ব’হাগত ব’হাগীৰ বিয়া

0
246

জয় প্ৰকাশ দত্ত– দেৱলীয়া গাঁও ঘিলামৰা

 

বহাগে কঢ়িয়াই আনে প্ৰেমৰ প্ৰাচুৰ্যতা। বহাগ মানেই যেন ডেকা-গাভৰুৰ মনত সুপ্ত হৈ থকা প্ৰেমৰ সুবাসেবাৰে আনন্দতে ঢৌ খেলিব বিচৰা এক নিবিডÿ অনুভৱ। কুলি-কেতেকীৰ সুৰীয়া মাতত, কেপৗফুলৰ মন-মতলীয়া সুবাসত সকলোৰে মন ৰাই-জাই, ৰাই-জাই কৰা এক মধুৰ মুহূৰ্ত অসমীয়াৰ বাপতি সাহোন ৰãালী বিহুটিয়ে কঢিÿয়াই আনে প্ৰেমৰ হাজাৰটা অনুভূতি, ৰং ৰইচৰ এসাগৰ মাদকতা আৰু মিলাপ্ৰীতিৰ অসীম এনাজৰী। য’ত থাকে মাথো মৰম ভালেপাৱা, বিশ্বাস, একতা আৰু মিলনৰ এবুকু ফুলাম সুবাস।
এইবাৰ হেনো আমাৰ গাঁৱৰ বহাগীৰ বিয়া পাতিছে। বহাগৰ ২৫ তাৰিখ। কল্পনাৰ সাগৰত উটি-ভাঁহি অ’তদিনে মনৰ সংগোপনত সাঁচি ৰখা হেপাঁহেবাৰেৰে তাই এডাল বৰণীয়া মালা গুঠিব খোজে। দীঘলকৈ ওৰণিখনৰ তলেৰে টিক্ টিক্ কৈ ৰãা এটি ফোঁট আৰু সেওঁতাত দীঘলকৈ সানি লোৱা সেন্দুৰৰ বুলেৰে তাইক সঁচাই ৰূপহীজনী দেখাব। লহিয়াব ধৰা Îবলিটোৰ দৰে ৰাãলী হৈ পৰিব তাই। মাক-দেউতাকৰো অযুত সেপান তাইৰ বিয়াখনক লৈ। পিছে, তাইৰ বিয়াত ৰভা দিব কোনে। গাঁৱৰ ডেকােবাৰ নোহোৱাই হ’ল। কৰ্ম সংস্থাপনৰ তাগিদাত সিহঁতেবাৰ আজিকালি কেৰেলা, মুম্বাই আদি চহৰত থিতাপি ল’লেগৈ।
অসমীয়াৰ দেহমন বহাগত প্ৰাণ পাই উঠে। নতুনকৈ ওলোৱা কুঁহিপাতেবাৰৰ দৰে সকলোৰে মনেবাৰ কুমলীয়া আৰু আলসুৱা হৈে পৰে। মৰমৰ সাঁকোখন আৰু অধিক টনকিয়াল কৰি তোলে এই বহাগেই। বহাগত যেন বিয়াখন পাতিব পাৰিলে সকলো সুখী। মনৰ মণিকোঠত সোমাই থকা টুকুৰা-টুকুৰ ভাৱনােবাৰ জোৰা দিব বিচাৰে বহাগত। বহাগীৰো মন, এই বহাগতে মনৰ আেপানজনক আদৰি লোৱাৰ। Îবন্দপাৰ্টিৰ মৃদু সুৰত, ঢোলৰ ৰগৰ উঠা চেওত তাইৰো দেহ-মন সাতখন-আঠখন হয়। আেপানজনক হিয়া উজাৰী চুমা এটা আঁকি দিবলৈ মন যায় তাইৰ। এক নিৰিবিলি আৱেষ্টনিৰ মাজত সংগোপনে তাইৰো মন যায় বিলীন হৈ পৰিবলৈ। ‘অসীমত যাৰ হেৰাল সীমা’ পঢিÿ উচুপি উঠা ছোৱালীজনীয়ে আজি পাতিব ওলাইছে এখন সুখৰ সংসাৰ। মৰমেবাৰেৰে সাজিব বিচাৰে তাই এটি সুখৰ তাজমহল। কিন্তু বাস্তৱ যে তাই ভৱাৰ দৰে নহয় তাই কেতিয়াও কল্পনাই কৰিব পৰা নাছিল। এদিন দুদিনকৈ বিয়াৰ দিন ওচৰ চাপিছিল। মাক-দেউতাক আৰু একমাত্ৰ ভায়েকৰ মুখলৈ চাব পৰা নাছিল তাই। দুচকুৰে Æব আহিছিল দূখৰ ধনশিৰি। তাই কেতিয়াও ভাৱিব পৰা নাছিল এদিন তাই নিজৰ ওপজা ঘৰখন এৰি যাবলগীয়া হ’ব। নিজৰ মনৰ পচন্দ মতে পৰ্দা লগাইছিল, ফুলৰ বাগান পাতিছিল। আলফুলে সদায় ঘৰৰ মজিয়া মচিছিল আৰু আজি তাই এই সকলো এৰি থৈ আনৰ ঘৰ এখনলৈ যাবগৈ। জন্ম, মৃত্যু আৰু বিবাহ এই তিনিটা শব্দ মানুহৰ জীৱনত কেতিয়া ভুমুকি মাৰে তাক কোনেও ক’ব নোৱাৰে। এগৰাকী নাৰী এজন পুৰুষলৈ বিয়া সোমোৱাতো এক প্ৰকৃতিৰ নিয়ম। বহাগীও ইয়াৰ ব্যতিক্ৰম নহ’ল।
আজি তাইৰ দৰা আহিব। মৰমৰ চুমাৰে সজাই মাকে পদুলীত দৰা আদৰিব। উৰুলিৰ ধবনীত বহাগীৰ বুকুখন ধান বনাদি বানিব। আেপানজনক মালা পিন্ধাব, হোমৰ জুইক সাক্ষী কৰি চিৰ জীৱনৰ কাৰণে তাই কাৰোবাক আদৰি ল’ব আৰু এখন মুখৰ সংসাৰ গঢ়িব।
পিছে হঠাৎ এজাক পাগল ধুমুহা পাৰহৈ গ’ল তাইৰ বুকুৱেদি। খবৰ আহিছিল দৰা ঘৰৰ পৰা। বৰযাত্ৰী কঢ়িয়াই অনা বাচখন দূৰ্ঘটনাত পতিত হৈছে। দৰাৰ সৈতে প্ৰায় ২০ জন লোকৰ মৃত্যু ঘটিছে। তাই নিবাক হৈ পৰিল। মুখেৰে একো কথা ক’ব নোৱাৰা হৈ পৰিল তাই। আকাশখন যেন তাইৰ মুৰত হঠাতে খহি পৰিল। তাইৰ শৰীৰ অংগ প্ৰত্যংগ ঠক্ ঠক্ কৈ কপিব ধৰিল আৰু হঠাৎ মাক, দেউতাক আৰু ভায়েকৰ মুখলৈ চাই তাই খিলখিলাই হাঁহি এটা মাৰি দৌৰি ভিতৰ সোমাল।
———————–
তাই এতিয়া পাগলী। কোনোবা অচিনাকী মানুহক দেখিলেই তাই ইনাই বিনাই কান্দে আৰু সুধে মোৰ দৰা কেতিয়া আহিব…..!! দৰা…..!!

(দূৰ্ঘটনা মানুহৰ জীৱনত কেতিয়াও কৈ নাহে, ই আচম্বিত। সেয়েহে নিজে নিজকে সাৱধানে জীয়াই চলিবলৈ শিকক। নহ’লে ক’ত জীৱনৰ সেপান আধাতে মৰহিব বহাগীৰ দৰে।)

LEAVE A REPLY

Please enter your comment!
Please enter your name here