টাই আহোম সকলৰ কৃষি ভিত্তিক উৎসৱ বিহু: এক চমু আলোকপাত

টাই সকলে সৌমাৰত প্ৰৱেশ কৰাৰ পৰা তেওঁলোকে লগত লৈ অহা কৃষি ভিত্তিক বিহু উৎসৱক পৰম্পৰা অনুসৰি তিনিটা- বহাগ বিহু, মাঘ বিহু আৰু কাতি বিহুক নিজস্ব ৰূপত পালন কৰিছিল আৰু তাৰে ৰূপান্তৰ ঘটাই আজিও পালন কৰি আহিছে।
অসমীয়া সংস্কৃতিৰ অপৰিহাৰ্য অংগ স্বৰূপ বিহু উৎসৱৰ জন্ম বিকাশ আৰু অগ্ৰগতিত টাই আহোম সকলৰ সাংস্কৃতিক প্ৰভাৱ পূৰামাত্ৰাই বিদ্যমান। সাংস্কৃতিক দিশৰ পৰা চালে দেখা যায় যে টাই আহোম সকলে অসমত এক নতুন সাংস্কৃতিক পৰিৱেশ সৃষ্টি কৰে। তেওঁলোকৰ দ্বাৰা অধিকৃত ৰাজ্য সমূহৰ ভাষা, ধৰ্ম, আচাৰ, ব্যৱহাৰ, সংস্কৃতি গ্ৰহণ কৰি তেওঁলোকে সমন্বয়ৰ প্ৰক্ৰিয়াৰে এক বৃহৎ অসমীয়া জাতি গঢ়ি তোলাত অহোপুৰুষাৰ্থ কৰে। বিহু উৎসৱক টাই-আহোম সকলে সমন্বয়ৰ ‘এক বিস্তৃত থলী বুলি ড০ লীলা গগৈদেৱে ‘অসমৰ সংস্কৃতি’ নামৰ গ্ৰন্থ খনিত উল্লেখ কৰিছে। ঋতুকালীন উৎসৱ ৰূপে উদ্যাপিত হোৱা ব’হাগ বিহুক টাই-আহোম সকলে বসন্ত ঋতুৰ পৰশত প্ৰকৃতিয়ে মনোমোহা ৰূপ ধাৰণ কৰাৰ সময়তে অনুস্থিত কৰে। এই বহাগ বিহুক আহোম সকলে ‘পয়ছেং ক্যেন’ বা কালিকা লগা বিহু বুলি কয়। টাই-আহোমৰ ভাষাত-

‘ডেন হাঁ জাও পাই কা ডেন ৰূক পয় ছেঙ কোন আও। মা হু আপ নাম, খাই আপ নাম।’

অৰ্থঃ চ’তৰ মাহ গ’ল। ব’হাগ মাহৰ কালিক লগা গৰু, ম’হক খুওৱা দিন পৰিছে। এই বিহুতেই আহোম সকলে ৰাজ শক্তিৰ প্ৰতীক বাঘ দেৱতাৰ দৰে শক্তি থকা চোম দেৱক পূজা পাতল আৰু মন্ত্ৰপুত সহকাৰে গা ধুৱাই শক্তিক উপাসনা কৰে। ইয়াক তেওঁলোকে ‘পয়ৰাঙ বিচু’ বুলি কয়। ‘পয়হুৰ অৰ্থ হ’ল, পয়-উৎসৱ, হু গৰু। অৰ্থাৎ কৃষিৰ সম্বল গৰুক আদৰ-সন্মান কৰা উৎসৱ। আকৌ এই উৎসৱক পিহু বুলিও কয়- ‘পি’ মানে হ’ল কৃষি বছৰৰ আৰম্ভণি। এই মাহৰ পাছৰে পৰা টাই-আহোম সকলে খেতি পথাৰ আৰম্ভ কৰিছিল। ৰোৱনীয়ে পথাৰত ৰোৱা গোজ লওতে পৰম্পৰা মতে এখিলা আগলি কলপাত, হেলচ এটা, মাটি কঠাল এটা, মধুৰিআম, কচু আৰু তৰাগছ, ভীম কল, শিল এটা আৰু থুৰীয়া তামোল দি লখিমীক কয়- “তৰাৰ দৰে ধানবোৰ ডাছ হৈ কচুৰ দৰে পোখা মেলি মধুৰীৰ দৰে গুটি ধৰি ধাননি পথাৰখন ঠোকবোৰে ভৰি পৰক। পোক পৰুৱা অনাহি-বনাহী, চৰহা-চেলেকা, গান্ধীপোক আদি কৰি, ডলিৰ চপৰাক শিতান কৰি বনক লাছুটি কৰি ঠন ধৰি উঠিব লাগে। শালিৰ লখিমী আহুৰ লখিমী আৰু কুবেৰ-কুবেৰণীক মাতি আজি গোজ লোৱা হৈছে। ইয়াৰ বাবে টোপোলা ভাত, হাঁহ মাংস, লুকলাও আৰু কোমোৰা শাক দিয়া হৈছে।
আকৌ লখিমীক আহ্বান কৰি ‘আইজং লাও’ মন্ত্ৰ টাই ভাষাত উচ্চাৰণ কৰা হয়-
‘আই জং লাওনি জং খাম খাও ৰাইখণ
না ফাং খাট। আই ব-ৰ ফুৰা ফু-খু ৰূ জি
ব-ৰ ফুল মোং। ছাং ৰূ ৰাই-ট-ডু-ৰাই
জক ৰাই বক ৰাই ঙাক ব-ৰ ছেং টামুলা
টা টেন কাও বাক চুপ-লেঙ ৰাক জাহেউ হান।’
অৰ্থঃ আই লখিমী, তুমিয়েই মানুহৰ অন্ন যোগাওতা চাৰুৱাই, জবৰাই, বকৰাই তিনিখন পথাৰত জিলিকি থাকি মানুহক জীয়াই ৰাখিছা। তুমি থুৰিপোক, চৰহা, চেলেকা, অনাহি-বনাহীক খেদাই পঠোৱাৰ গৰাকী। তোমালৈ নৈবেদ্য আগবঢ়াই খেতি পথাৰ সকলো ফালৰ পৰা আশীৰ্বাদ বিচাৰিছো। খেতিৰ কাৰ্য শেষ কৰি উঠি পুনৰ হাল উঠোৱা উৎসৱ পালন কৰে। “বহাগ বিহুটো টাই আহোম সকলে কৃষি উৎসৱ হিচাবে পালন কৰে কাৰণে কৃষিৰ লগত জড়িত এই গোছ লোৱা নিয়মিট লিখি দিলো।”
গৰু ম’হক গা ধুৱাওতে বৰ্তমানৰ দৰে অতীততো লাও, বেঙনা, কেৰেলা, থেকেৰা, মাহ-হালধী, চাক্ আৰু দীঘলতি, মাখিয়তী, ব্যৱহাৰ কৰি আহিছে। গৰু বিহুৰ দিনা এশ এবিধ শাক ৰান্ধি খোৱাৰ লগতে আমৰলিটোপ আৰু গাহৰি মাংস ভক্ষণ কৰি আহিছে। টাই আহোম সকলে হুঁচৰি গোৱা, কণীযুঁজ, কড়ি খেল, ৰাতি বিহু প্ৰথা, ঢোল-পেঁপা, গগনা আৰু অন্যান্য বাদ্যযন্ত্ৰৰ লগতে নানা ধৰণৰ গহনা -গাথৰিও মাহলুঙৰ পৰাই লগত লৈ আহিছিল বুলি পণ্ডিত সকলে বুৰঞ্জীত উল্লেখ কৰিছে। টাই আহোম সকলে এই ব’হাগ বিহুত উপৰি পুৰুষক শ্ৰদ্ধা তৰ্পন কৰাটো অধিক গুৰুত্বপূৰ্ণ বুলি মানি আহিছে।
ইতিহাসে আমাক সোৱৰাই দিছে যে নাৰী আৰু পুৰুষৰ মিলনৰ থলী ৰূপে পৰিচিত তাহানিৰ গছ তলৰ বিহু। টাই আহোম সকলে এই গছ তলৰ বিহুক ‘ছেঙনাঙ’ বুলি কৈছিল। এই বিহুত ডেকা সকলৰ পৰা এজন বিহুৱা বৰা আৰু গাভৰু সকলৰ মাজৰ পৰা এগৰাকী পৰিচালিকা নিৰ্বাচন কৰে। ‘ছেঙনাঙ’ৰ তাৎপৰ্য হ’ল ধৰিত্ৰীক শস্য-শ্যামলা কৰি তোলাৰ লগতে ধৰিত্ৰীৰ উৰ্বৰা শক্তি বৃদ্ধি কৰা। এই বিহুতলীত ডেকা সকলে মনৰ কথা নিজ পছন্দৰ গাভৰুৰ সন্মুখত ব্যক্ত কৰিছিল আৰু গাভৰুৰ সন্মতি অনুসৰি ঘৰলৈ Îবাৱাৰী কৰি আনিছিল।
সাদিনীয়াকৈ অনুস্থত হোৱা ছেঙনাঙ বিহু সম্পৰ্কে লোকেশ্বৰ গগৈদেৱে ‘টাই জন-সংস্কৃতি’ত উল্লেখ কৰিছে- ‘স্বৰ্গৰ দেও পৰীসকলৰ দ্বাৰাই ব’হাগী পূৰ্ণিমাত টাই সকলৰ গীত-মাত, সুৰ-বাদ্য আদিৰ ছেঙনাঙ বিহুৰ জন্ম হোৱা বাবে টাই সমাজত ব’হাগী পূৰ্ণিমাৰ দিনা সমূহীয়াভাৱে এই বিহু পতাৰ নিয়ম আছিল আৰু ব’হাগী পূৰ্ণিমা যোৱাৰ পাছতহে ছেঙনাঙ বিহুৱা বৰাই প্ৰথম বিহু পতা ঠাইত অৰ্থাৎ বৰগছৰ তলত ব’হাগীক বিদায় দিয়াৰ পৰম্পৰা আছিল। এই ছেঙনাঙ বিহু বৰ্তমানেও অসমৰ বহু প্ৰান্তত জেং বিহু নামেৰে সমাদৰ লাভ কৰি আহিছে বুলি ড০ লীলা গগৈ দেৱৰ লিখনিৰ পৰা জানিব পৰা গৈছে।
ব’হাগ বিহুত টাই আহোম সকলে চোমদেওৰ বিগ্ৰহক পূজা কৰোঁতে বিগ্ৰহক সোঁ মাজত লৈ চাৰিওফালে ঘূৰি ঘূৰি নৃত্য-গীত পৰিৱেশন কৰিছিল। এই অনুস্থানটোৰ নাম আছিল- ‘ৰুছেংৰি’। বহুতো পণ্ডিতে কব খোজে এই ‘ৰুছেংৰি’ শব্দৰ অপভ্ৰংশই হয়তু ‘হুঁচৰি’ হব পাৰে। অসমৰ জনজাতি নতুৱা টাই ভাষাৰ পৰাই ‘হুঁচৰি আৰু বিহু শব্দটো উৎপত্তি হৈছে। এই কথা বহুতে মানি ল’বলৈ যত্ন কৰা দেখা গৈছে।
শস্য-মৎস্য, নহৰু পণৰুৰে ভৰি থকা সোণালী, সেউজী অসমৰ বহুতো ডেকা গাভৰুৱে এই মনোমুগ্ধ পৰিৱেশৰ লগত চিনাকী নহয়þ যদিও হুঁচৰিৰ শেষত কিন্তু গৃহস্থক সুন্দৰ আশীৰ্বাদ দিবলৈ নাপাহৰে-

এটা বাটিত নহৰু, এটা বাটিত পনৰু
এটা বাটিত খুতৰা শাক
মূৰৰ চুলি চিঙি আশীৰ্বাদ কৰিছো
গৃহস্থ কুশলে থাক।

শেষত কব বিচাৰো ‘বিহু’ৰ ৰূপ পৰিবৰ্তন হ’ব পাৰে কিন্তু অসমীয়াৰ হৃদয়স্পন্দন ৰঙালী আমাৰ অবিহনেও অধিক উৎসাহেৰে পালন হৈ থাকিব।
মাঘ বিহু ঃ- এই বিহু হৈছে খেতি চপোৱাৰ সামৰণি উৎসৱ। অসমত বাস কৰা টাই আহোম সকলে এই বিহুক ‘মাই-জী’ উৎসৱ ৰূপে পালন কৰি আহিছে। ‘মাই’ৰ অৰ্থ হৈছে ‘বাঁহ বা কাঠ’ আৰু ‘জী’ৰ অৰ্থ হৈছে ‘দম বা দৌল’। অৰ্থাৎ ‘মাই-জী’ হ’ল বাঁহ কাঠৰ দৌল সাজি জুই দিয়া উৎসৱ। টাই ভাষাত ই ‘পয় ফাই মাই বিথুক থাও’ নামেৰে জনাজাত। মাঘ বিহুৰ মেজি পোৰা উৎসৱ উৎপত্তি সৰ্ম্পকে ইন্দ্ৰমোহন বৰুৱা দেৱে উল্লেখ কৰিছে- ‘ফ্ৰা-টু ছিঙ ফ্ৰঙ হুম’- ফ্ৰা-পৰম সৃষ্টি, টু- পৰম পিতৃ-গুৰু, ছিঙ- শব্দ ব্ৰহ্ম, ফ্ৰঙ- বিকশিত ৰূপ, হুম জ্বলি উঠা। অৰ্থাৎ ফ্ৰাই হৈছে সৃষ্টিৰ ক্ৰম বিকাশ স্বৰূপ ধাৰনত শব্দ আৰু জ্যোতি ব্ৰহ্ম উপৰি প্ৰম পুৰুষ। এই অগ্নিৰ ৰূপেই হ’ল সৃষ্টিৰ আদি ৰূপ। প্ৰম পিতৃ পুৰুষ ফ্ৰাই কৃষি পিতৃ লাংকুৰি আৰু সৃষ্টি পিতৃ ফ্ৰাই মাই ‘বিফুক থাও’ স্বৰূপকৰ্তা। শক্তিৰূপত ‘ফ্ৰাই মাই’ আৰু বিথুক থাও’ অগ্নি আৰু পোহৰ পাছতহে সজীৱ খাদ্যপ্ৰাণ শস্যৰ সৃষ্টি হৈছে। ‘বি’- চিৰ আৰাধ্য প্ৰৱাহমান, ‘থুক’- ছিৰা বা ঠোক, ‘থাও’ আদি সৃষ্টিকৰ্তা বা উৎপত্তিকৰ্তা। এই স্বৰূপ শক্তিৰদ্বাৰা ৰ’দ বৰষুণ সৃষ্টিৰ লগে লগে শস্য স্ৰষ্টাৰূপী পৰম পুৰুষ অগ্নি দেৱতাৰূপে ‘ডিন চাম্’ (মাঘ মাহত) শক্তিৰ প্ৰখৰতা লাভ কৰে। গতিকে এই মাহৰ উৎসৱ হৈছে শস্য সৃষ্টিৰ দেৱতাক পূজা-অৰ্চনা কৰা উৎসৱ।
বৰ্তমানৰ দৰেই টাই আহোম সকলে নদীৰ পাৰত দুফালে দুটা মেজি সাজি ভোজ-ভাত খাইছিল। পুৱা সোনকালে মেজি জ্বলাই মেজি জুইত পৰম্পৰা অনুসৰি চাউল, মাহ, গুৰ, পিঠা, দিয়ে আৰু অগ্নি দেৱতাক সেৱা জনাই আশীৰ্বাদ বিচাৰে। এই বিহুতো উপৰি পুৰুষক পূজা কৰে আৰু চিৰা-পিঠাকে ধৰি নানা বিধৰ নৈবেদ্য আগবঢ়ায়। ‘দেওধাই অসম বুৰঞ্জীৰ’ মতে এই বিহুতে ৰজাই নিজৰ প্ৰজাৰ মনত আনন্দ লগাবৰ বাবে শেন আৰু কণুৱা খেল, হাতীযুঁজ, ম’হযুঁজ, কুকুৰাযুঁজ, বাঘ-ভালুকৰ যুঁজ, ঘৰিয়াল যুঁজ আদিৰ আয়োজন কৰিছিল।
টাই আহোম সকলে চাওলুং চ্যু-কা-ফাৰ দিনৰে পৰা এই ভোগালী উৎসৱ পালন কৰি আহিছে। এই বিহুত ধনী-দুখীয়া সকলো লোকৰ ঘৰতে শস্য মৎস্যৰে উÍভনদী হৈ থাকে বাবে এই মাঘ বিহুক ভোগালী বিহু বুলি কয়। আহোম সকলে এই বিহুত প্ৰত্যেকে প্ৰত্যেকৰ ঘৰত আত্মীয় সকলৰ লগত একেলগে খাই আনন্দ ধেমালি কৰাটো অন্যতম বৈশিষ্ট্য।
কাতি বিহু ঃ- টাই আহোম সকলে এই বিহুক ‘ছিপ ছঙ কা’ নামেৰে পালন কৰি আহিছে। টাই আহোম সকলে আঘোণক বছৰৰ প্ৰথম মাহ আৰু কাতি মাহক বছৰৰ শেষ মাহ বুলি ধৰি আহিন কাতিৰ সংক্ৰান্তিৰ দিনা বছৰৰ সামৰণি উৎসৱ ‘ছপ ছঙকা’ পাতে।
তুলসীৰ তলত, ভঁৰালত, পদূলি মুখত, ঘৰৰ ভিতৰত, খেতি পথাৰত চাকি বন্তি জ্বলাইছিল। আৰু বৰ্তমানো জ্বলাই আহিছে।

“বৰ অসম গঢ়োতা চাওলুং ছ্যু-কা-ফা” অনিমা গগৈ বাইদেৱে লিখা পুথিখনৰ সহায় লৈ লিখা।

LEAVE A REPLY

Please enter your comment!
Please enter your name here