ব’হাগ বাপতি সাহোন নে

0
97

পুলুমা ভঁৰালী – মিলন নগৰ ঘিলামৰা

 

বিহুৰে বিৰিণা পাতে সমনীয়া
বিহুৰে বিৰিণা পাত
বিহু থাকে মানে বিহুকে বিনাবা
বিহু গ’লে বিনাবা কাক ·

এৰা ব’হাগ আহিল বুলি প্ৰতিজন অসমীয়াৰে মন ওগুল-থুগুল, গাত উখল-মাখল এক অনুভৱ। চেনেহৰ বিহুটি বছেৰেকৰ মূৰত আহে, প্ৰতিজন অসমীয়াৰে বুকু গৰ্বতে ফুলি উঠে। আৰম্ভ হয় ঢোল-পপোঁ, গগনাকে ধৰি সাজ-পাৰ, আমোদ-প্ৰমোদৰ পয়োভৰ। সমানে সমানে চলি থাকে ব’হাগী মেলা, বসন্ত উৎসৱ আয়োজনৰ কুচকাৱাজ।
গৰি্বত নহ’মনো কিয়· বসন্ত ঋতুত অসম মুলূকৰ প্ৰকৃতিৰ ৰূপ লাৱণ্য পুনৰ দোহৰা নিষ্প্ৰয়োজন। তাতে আকৌ বিহুৰ মাদকতা। শদিয়াৰ পৰা ধুবুৰীলৈ মৰম-চেনেহৰ আদান-প্ৰদান, পৰস্পৰে পৰস্পৰক লগ পোৱাৰ উৎসুকতা। অসম ভূমিয়েও যেন ক’ব বিচাৰে-
কুলিৰ কু-উ-উ মাতত
পুনৰ গা-লৰিল
আহি পালে ব’হাগ বুলি জানি
আকৌ দাপোনমতী হোৱাৰ হেঁপাহ জাগিল
চতুদিৰ্শে চকু ফুৰাই দেখো
কেপৗ, তগৰে মুকুতা সৰাইছে
কঁঠালৰ খোলত ছালে মাতিছে।
সাতখন-আঠখন গা-টোৱে
সতেজ ৰঙীন হোৱাৰ আশাত
আকৌ, এবাৰ আত্মতৃপ্তিৰ ক্ষণ গণিছে।
সময়ৰ সোঁতত ব’হাগে ঢাপলি মেলিলে বিৰিখৰ তলৰ পৰা চোতাল, চোতালৰ পৰা মঞ্চলৈ। এতিয়া আকৌ, ডিজিটেল ব’হাগ….। চাওঁচোন কিমান দূৰ উজায়….!!
চ’তে গইয়ে গইয়ে ব’হাগে পালেহি
ফুলিলে Îভবেলী লতা
কৈনো কৈ থাকিলে ওৰকে নপৰে
ৰঙালী বিহুৰে কথা।
গাঁৱৰ আকাশ-বতাহ উদুলি মুদুলি। ঢোলৰ গুমগুমনিৰ মাজে মাজে তৰা-পঘাৰ গোন্ধটোৱে আমোল-মোলাইছে। আধুনিকতাৰ ঢৌৱে কোৱাই যোৱা এঘৰত গৰু বিহুৰ দিনাৰ এটি পুৱা-
— যা দীপ, মাহ-হালধি পিছি বাথৰূমতে প্লেটত থৈ আহিছো, গাত ভালদৰে ঘঁহি সোনকালে গা টো ধুই আহগৈ। ককা-আইতাক সেৱা কৰিবলৈ লাগিব। তাৰ পিছত হে জলপান খামহঁক।
— মা, তুমি যে কি নিয়মবোৰ উলিয়াই থাকা। মই সেইবোৰ ঘঁহি নাথাকো। তোমালোকে আজিৰ যুগতো সেই পুৰণিকলীয়া হৈয়ে আছা দেই মা। তোমালোকেই ঘঁহিবা সেইবোৰ।
— অ’ বোপাই তেনেকৈ কিয় কৈছ· মাহ-হালধিৰে গা ধোৱাটো একো পুৰণি নতুন বুলি কথা নহয়। তাৰ ঔষধি গুণে গাৰ ছাল সতেজ কৰে। ব’হাগত মাহ-হালধি গাত লগালে ছালৰ বেমাৰ-আজাৰও দূৰ হয়। বছৰটোৰ মূৰত এদিন সেইকন কৰিবলৈও টান পাৱনে·
— হ’ব হ’ব, উপায় নাই আৰু ধুম দিয়া। কিন্তু মই সেৱা-চেৱা কৰি থাকিবলৈ নোৱাৰোঁ।
— আজি বিহুৰ দিনা সেইখন নকৰিবিচোন বোপাই। তহঁতৰ মতে বিহু মানে কেই দিনমানৰ মনোৰঞ্জনৰ এক সুযোগ। বিহু মানে কেৱল এক স্ফুৰ্তি-তামাচাই নহয় অ’। কৈ নো কি লাভ তহঁতৰ আগত। বিহু যে মৰম-চেনেহৰ এক বান্ধোন, তহঁতে পাহৰিয়ে যাৱ। আত্মীয়-কুটুমক মৰম-চেনেহ, সা-সন্মানেৰে মিলা-প্ৰীতিৰ ভাৱ বঢ়োৱাৰো যে সময় এই বছেৰেকৰ বিহুটিয়েই সেই কথা তহঁতে উপলব্ধিয়েই কৰিব নোৱাৰ। যা-যা এতিয়া সেইবোৰ তৰ্ক-বিতৰ্ক কৰি নাথাকিবি। সোনকালে গা-ধুই আহগৈ।
এনেদৰেই থৰক-বৰক হৈ পৰিছেহি বিহুৰ স্বকীয়তা তথা আত্মীয়তাও। সময় সলনি হোৱাৰ লগে লগে বিহুৰ স্বকীয়তাও সলনি হৈছে। উৎসৱ-পাৰ্বণ এটি আয়োজনৰ বস্তু দিহা কৰাৰ দৰে বিহুটি পালনও প্ৰাকৃতিক থলুৱা সম্ভাৰৰ পৰা বস্তুবাদী বজাৰ নিৰ্ভৰ হৈ পৰিছে। এইখিনিলৈকে ঠিকেই আছিল। কিন্তু কেৰোণটো ক’ত·
হয়, কেৰোণ লাগিছে, বিহুৰ যোগাৰত। আমি অকলে বিহুটি পাতিবই নোৱাৰো নেকি· কি নাছিল· কি নাই অসমত· আৰম্ভণিৰ পৰা শেষলৈ বিহুৰ যোগাৰত প্ৰতিটো খোজতে আনলৈ বাট চাব লাগে। আজি চেনেহৰ বিহুৱান খনও বহিঃৰাজ্যৰ গামোচাই ঠাই লৈছেহি।। জাতিটোৰ বাবে ইয়াতকৈ ডাঙৰ কুঠাৰাঘাট বেলেগ কিবা আছেগৈ নে? এসময়ৰ নদন-বদন অসম মুলূকত কৃষিভিত্তিক বিহুটিৰ সকলো যোগাৰ অসমৰ মাটিপানীৰ পৰাই হৈছিল। আজি যেন আমি নোৱাৰিছোঁ। সমল আছে কিন্তু কামত লগাব পৰা নাই। তাকে ভাৱি আইয়ে দুখেৰে কয়-
ৰবিদাস মুচীৰ পৰা ঢোলটো আনি
কান্ধত লৈ বিহুলৈ ওলাল গজেন ডেকা
পিন্ধনত আকৌ চুৰীয়া-কাটা গেঞ্জি
হেনো মুখাৰ্জী দোকানৰ পৰা অনা।
চিৰা মূডÿী বিচাৰি হাটলৈ গ’লগৈ
পালেগৈ মহীপাল মাৰোৱাৰীৰ দোকান
ভাল যেন দেখি জহা চাউল ও কিনিলে
এওঁলোক নহ’লে যেন বিহুটি পতাই টান।
নেৱাৰ নপোলীৰ গাখীৰৰ সোৱাদ
বিহুটিত বোলে বৰ ভাল।
তজবজীয়া ৰৌ, চাৰ লওক লওক বুলি
বজাৰত বহি আছে মজিবুৰ ৰহমান।
শেষত লাগিল গামোচা দুখনমান
নাপালে গাঁও চলাথ কৰি
অন্ধ্ৰৰ পৰা অহা চিন্থেটিক হ’লেও
তাকে কিনি আনি গাবলৈ ওলালে হুঁচৰি…!!
আইৰ দুখক গুৰুত্ব নিদি বিহুটি আগুৱাই গৈ থাকে। আইয়ে কেৱল আশীৰ্বাদহে শুনে- ভঁৰালত ধান, বাৰীত তামোল পাণ, গোহালিত গৰু, চালত কোমোৰা, পুখুৰীত মাছ…… জয় অ’ হৰি বোল, জয় অ’ ৰাম বোল….। ইমানৰ পিছতো ব’হাগক আধুনিক কৰাৰ নামত আৰু আমি কিমান কি নকৰিম। এসময়ৰ সকলো থলুৱা সম্ভাৰেৰে পৰিপূৰ্ণ অসমে বিহুটি নিজেই পাতিছিল, আজিও সেই একেই সম্ভাৰেৰেই পৰিপূৰ্ণ অসম। কিন্তু আজি আমাৰ কৰ্মৰ বাবে সময় নাই। সেয়ে আনক দিছো। আমি কেৱল উপেভাগ কৰিম, বিহুটি পালনৰ নামত হয়তো অলপ ফেস্বন দেখুৱাম আৰু বাকীখিনি আশীৰ্বাদতে গাম। এই সকলোবোৰৰ পিছত বিহু মঞ্চত কিন্তু প্ৰথমে অসমীয়া গীত হে বিচাৰিম।
নাই এনে হ’বলৈ দিব নোৱাৰি। আই-বোপাইয়ে আমাক আগৰ আদৰ্শ নেদেখুৱালে, নে আমি আদৰ্শলোৱাত ভুল কৰিলোঁ। যিয়েই নহওঁক, এতিয়া অসমীয়া ডেকাদলৰে পাল…
হেৰ’ অসমীয়া ডেকা দল…
বাৰীৰ চুকলৈ জুমি চা
এসাঁজৰ ঘৰখন তাতেই পা
পথাৰ ঘৰ পুখুৰী বিল
লুকাই থকা মণিক বিচাৰি যা
কামৰ নামত কেৱল চৰকাৰী ভৰসা বাদ দি
থলুৱা বজাৰত ভৰসা কৰি চা
গাঁৱে হাটে আছে অনেক আকৰ
আনলৈ নথৈ নিজেই চপা।
অন্ধ্ৰৰ মাছ, বেনাৰসীৰ পাটে
ছানি ধৰিলে অসম মুলূক
ডেকাদলেই পাৰিব ৰুধিব ইয়াক
যদিহে কৰে উৎপাদন ধূৰূপ।
বিহুৰ প্ৰাচুৰ্যতা দিনক দিনে বাঢ়িয়েই গৈ আছে। নতুনত্বৰ লগত খোজ মিলাই বিহুৱে ন-ন ৰূপত চিনাকি দিছে। ইলেক্ট্ৰনিক মেডিয়াত বিহুৱতী প্ৰতিযোগিতা চলিছে। লগতে দেশ-বিদেশৰ আকাশ মুখৰিত কৰাৰ উপৰিও লণ্ডণ অলিম্পিকৰ চোতাল গৰকিলে। সঁচাই, ভাৱিয়েই ভাল লাগে। অসম আৰু অসমীয়াৰ কলা-সংস্কৃতি বèহ্মপুত্ৰৰ দৰেই চিৰ প্ৰৱাহমান হওঁক। তাতে আকৌ যদি ইবোৰৰ আয়োজনও অসমৰ মাটিৰ পৰাই হয়, তেতিয়া দেখোন সোণতে সুৱগা চৰিব। তাৰ বাবে লাগে কিছু ৰজাঘৰীয়া সহায়ৰ হাত। বুকুত তেজ, বাহুত বল থকা আমাৰ বোপাহঁতক যদি ৰজাঘৰীয়া আশীৰ্বাদে ভালকৈ মুৰ তুলি চায়, তেন্তে অসম ভূমিৰ পৰাই ঠন ধৰি উঠি সকলো আশা ফুলি উঠিব, পুনৰ অসম মাতৃয়ে লাচিতৰ দেশ বুলি বুকু ফুলাই স্বস্তি লভিব। বèহ্মপুত্ৰৰ দুয়োপাৰে ঢোলৰ গুম-গুমনিয়ে আকৌ এবাৰ বাপতি সাহোন ৰঙালী বিহুটিক কান্ধত তুলি লৈ সকলোৱ একেলগে গাব পাৰিম-
অতিকৈ চেনেহৰ মূগাৰে মহুৰা
অতিকৈ চেনেহৰ মাকোঁ,
তাতোকৈ চেনেহৰ ব’হাগৰ বিহুটি
নপোতি কেনেকৈ থাকোঁ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here