ব’হাগ বিহু আৰু জেতুকা

0
397

মুনমী গগৈ- ত্ৰিবেণীপাৰা

বছৰৰ ছয়টা ঋতুৱে বছৰি নিত্য নতুন সম্ভাৰ লৈ চেনেহী অসম মাতৃৰ বুকুৰ মাজত ৰূপ-ৰস-গন্ধৰ Îপাহৰ মেলেহি। এই ছয় ঋতুৰ প্ৰধান অংগ বসন্তৰ আগমনৰ লগে লগে প্ৰকৃতি ৰাণীয়ে জীৰ্ণ আৱৰণ সোলোকাই নতুন কুঁহিপাত আৰু ফুলেৰে ন-সাজ পিন্ধি বসন্তক আদৰিবলৈ সাজু হয়। বসন্তৰ আগমণত কুলি কেতেকী, বিহুৱতী আদি চৰাইৰ সমাগত গীতত ধৰিত্ৰীৰ বুকুলৈ সৰগ নামে । ব’হাগ বিহুৰ আগমনৰ লগে লগে অসমীয়া জীয়ৰী-Îবাৱাৰীৰ মনক সজীৱ কৰি তোলে প্ৰকৃতিৰ এবিধ অংগৰাগ জেতুকাই।
জেতুকাৰ আবিহনে যেন ৰঙালী বিহুৰ আনন্দই অসাৰ। আগতে আমি বিহুৰ দিনা পেহী বা বাইদেৱে পাণৰ ঠুৰি, মধুৰী আমৰ কোঁহ জেতুকাৰ লগত খুন্দি প্ৰস্তুত কৰা প্ৰলেপ হাতত লগাওঁ। তাৰপাছত কলপাত লেৰেলাই দুহাতত মেৰিয়াই কেইবা ঘন্টাও বন্ধি থওঁ। বান্ধ খোলাৰ লগে লগে খাটি মিঠাতেল ঘহোঁ, যাতে ৰং ভালদৰে লাগে। আজিকালি আকৌ বজাৰত জেতুকা কিনিবলৈ পোৱা যায়। তেতিয়া পটাত পিহি থাকোতেই হাত দুখন ৰঙা হয়। সেই আনন্দৰ সোৱাদেই বেলেগ।
গৰু বিহুৰ দিনা ‘জেতুকা’ লোৱা ৰীতি আৱাহমান কালৰে পৰাই আমাৰ মাজত প্ৰচলিত হৈ আহিছে। সেইদিনা জেতুকা ল’লে হেনো নখচুকীয়া নহয়, শৰীৰত চৰ্মৰোগ বা বসন্ত ৰোগে দেখা নিদিয়ে। বৰ্তমান জেতুকাই প্ৰসাধনৰ আহিলা হিচােপহে প্ৰধান্য লাভ কৰিছে। জেতুকাৰ কিছু ঔষধি গুণ আছে। চুলিত জেতুকা লগালে চুলি সৰা, চুলি অকালতে পকা, উফি আদিৰ পৰা চুলিখিনি ৰক্ষা কৰিব পাৰি।
অসমৰ বাহিৰে দিল্লী, জয়পুৰ বা অন্ধ্ৰপ্ৰদেশত জেতুকাক ‘মেহেন্দী’ বুলি কয়। আজিকালি বিহুৰ বাদেও কইনাক বিয়াৰ এদিন বা দুদিনৰ আগতে ‘মেহেন্দী’ লগোৱাতো নিয়মৰ দৰেই হৈ পৰিছে। বিহুৰ বতৰত অসমীয়া ছোৱালীয়ে জেতুকা নল’লে যেন মনেবাৰ উকা উকা লাগে। জেতুকা লোৱা প্ৰথাই অসমীয়া সংস্কৃতিক এক বিশেষ স্বকীয়তা প্ৰদান কৰিছে।
গাঁৱে ভূঞে জেতুকাৰ গছ দেখিবলৈ Îপাৱা যায়। অসমৰ বাপতি সাহোন ৰঙালী বিহু যেতিয়ালৈকে থাকিব, তেতিয়ালৈকে আমাৰ মাজত জেতুকাৰ আদৰো থাকিব। ব’হাগ বিহুত ব্যৱহূত গছ-লতিকােবাৰৰ ভিতৰত জেতুকা অন্যতম। বিহু অসমৰ জাতীয় উৎসৱ। অসমীয়া সংস্কৃতিৰ প্ৰতীক। বিহুৰ বিভিন্ন আচাৰ অনুস্থানৰ মাজেদিয়েই প্ৰকৃততে অসমীয়া সংস্কৃতিৰ নানান দিশ প্ৰতিফলিত হৈ আহিছে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here