ব’হাগী আই

0
54

ধৰিত্ৰী গগৈ- ঘিলামৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়

এক এনাজৰী
অসমৰ বাপতি সাহোন বিহুটি
পাহাৰ-ভৈয়াম
সকলোতে বিহু তিনিটি।
তাৰে ভিতৰত
ব’হাগতে কৰো ধেমালি
কতো নাই
জাতি-জনজাতিৰ ভেদ
বড়ো, মিচিং,
তিৱা, নেপালী আৰু কত কি জাতি
সকলোৱে মিলি
ব’হাগতে নাচো আমি।
শাক-পাচলি,
পিঠা, লাড়ু সকলো আছে
কুলিৰ বিননিত
গছৰ ডালতে কপৌফুল ফুলি
প্ৰকৃতিক কৰিছে
কিমান শুৱনি।
সৰুৱে ডাঙৰক
সেৱা কৰি কৰো স্ফূৰ্তি
আনন্দৰ সীমা নাই
বুকুৰ আপোন বাপতি সাহোন বিহুটি।

LEAVE A REPLY

Please enter your comment!
Please enter your name here