৰ বিহুনামসমূহ, তথা পৰম্পৰাবিলাক ঘূৰি অহা দেখিবলৈ পোৱা গৈছে। যিটো আমাৰ নিশ্চয়কৈ বিহু সংস্কৃতি জীয়াই থকাৰ শুভ সংকেত।
মানুহ সামাজিক প্ৰাণী। সমাজ আৰু সংস্কৃতি অবিহনে আমাৰ জীৱন অসম্ভৱ। সময়ৰ পৰিৱৰ্তনৰ লগে লগে সংস্কৃতিৰো পৰিৱৰ্তন হ’বই। কিন্তু সেই পৰিৱৰ্তনে এখন সমাজলৈ যাতে ধবংস মাতি নানে তাৰ ওপৰত আমি সকলোৱে গুৰুত্ব দিয়া উচিত। ডাãৰ সকলে সৰু সকলক বিহু সম্বন্ধে সঠিক শিক্ষা আৰু তেওঁলোকৰ মনত লোক-সংস্কৃতিৰ প্ৰতি শ্ৰদ্ধাৰ ভাৱ সঞ্চাৰ কৰিবলৈ চেষ্টা কৰা উচিত। আন নহ’লেও বিহু আহিলে নিজৰ ঘৰৰ জ্যেষ্ঠজনক বা ওচৰৰ জ্যেষ্ঠ সকলক সেৱা জনাই আশীৰ্বাদ ল’বলৈ ল’ৰা-ছোৱালীক সৰুৰে পৰাই শিকাব লাগে। বিহুৰ গাম্ভীৰ্যতা, প্ৰয়োজনীয়তা আৰু সৌন্দৰ্যৰ বিষয়ে বিদ্যালয়, মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত কৰ্মশালা, প্ৰতিযোগিতা আদি অনু¿ষ্ঠত কৰিলেও উঠি অহা প্ৰজন্মক বিহুৰ বিকৃতকৰণৰ হাতোৰৰ পৰা অলপ হ’লেও ৰক্ষা কৰিব পৰা যাব নিশ্চয়।
উপসংহাৰ ঃ- আমাৰ বাপতি সাহোন বিহু সংস্কৃতিয়ে জাতীয় পৰিচয় হেৰুৱাই ক্ৰমাৎ বাণিজ্যিক, পণ্য-সংস্কৃতি আৰু পুঁজিবাদৰ কৰাল গ্ৰাসৰ মাজত লীন যাব ধৰিছে। বিশ্বায়নৰ ঢৌত আমাৰ জাতীয় কৃষ্টি-সংস্কৃতিয়ে বা বলাই নিজস্বতা হেৰুৱাই পেলাইছে। এনে পাবত গজা সাংস্কৃতিক পৰিৱেশৰ মাজত ডাãৰ দীঘল হোৱা আমাৰ নতুন প্ৰজন্মই শিপা ছিঙা এই সমাৰোহত জীণ যাব ধৰিছে। সময়, সমাজ আৰু সভ্যতাৰ গতিশীলতাৰ সমান্তৰালকৈ আমাৰ জাতীয়ত্বও গতিশীল। কিন্তু কেৱল উৎসৱ মুখৰতাৰ নামত উৎসৱ পালন কৰাটো, বিহু মৰাৰ নামত বিহু মৰাটো এক ব্যৱসায়িক ধান্দাবাজীলৈ পৰিণত হৈছে। বিহুনাম, বিহুনাচত যুগৰ প্ৰভাৱ পৰিব পাৰে। গছতলৰ, চোতালৰ বিহু মঞ্চলৈ উঠিব পাৰে কিন্তু বিকৃত মানসিকতাৰে বিহু মনাবলৈ যোৱাটো আজিৰ সময়ত আটাইতকৈ চিন্তনীয় আৰু উদ্বেগৰ বিষয় হৈ পৰিছে। এটা সময়ত অসমীয়াৰ অন্তৰজুৰি ৰৈ থকা এই সাংস্কৃতিক চিনাকি আজি আন্তৰিকতাহীন উন্নাসিকতালৈ পৰিণত হৈছে। টিভি চেনেলৰ দৌৰাত্ম্য, মঞ্চবিহু পতাৰ নামত জনপ্ৰিয় শিল্পীৰ বহুৱালিয়ে ব’হাগ আৰু বসন্তক আজি এক স্বাদহীন সত্বালৈ ৰূপান্তৰ কৰাটো আমাৰ সময়ৰ বাবে অভিশাপস্বৰূপে হৈ ধৰা দিছে। ব’হাগৰ নামত আজি সংহতি হয়, সাহিত্য হয়, গীত নৃত্য হয় কিন্তু অসমীয়াৰ ৰুচিবোধৰ এই পৰ্বান্তৰ শেষ নহয়।

LEAVE A REPLY

Please enter your comment!
Please enter your name here