দায়িত্ব, ব্যস্ততা ‘পছোৱা-অন্বেষণৰ মধুৰতা’ ইত্যাদি

0
187

গংগা প্ৰসাদ হাজৰিকা

 

পালন কৰিব লগা বহুবোৰ দায়িত্ব আৰু অনুৰোধ ব্যস্ততাৰ বাবে ইচ্ছা থাকিলেও ৰক্ষা কৰাত বৰ অসুবিধা হয়। সময়ৰ তাগিদাই অনুৰোধ ৰক্ষা কৰাত সদায়ে হেঙাৰ টানে। কিছু দায়িত্ব পালন কৰিম বুলি নিজে লোৱা সিদ্ধান্তৰ বাবেই মোৰ এই ব্যস্ততা। সেই সিদ্ধান্ত মৰ্মে হেমবৰুৱাৰ সম্পাদিত ‘পছোৱা’ৰ সংখ্যাবোৰ নিজ চকুৰে এবাৰ চোৱাৰ কথা ভাবিলো। ‘পছোৱাৰ কবিতা সমগ্ৰ সংকলন আৰু সম্পাদনাৰ বাটত বাৰুকৈয়ে অনুভৱ কৰিছিলো হেম বৰুৱাই অসমীয়া কবিতাৰ বাবে পালন কৰা দায়িত্ব আৰু দায়ৱদ্ধতাৰ গুৰুত্ব।
পছোৱাৰ বাটতে থাকে সম্ভাৱনা জীৱনৰ, ৰূপান্তৰৰ। অসমীয়া কবিতাৰো এমুঠি সম্ভাৱনা লৈ ইতিহাসৰ পাতত বিলীন হোৱা, মাথোঁ দহ মাহ আয়ুসেৰে হেম বৰুৱাৰ সম্পাদনাত প্ৰকাশিত ‘পছোৱা’ই সেই সম্ভাৱনাক বাস্তৱ কৰি অসমীয়া সাহিত্যত কবিতাৰ আধুনিকতাৰ বাটত এক মাইলৰ খুঁটি স্থাপন কৰি থৈ গ’ল।
অসমীয়া সাহিত্যৰ ছাত্ৰ হিচাপে ‘পছোৱা’ৰ নামটো কবিতাৰ আলোচনাৰ প্ৰসংগত কেৱল শুনিছিলোঁ; বিশ্ববিদ্যালয়ত পঢ়াৰ সময়তো ‘পছোৱা’ৰ ছাঁ দেখাৰ সৌভাগ্য নহ’ল। ‘পছোৱা’ৰ কবিতাবোৰ কেনেকুৱা আছিল সেই বিষয়ে খুঁচৰি চোৱাৰ– সেইবোৰ নিজে এবাৰ পঢ়ি চোৱাৰ এটা দুৰ্বাৰ ইচ্ছা মনত সদায়ে পুহি ৰাখিছিলোঁ। ২০১৬ চনৰ ডিচেম্বৰ মাহত যোৰহাটৰপৰা গুৱাহাটীলৈ উমাচল শিলালিপি আৰু কানাই বৰশী বোৱা শিলালিপিৰ আলোকচিত্ৰ তুলিবৰ বাবে অহা একালৰ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ সহপাঠী ড০ জ্যোতিৰেখা হাজৰিকাই ‘পছোৱা’ আৰু ‘জয়ন্তী’ (ইতিমধ্যে প্ৰকাশ হোৱা প্ৰথম বছৰৰ সংখ্যাবোৰ বাদ দি)ৰ দুৰ্লভ হৈ পৰা সংখ্যাবোৰ অনুসন্ধান কৰি আন নহ’লেও অন্ততঃ কবিতাখিনিকে পুনৰ সংকলন কৰিব পাৰিলে ভাল কাম এটা হয় বুলি আলোচনা কৰিলো। মনটো জীপাল হৈ উঠিল। লগে লগে আমি দুয়ো Îপান প্ৰথমে অসমীয়া কবিতাৰ যাত্ৰাপথত হেম বৰুৱা সম্পাদিত ‘পছোৱা’ই সিঁচি থৈ যোৱা আধুনিক কবিতাৰ ধাৰাটোৰ উমান ল’বলৈকে আলোচনীখনৰ সংখ্যাবোৰ বিচাৰি চোৱাৰ সিদ্ধান্ত ল’লোঁ। সুখৰ বিষয় যে, হেৰাই যাব খোজা অমূল্য সম্পদস্বৰূপ ‘পছোৱা’ আলোচনীৰ সংখ্যাকেইটা দুটি স্থানত ভালে-বেয়াই সংৰক্ষিত ৰূপত আমি উদ্ধাৰ কৰিলোঁ ক্ৰমে ‘নন্দ তালুকদাৰ ন্যাস পুথিভঁৰাল’ আৰু ‘পছোৱা’ৰ অন্তিমগৰাকী মহিলা কবি সত্যপ্ৰভা দাসৰ হাতত। ‘নন্দ তালুকদাৰ ন্যাস পুথিভঁৰাল’ত একত্ৰিত কৰি ৰখা পছোৱাখিনি বেটুপাতহীনভাৱে এতিয়াও অক্ষত অৱস্থাতে আছে যদিওপছোৱাৰ অন্তিমগৰাকী মহিলা কবি– সত্যপ্ৰভা দাসৰ হাতত থকাখিনিত বাৰুকৈয়ে সময়ৰ আঁচোৰ পৰিল। সাতাশী বছৰীয়া অসুস্থ কবিগৰাকীয়ে ‘পছোৱা’ৰ কবিতাসমূহৰ পুনৰ প্ৰকাশ হওক– কবিতাবোৰৰ পুনৰ মূল্যায়ন হওক, সেই আশা মনতে পুহি ৰাখিছিল। তেখেতৰ সেই আগ্ৰহ আৰু সময়ৰ আঁচোৰত ‘পছোৱা’ৰ পাতবোৰ চিৰকাললৈ হেৰাই যাবলৈ নিদিয়াকৈ অসমীয়া সাহিত্যৰ প্ৰতি থকা দায়বদ্ধতাৰ প্ৰতি সন্মান জনাই ‘পছোৱা’ৰ কবিতাখিনিক পুনৰ সংকলিত কৰি হেম বৰুৱা সম্পাদিত ‘পছোৱা’ৰ কবিতাসমগ্ৰ হিচাপে প্ৰকাশ কৰাৰ বাবে আমি সিদ্ধান্ত ল’লোঁ। গ্ৰন্থখন¸ সত্যপ্ৰভা দাসৰ হাতত অৰ্পণ কৰাৰ বাবে যো-জা কৰোতেই ১৯ ডিচেম্বৰৰ দিনা পুৱা তেখেতে শেষ নিশ্বাস ত্যাগ কৰিলে। পৰলোকলৈ গমন কৰিলেও তেখেতৰ পুণ্য স্মৃতিত আমি ‘পছোৱা’ৰ কবিতাসমগ্ৰ উছৰ্গা কৰিলোঁ।
১৯৪৮ চনত হেম বৰুৱাৰ সম্পাদনাত প্ৰকাশিত মাত্ৰ দহমহীয়া আলোচনী ‘পছোৱা’ৰ পাতে পাতে অসমীয়া সাহিত্যৰ কবিতাৰ এক পূৰঠ আৰু অমূল্য ইতিহাস সঞ্চিত হৈ আছে। নিহিত আৰু প্ৰৱাহিত হৈ আছে অসমীয়া কবিতাৰ আধুনিক ধাৰাৰ লগতে সাম্যবাদী আৰু Æবপ্লৱিক চেতনা। তাৰ মাজতে বাংময় হৈ উঠিছে ৰমন্যাসিক চেতনা। ৰমা দাশৰ কবিতা ‘Îপলাই দিয়া সেই চেন্দেলযোৰ·’ পঢ়িলে এনে লাগে সেয়া যেন এটি কবিতা নহয়– বেদনাবিধৌত এটি প্ৰেমৰ গল্পহে। উল্লেখযোগ্য যে, সাহিত্যৰ ধ্ৰু¸পদী বাটেদি অসমীয়া কবিতাই আধুনিকতাৰ বাটত বাটবোলাৰ স্বাক্ষৰ বহন কৰা ‘পছোৱা’ৰ পাতত ভূমুকি মৰা কবিসকলে পৰৱৰ্তী সময়ত উৎকৃষ্ট সৃষ্টিৰে অসমীয়া কবিতাৰ ভঁৰাল চিৰকালৰ বাবে চহকী কৰি থৈ গৈছে।
হেম বৰুৱাই অসমীয়া সাহিত্যৰ প্ৰতি থকা নিজৰ দায়িত্ব সুকলমে পালন কৰিছিল। ‘পছোৱা’ৰ আয়ুস টুটা সম্পৰ্কে হেম বৰুৱাই নিজেই আক্ষপে কৰিছিল। এনে এখন উন্নত মানৰ অসমীয়া আলোচনীয়ে অকালতে মৃত্যুৰ ক্ষণ গণিব লগা হোৱাটো অসমীয়া সাহিত্যৰ বাবেই বৰ দুৰ্ভাগ্যৰ কাৰণ।
ৰঘুনাথ চৌধাৰীৰ সম্পাদনাত প্ৰকাশিত ‘জয়™ন্তী’ আলোচনীখনৰ সংখ্যাসমূহো বৰ্তমান দুৰ্লভ। পছোৱাৰ দৰে তাৰো এটাসংখ্যাও দেখাৰ সৌভাগ্য হোৱা নাছিল।‘ জয়™ন্তী’ৰ প্ৰথম সংখ্যা প্ৰকাশিত হৈছিল ২ জানুৱাৰী,১৯৩৮ চনত। বেজবৰুৱা আৰু ৰজনীকান্ত বৰদলৈয়ে জয়ন্তীক আশীৰ্বাদ দি প্ৰথম সংখ্যাত শুভেচ্ছা বাৰ্তা লিখিছিল।
বহু দীঘলীয়া অন্বেষণৰ অন্তত তৃতীয় বছৰৰ পৰা একাদশ বছৰলৈকে জয়ন্তীৰ কিছু সংখ্যা উদ্ধাৰ কৰিব পাৰিলো। উপলব্ধ শেষ সংখ্যাটো হৈছে– ১১শ বছৰ ঃ ১১-১২ শ সংখ্যা, ১৯৫৪ চন (মাহ উল্লেখ নাই)। মোৰ সহপাঠী জ্যোতিৰেখা হাজৰিকাৰ লগত যুটীয়াভাবে বৰ্তমান সম্পাদনাৰ কাম কৰি আছো। আশাকৰো সম্পাদনাৰ কাম দুই-এমাহৰ ভিতৰত শেষ হ’ব।
অনুবাদৰ প্ৰতি থকা দুৰ্বলতাৰ বাবে দিনটোৰ অতিকমেও দহ ঘন্টা সময় অনুবাদৰ কামত ব্যস্ত থাকিব লগা হয়। শিক্ষা বিষয়ক অলেখ সহায়ক চৰকাৰী-বেচৰকাৰী পুথি ইংৰাজীৰ পৰা অসমীয়ালৈ অনুদিত কৰাৰ বাবে প্ৰতিদিনে থকা তাগিদা, বন্ধা থকা সময় আৰু দায়বদ্ধতাৰ বাবে আন কামত হাত দিবলৈ সময় উলিয়াব নোৱাৰো।
জানুৱাৰী মাহত অনুবাদ কৰি উঠিছো– বাংলাদেশৰ কিংবদন্তী লেখক হুমায়ুণ আহমেদৰ ‘দিনেৰ শেষে’, বৰ্তমান অনুবাদ কৰি আছো– বাংলাদেশৰ সৰ্বাধিক জনপ্ৰিয় মানৱতাবাদী লেখিকা– নাসৰীণ জাহানৰ বৃহৎ কলবেৰৰ অনবদ্য উপন্যাস ‘হংসনৰ্তকী’। এই উপন্যাসখনৰ অনুবাদ শেষ কৰি তেখেতৰ পুৰস্কাৰ প্ৰাপ্ত আন এখন উপন্যাস ‘উড়ুক্কু’ৰ কাম আৰম্ভ কৰিম। অনুবাদৰ বাবে যাবতীয় লিখিত অনুমতি লাভ কৰিলো। ইয়াৰ ফাঁকে ফাঁকে অনুবাদৰ আন বহুবোৰ কাম কৰিও দিব লগা আছে।
মই লিখা আন এখন উপন্যাস ‘জোনাকৰ ঘৰ’ প্ৰেছলৈ পঠাবলৈ ইতিমধ্যে সাজু কৰি তুলিছো।
অনুবাদ কৰি থকা উপন্যাস ‘হংসনৰ্তকী’ৰ পাতৰ পৰা কেইটামান শাৰী উল্লেখ কৰিলো–
ৰঙা-বগা আঁচল উৰুৱাই ব’হাগ গ’লগৈ– কেতিয়াবা ঘুৰ্ণীবতাহৰ কালৰূপ ধৰি নিশাবোৰ গহীন কৰি বৰদৈচিলাজনী হৈ, আকৌ কেতিয়াবা বৰ্ষাস্নাতা নগৰীৰ দুপৰীয়াটো নিৰস কৰি থৈ। একে বাটেৰে জেঠো যাবগৈ ৰোমকোপত জুইৰ শিখা ছটিয়াই থৈ। …
বাহিৰত চলি আছে ৰ’দ আৰু বতাহৰ লিৰিক, যেন সেয়া সংগীতৰ এক যুগল বন্দী–এছাটি জুৰ মলয়া খিৰিকিয়েদি ভুমুকি মাৰি সৌ সুদূৰৰ চহৰৰ কোলাহলৰ মাজত ক’ৰবাত বিলীন হৈ গ’ল।
দিন আহে নিশা যায়– প্ৰখৰ ৰ’দ আহে আৰু আহে হিমশীতল জোনাক, প্ৰখৰ ৰ’দত গ’লে বৰফ আৰু বৰফৰ পাহাৰ।
অঞ্জনে শীতৰ নিশা দুৱাৰ খুলি ওলাই আহে– হিমশীতল চোতালখনলৈ, চোতালত থকা গছবোৰো তেতিয়া হিম শীতলতাত বুৰ গৈ আছিল। পুৱতিৰ সুৰুযৰ প্ৰথম কিৰণত হিমশীতল বিন্দুকণাবোৰ জিলমিলাই উঠিছিল। বতাহৰ তীবèতাত কম্পিত অঞ্জনে মহাকাশৰ উMাল-উন্মাদ বতাহৰ শীতলতাত শান্তিৰ নিশ্বাস লৈছিল, খুলি পৰিছিল দেহ-মনৰ ৰুদ্ধ দ্বাৰ। নখৰ পৰা চুলিলৈকে অঞ্জনৰ দেহত ৰক্ত-মাংস সকলোবোৰ নোহোৱা হৈ বাজি আছিল মাথোঁ বতাহৰ সুৰ। ভয়ে ভয়ে সেই নিশা অঞ্জনে, সেই শিশিৰকণাত চুমুক দি অনুভব কৰিছিল–সি এক চাটক পখী, তাৰ হাত দুখন নোহোৱা হৈ গ’ল–তাৰ ঠাইত গজি উঠিল দুখনি ডেউকা। ফুলি থকা নাৰ্জীফুলৰ সুগন্ধত সি আত্মহাৰা হৈ পৰিল–ফুলকেইপাহ লাহে লাহে তাৰফালে হাউলি আহিল। তাৰপৰা শিশিৰকণাবোৰ নিগৰি পৰি আছে, চাটক পক্ষীৰ স্বাভাবিক ভঙ্গিত সি ডেউকা মেলি নেজডাল উঠাই ল’লে, সি অনুভৱ কৰি থকা ৰুদ্ধ ঘৰৰ যন্ত্ৰণাময় পৰিৱেশ থাউকতে নোহোৱা হ’ল। হিমসৰা পানীৰ টোপালেৰে উদৰ পূৰাই – টি… ই… ই… মাতেৰে সেই চাটক পক্ষীয়ে মধুৰ সুৰৰ মায়াজাল তৰি তন্দ্ৰালস অথবা জাগ্ৰত নতুবা অনাহাৰী মানুহক আছন্ন কৰি উৰি গুচি গ’ল… মাজৰাতি তাৰ টোপনি ভাগি গ’ল।
আবেলিৰ বেলিয়ে হিপ্পিবোৰৰ বাবে যেন পুৱাৰ হেঙুল দিয়ে– সন্ধিয়াটো ৰূপান্তৰিত হয় এক সুন্দৰ পুৱালৈ। বেলিটোৱে সেই সুৰুঙাতে এপলক জিৰাই ল’ব খুজিছে। …
গোটেই ঘৰটোতে পুঞ্জীভূত হৈ আছিল কুহকিনী নিশাৰ নীলছিয়া পৰিৱেশ, বিৰাজ কৰিছিল মকৰাই জাল সজাৰ এক নিৰ্জনতা। …
উপন্যাসৰ মাজৰ পৰা ওলাই আহি মনে বিচৰা সত্বেও মোৰ নিজা বিহু সন্মিলনীখনৰ বাবে লিখা এটা দিবলৈ মোক আগতীয়াকৈ জনোৱা সত্বেও সময় মিলাব পৰা নাই। সময় উলিয়াব নোৱাৰিলেও ব্যস্ততাৰ মাজত থাকি এক উমাল আমেজ অনুভৱ কৰো। আঁতৰত থাকিলেও মোৰ প্ৰতিটো গল্প, প্ৰতিখন উপন্যাসত নিজৰ ঠাইখিনিৰ ছবিখন সদায়েই আঁকিবলৈ চেষ্টা কৰো, এয়া দায়িত্ব বুলি ভাবো, মনেৰে সদায় তাতেই জীয়াই থাকো।
সকলোকে ৰঙালী বিহুৰ শুভকামনা যাচিলো।

LEAVE A REPLY

Please enter your comment!
Please enter your name here