ব’হাগৰ গান

0
58

দীপক দত্ত- ঘিলামৰা

কুঁহিপাতে ডালে ডালে সাজিছে কাচিছে
পৱনে চুমিছে আহি
অতি আলফুলে
পুৱাৰ অৰুণে আহি দিব ফেহুঁজালি
নৱ পল্লৱে নাচে
নানা চেঁও ধৰি
হঠাতে যেন….
চিকুন কোমল পাহিটি
অকাৰণে গ’ল মৰহি
বননিত সৰা ফুল বনতে শুকাল
কোনোৱে তাৰ নুবুজিলে মোল
এদিন….
সৰাপাতে ক’লে তুমি আেপান
পখিলাই আহি সৰালে মুকুল।

LEAVE A REPLY

Please enter your comment!
Please enter your name here