ছাত্ৰ-ছাত্ৰীৰ কেৰিয়াৰ গঠনত ছাত্ৰ সংগঠন, শিক্ষক আৰু অভিভাৱকৰ ভূমিকা

0
232

ড০ বুলজিৎ বুঢ়াগোহাঁই

অসমত বসবাস কৰা বিভিন্ন জনগোষ্ঠীৰ সামাজিক, অৰ্থনৈতিক তথা ৰাজনৈতিক উত্তৰণৰ হেতু প্ৰত্যেকটো জনগোষ্ঠীৰ ছাত্ৰ-ছাত্ৰীকে আনুষ্ঠানিক শিক্ষাৰ যোগেদি উপযুক্ত মানৱ সম্পদৰূপে গঢ়ি তুলিব লাগিব। উঠি অহা নৱপ্ৰজন্মই নিজ নিজ জনগোষ্ঠীৰ লগতে সমগ্ৰ জাতিটোৰ অস্তিত্ব ৰক্ষা কৰিবলৈ হ’লে শিক্ষা জীৱনৰ চালুকীয়া অৱস্থাতে নিজৰ কেৰিয়াৰৰ ক্ষেত্ৰত সতৰ্কতা অৱলম্বন কৰিব লাগিব। এই ক্ষেত্ৰত সজাগতা আনিবৰ বাবে বিভিন্ন দল-সংগঠনেও পদক্ষেপ গ্ৰহণ কৰিব লাগিব।
বৰ্তমান অসমৰ শিক্ষানুষ্ঠানসমূহত বিভিন্ন বিষয়ৰ পাঠ্যক্ৰম অধ্যয়নৰ সুবিধা আছে যদিও হাইস্কুল শিক্ষান্ত পৰীক্ষাত কৃতকাৰ্য হোৱাৰ পিছত ছাত্ৰ-ছাত্ৰীৰ নিজৰ পচন্দৰ পাঠ্যক্ৰম লৈ উচ্চ শিক্ষা লাভৰ বাবে পৰ্যাপ্ত সংখ্যক শিক্ষানুষ্ঠান আমাৰ ৰাজ্যখনত নাই। নতুন নতুন পাঠ্যক্ৰমৰ সকলোবোৰ বিষয়ো অসমৰ শিক্ষানুষ্ঠানসমূহত উপলব্ধ নহয়। ফলস্বৰূপে, অসমৰ বহু সংখ্যক ছাত্ৰ-ছাত্ৰী প্ৰত্যেক বছৰে অসমৰ বাহিৰৰ শিক্ষানুষ্ঠানসমূহত উচ্চ শিক্ষা লাভৰ বাবে যাব লগা হয়। কিন্তু, হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পিছত কোনবোৰ বিষয় অধ্যয়ন কৰিব পাৰি, অসম তথা দেশ-বিদেশৰ বিভিন্ন শিক্ষানুষ্ঠানসমূহত কি কি বিষয়ৰ পাঠ্যক্ৰম অধ্যয়নৰ সুবিধা আছে, প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে কেনেদৰে প্ৰস্তুতি চলাব লাগে, বিভিন্ন শিক্ষানুষ্ঠানসমূহত শিক্ষা লাভ কৰিবলৈ অথবা বিভিন্ন চাকৰিৰ বাবে কেনেধৰণৰ অৰ্হতাৰ প্ৰয়োজন, বিভিন্ন চাকৰিবোৰৰ বিজ্ঞাপন তথা প্ৰতিযোগিতামূলক পৰীক্ষাবোৰৰ বিতং তথ্য ক’ৰ পৰা সংগ্ৰহ কৰিব পাৰি, ইন্টাৰনেটৰ জৰিয়তে কেনেকৈ শুদ্ধ তথ্য সংগ্ৰহ কৰিব পাৰি ইত্যাদিৰ বিষয়ে বহু সংখ্যক ছাত্ৰ-ছাত্ৰী জ্ঞাত নহয়। কিন্তু এই অজ্ঞতাৰ বাবে ছাত্ৰ-ছাত্ৰীসকলক জগৰীয়া কৰিব নোৱাৰি। কাৰণ, এনেবোৰ বিষয়ৰ আলোচনাৰ বাবে বিদ্যালয়-মহাবিদ্যালয়বোৰত সাধাৰণতে কোনোধৰণৰ সুবিধা প্ৰদান কৰি দেখা নাযায়। বিদ্যালয়-মহাবিদ্যালয়ৰ বাৰ্ষিক আলোচনীবোৰত কেৰিয়াৰ বিষয়ক লেখা প্ৰকাশৰ উপৰিও বিদ্যালয়- মহাবিদ্যালয় সপ্তাহৰ লগত সংগতি ৰাখি কেৰিয়াৰ সম্পৰ্কীয় কৰ্মশালা আয়োজন কৰিলেও ছাত্ৰ-ছাত্ৰীসকল যথেষ্ট উপকৃত হ’ব। কেৰিয়াৰ সম্পৰ্কীয় গ্ৰন্থ আৰু আলোচনী নিয়মীয়াকৈ পঢ়িলেও ছাত্ৰ-ছাত্ৰীসকলৰ নিজ কেৰিয়াৰ গঠনৰ ক্ষেত্ৰত সহায় হ’ব।
ইন্টাৰনেট জৰিয়তে কেৰিয়াৰ সম্পৰ্কীয় বহু তথ্য সংগ্ৰহ কৰিব পাৰি। কিন্তু আমাৰ ৰাজ্যখনৰ সকলো ছাত্ৰ-ছাত্ৰীয়ে ইন্টাৰনেট ব্যৱহাৰ কৰাৰ সুবিধা কৰাৰ লাভ কৰা নাই আৰু যিসকলে ইন্টাৰনেট ব্যৱহাৰ কৰি আছে, ইয়াৰে মাজৰ বহুতেই ইয়াৰ সুপ্ৰয়োগ কৰিবলৈ শিকা নাই। ইন্টাৰনেটৰ জৰিয়তে কেনেকৈ কেৰিয়াৰ সম্পৰ্কীয় শুদ্ধ তথ্য লাভ কৰিব পাৰি সেই বিষয়েও ছাত্ৰ-ছাত্ৰীসকলক শিক্ষা দিয়াৰ প্ৰয়োজন আছে। ইন্টাৰনেটত চাৰ্চ ইঞ্জিন (Search Engine) ৰ জৰিয়তে কেৰিয়াৰ বিষয়েও জানিব লাগিব। কোনো শিক্ষানুষ্ঠান, অনুষ্ঠান-প্ৰতিষ্ঠান, বিভাগবোৰৰ অফিচিয়েল ৱেবছাইটবোৰ চাব লাগিব। যি সমূহৰ অফিচিয়েল ৱেবছাইট নাই সেইবোৰৰ বিষয়ে জানিবলৈ বেলেগ অফিচিয়েল ৱেবছাইটবোৰৰ অধীনত থকা তথ্য সংগ্ৰহ কৰিব লাগিব।
যিকোনো বিশ্ববিদ্যালয়-মহাবিদ্যালয়ত নামভৰ্ত্তি কৰাৰ পূৰ্বে শিক্ষানুষ্ঠানসমূহৰ বৈধতা-ডিগ্ৰীৰ মৰ্যাদাযব্যৱস্থাযস্বীকৃতিপ্ৰাপ্তিৰ মৰ্যাদা আদিৰ বিষয়ে জানি ল’ব লাগে। এই তথ্যবোৰৰ বিভিন্ন শিক্ষা বিষয়ক পৰিষদ য সংস্থা আদিৰ ৱেবচাইটৰ পৰা লাভ কৰিব পাৰি। যেনে – মানৱ সম্পদ উন্নয়ন মন্ত্ৰণালয় (www.education.nic.in) বিশ্ববিদ্যালয়ৰ অনুদান আয়োগ (www.ugc.ac.in) ভাৰতীয় চিকিৎসা পৰিষদ (www.mciindia.org), ৰাষ্ট্ৰীয় মূল্যায়ংকন আৰু স্বীকৃতি পৰিষদ (www.naac.gov.in), নিখিল ভাৰত কাৰিকৰী শিক্ষা পৰিষদ (www.aicte-india.org), ভাৰতীয় বিশ্ববিদ্যালয় সংস্থা (www.aiuweb.org), দূৰ শিক্ষা পৰিষদ (www.dec.ac.in), ভাৰতীয় নাৰ্ছিং পৰিষদ (httpজ্ঞ!!www.indiannursinghcouncil.org), আৰ্কিটেকচাৰ পৰিষদ (httpজ্ঞ!!www.coa.govi), ভাৰতীয় বাৰ পৰিষদ (www.arcounclondia.org) আদি। শিক্ষানুষ্ঠানসমূহৰ এই পৰিষদ বা সংস্থাবোৰ স্বীকৃতিপ্ৰাপ্ত হোৱাৰ উপৰিও যি বিভাগত অধ্যয়ন কৰিব বিচাৰে, সেই বিভাগটোও স্বীকৃতিকপ্ৰাপ্ত হ’ব লাগিব। তদুপৰি উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীসকলে কেনেদৰে প্ৰতিষ্ঠিত হৈছে তাৰো এটা সম্যক ধাৰণা লোৱা উচিত। সেইদৰে শিক্ষানুষ্ঠানখনৰ শিক্ষণ ব্যৱস্থা, উত্তীৰ্ণৰ হাৰ, নামভৰ্ত্তিৰ প্ৰক্ৰিয়া, পুথিভঁৰাল, ইন্টাৰনেট সেৱা, থকাৰ সা-সুবিধা, আৰ্থিক সাহাৰ্য লাভৰ সুবিধা আছে নে নাই তথা বিভিন্ন মাচুলৰ পৰিমাণৰ বিষয়েও জানি লোৱা উচিত। ইয়াৰ উপৰিও জানিবলগা আন দিশবোৰৰ কিছুমান হ’ল – শিক্ষানুষ্ঠানখন চৰকাৰী নে বেচৰকাৰী আৰু সুৰক্ষিত স্থানত অৱস্থিত হয় নে নহয়, শিক্ষানুষ্ঠানখনৰ আকাৰ কেনেকুৱা অৰ্থাৎ ছাত্ৰ আৰু শিক্ষকৰ অনুপাত কিমান, ঘৰৰ পৰা শিক্ষানুষ্ঠানখনৰ দূৰত্ব, কেম্পাচ ইন্টাৰভিউ হয় নে নহয়, খেলা-ধূলাকে আদি কৰি অন্যান্য Extra Curricular Activities কৰিবৰ বাবে সুবিধা আছে নে নাই ইত্যাদি। লগতে প্ৰাক্তন ছাত্ৰ-ছাত্ৰীৰ সংগঠন (Alumni Network) কিমান শক্তিশালী সেই বিষয়েও জানি লোৱাটো উচিত যিহেতু এই সংগঠন শক্তিশালী হ’লে শিক্ষাৰ্থী সকলৰ চাকৰি লাভ কৰাটো অধিক সুবিধা হয়।
হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা পিছত সাধাৰণতে প্ৰায়বোৰ ছাত্ৰ-ছাত্ৰীয়ে উচ্চতৰ মাধ্যমিক কলা, বিজ্ঞান নে বাণিজ্য শাখাত নামভৰ্ত্তি কৰিব নতুবা বৃত্তিমুখী (Vocational) শিক্ষা গ্ৰহণ কৰিব, সেইটো সিদ্ধান্ত লওতে বিবুদ্ধিত পৰে আৰু উচ্চতৰ মাধ্যমিকৰ কোনটো শাখা নিৰ্বাচন কৰিলে সোনকালে চাকৰি পোৱা যাব সেই বিষয়েও জানিব বিচাৰে। কলা, বিজ্ঞান বা বাণিজ্য যিকোনো শাখাতে ভালদৰে উত্তীৰ্ণ হৈ নিজৰ দক্ষতা প্ৰকাশ কৰিব পাৰিলে ছাত্ৰ বা ছাত্ৰীগৰাকীয়ে সংস্থাপনৰ সুবিধা লাভ কৰিব পাৰে। সাধাৰণতে হাইস্কুল শিক্ষান্ত পৰীক্ষাত ভাল নম্বৰসহ উত্তীৰ্ণ হ’লেই ছাত্ৰ-ছাত্ৰীসকলে বিজ্ঞান শাখাত নামভৰ্ত্তি কৰাৰ বাবে নিজে সিদ্ধান্ত গ্ৰহণ কৰে অথবা কোনো কোনো ক্ষেত্ৰত অভিভাৱকসকলেও জোৰ কৰি উচচতৰ মাধ্যমিকৰ বিজ্ঞান শাখাত নামভৰ্ত্তি কৰিবৰ বাবে বাধ্য কৰায়, কিন্তু এনে হোৱা উচিত নহয়। ছাত্ৰ-ছাত্ৰীসকলৰ কোনো বিষয়ৰ প্ৰতি থকা ৰাপ তথা আত্মবিশ্বাসৰ ওপৰত ভিত্তি কৰিহে উচ্চতৰ মাধ্যমিকৰ বিজ্ঞান, কলা নে বাণিজ্য শাখাত নামভৰ্ত্তি কৰিব তাৰ সিদ্ধান্ত গ্ৰহণ কৰিব লাগে, নম্বৰৰ ওপৰত ভিত্তি কৰি নহয়। যিহেতু বিভিন্ন কাৰণত আগ্ৰহ থকা বিষয়বোৰত ছাত্ৰ বা ছাত্ৰীগৰাকীয়ে আশা কৰা মতে নম্বৰ লাভ নকৰিবও পাৰে। যদি ছাত্ৰ বা ছাত্ৰীগৰাকীৰ গণিত বিষয়ত ৰাপ আছে তেন্তে বিজ্ঞান অথবা বাণিজ্য শাখাত নামভৰ্ত্তি কৰিব পাৰে। সেইদৰে সাহিত্যৰ বিষয়ত আগ্ৰহীসকলে কলা শাখাত নামভৰ্ত্তি কৰিব পাৰে। আকৌ কোনো ছাত্ৰ-ছাত্ৰীয়ে যদি গণিত আৰু সাহিত্য দুয়োটা বিষয়তে ৰাপ আছে তেন্তে গণিত বিষয়সহ কলা শাখাত নামভৰ্ত্তি কৰিব পাৰে। সেইদৰে গণিতত ৰাপ থকা ছাত্ৰ-ছাত্ৰীয়ে বিজ্ঞান শাখাৰ জীৱবিজ্ঞান বিষয়টি নোলোৱাকৈ বিজ্ঞান শাখাত নামভৰ্ত্তি কৰিব পাৰে, একেদৰে জীৱবিজ্ঞান বিষয়ত ৰাপ থকা ছাত্ৰ-ছাত্ৰীয়ে গণিত বিষয়টি নোলোৱাকৈ উচ্চতৰ মাধ্যমিক বিজ্ঞান শাখাত নামভৰ্ত্তি কৰিব পাৰে। কিন্তু এইখিনিতে এটা কথা উল্লেখ কৰা ভাল হ’ব যে বিজ্ঞান শাখাত নামভৰ্ত্তি কৰা ছাত্ৰ-ছাত্ৰীসকলে গণিত তথা জীৱবিজ্ঞান দুয়োটা বিষয় নিৰ্বাচন কৰিলেহে ভৱিষ্যতে বহু ক্ষেত্ৰত সুবিধা লাভ কৰিব পাৰিব। ইয়াৰ উপৰিও কোনটো শাখাত কি কি বিষয় অন্তভূক্ত হৈ আছে তথা সেইবোৰ বিষয় অধ্যয়ন কৰিলে ভৱিষ্যতে কেনেধৰণৰ কেৰিয়াৰ গঢ়াৰ সুবিধা লাভ কৰিব, সেই সম্পৰ্কে ছাত্ৰ-ছাত্ৰীসকলে এক সম্যক ধাৰণা যুগুতাই ল’ব পাৰিলে শাখা নিৰ্বাচন কৰাৰ ক্ষেত্ৰত যথেষ্ট সুবিধা হ’ব। ইয়াৰ উপৰিও শাখা নিৰ্বাচন কৰোতে ছাত্ৰ-ছাত্ৰীসকলৰ হবি (Hobby) বোৰকো গুৰুত্ব প্ৰদান কৰিব লাগে। কিয়নো এই হবিসমূহেই ছাত্ৰ জীৱন, কৰ্ম জীৱন তথা অৱসৰ জীৱনত বিভিন্ন ধৰণে সহায় কৰিব পাৰে। কোনো ব্যক্তিৰ ভৱিষ্যত জীৱনৰ হয়তো হবিয়েই এদিন কেৰিয়াৰ হ’ব পাৰে। ছাত্ৰ-ছাত্ৰীসকলৰ শাখা নিৰ্বাচন কৰাৰ ক্ষেত্ৰত অভিভাৱক সকলৰ আৰ্থিক অৱস্থায়ো এক বিশেষ ভূমিকা গ্ৰহণ কৰে। যিসকল ছাত্ৰ-ছাত্ৰীয়ে সোনকালে উপাৰ্জন কৰিব বিচাৰে, তেওঁলোকে বৃত্তিমুখী শিক্ষা গ্ৰহণ কৰিব পাৰে।
হাইস্কুল শিক্ষান্ত চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পিছত – (ক) ঔদ্যোগিত প্ৰশিক্ষণ কেন্দ্ৰ বা আই টি আইৰ বিভিন্ন Îট্ৰডত (খ) পলিটেকনিকৰ বিভিন্ন বিভাগত (গ) উচ্চতৰ মাধ্যমিকৰ বিভিন্ন শাখাত (কলা-বাণিজ্য-বিজ্ঞান) পঢ়িব পাৰে।
ক) ঔদ্যোগিক প্ৰশিক্ষণ বা আই টি আই ঃ– ঔদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠান বা আই টি আইৰ বিভিন্ন Îট্ৰডত পঢ়িবৰ বাবে শিক্ষাগত অৰ্হতা বেলেগ বেলেগ হয়। আই টি আইত নামভৰ্ত্তিৰ বাবে আবেদন অনলাইন যোগেদি কৰিব লাগে। ইয়াৰ ৱেবছাইট ঠিকনাটি হ’ল www.itiassam.nic.in। আবেদন কৰোতে এটা ই-মেইল আই ডি আৱশ্যক হয়। গতিকে, প্ৰাৰ্থীসকলে এটা ই-মেইল আই ডি খোলা প্ৰয়োজন আছে। হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ নোহোৱা সকলে ইঞ্জিনিয়াৰিং Îট্ৰডৰ এবছৰীয়া পাঠ্যক্ৰম ৱেল্ডাৰ আৰু দুবছৰীয়া পাঠ্যক্ৰম ৱায়াৰমেন Îট্ৰডত অধ্যয়নৰ বাবে নামভৰ্ত্তি কৰিব পাৰে। হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলে তলত উল্লেখ কৰা Îট্ৰডত অধ্যয়নৰ বাবে নামভৰ্ত্তি কৰিব পাৰে।
ইঞ্জিনিয়াৰিং Îট্ৰডৰ দুবছৰীয়া পাঠ্যক্ৰম ঃ– ফিটাৰ, টাৰ্নাৰ, মেচিনিষ্ট, ইলেক্টিচিয়ান, মটৰ ভেৰিকল মোকানিক, ইলেকট্ৰনিকচ মেকানিক, ইনষ্টুমেন্ট মেকানিক, ইনফৰমেচন কমোনিকেন টেকন’লজী ছিষ্টেম মেইনটেনেন্স, ড্ৰাফটমেন চিভিল, ড্ৰাফটমেন মেকানিক, এগ্ৰিকালচাৰেল মেচিনাৰি মেকানিক, ৰিফ্ৰিজেৰেচন এণ্ড এয়াৰ কণ্ডিচনা মেকানিক, অট’ ব’ডি পেন্টিং মেকানিক, অট’ ব’ডি ৰিপেয়াৰ মেকানিক, কেমিকেল প্লান্ট মেইনটেনচ মেকানিক।
ইঞ্জিনিয়াৰিং Îট্ৰডৰ এবছৰীয়া পাঠ্যক্ৰম ঃ–ডিজেল ইঞ্জিন মেকানিক, টেক্টৰ মেকানিক, ছাৰ্ভেয়ৰ, প্লাষ্টিক প্ৰচেছিং অপাৰেটৰ, পাম্প অপাৰেটৰ কাম মেকানিক, প্লাষ্টিক প্ৰচেছিং, কনষ্ট্ৰাকচন এণ্ড উড ৱৰ্কছ ইনফৰমেন টেকন’লজী, ফেব্ৰিকেচন (ফিটিং এণ্ড ৱেলডিং) প্লাম্বাৰ।
ন’ন ইঞ্জিনিয়াৰিং Îট্ৰডৰ এবছৰীয়া পাঠ্যক্ৰম ঃ– ষ্টেনোগ্ৰাফা এণ্ড ছেক্ৰেটেৰিয়েল প্ৰেকটিচ, ছেক্ৰেটিৰিয়েল প্ৰেকটিচ, ছুয়িং টেকন’লজি, ড্ৰেছ মেকিং, বেচিক ক’চমেট’লজী, কম্পিউটাৰ অপাৰেটৰ এণ্ড প্ৰগেমিং এছিছটেন্ট, ফটোগ্ৰাফা, এম্বইডাৰী।
ন’ন ইঞ্জিনিয়াৰিং Îট্ৰডৰ এটা চিমেষ্টাৰ পাঠ্যক্ৰম ঃ– বড়ো ট্ৰাইপৰাইটিং।
ইয়াৰ উপৰিও আই টি আটাইবোৰত হ্ৰস্বম্যাদী পাঠ্যক্ৰম আছে। যেনে -Îট্ৰভেল এজেন্ট এণ্ড টুৰ অপাৰেটৰৰ তিনিমহীয়া পাঠ্যক্ৰম, ফল-মূল আৰু শাক-পাচলি সংৰক্ষণৰ তিনিমহীয়া পাঠ্যক্ৰম, ষ্ট্ৰীল ফাৰ্ণিচাৰ মেকিঙৰ তিনিমহীয়া পাঠ্যক্ৰম, গ্ৰীল এণ্ডএলাইড মেকিঙৰ তিনিমহীয়া পাঠ্যক্ৰম, কাৰ ছাৰ্ভিচিঙৰ ছয় সপ্তাহৰ পাঠ্যক্ৰম, ৰিফ্ৰিজাৰেটৰ এণ্ড এয়াৰ কণ্ডিচনাৰৰ ৰিপেয়াৰিঙৰ তিনিমহীয়া পাঠ্যক্ৰম, পাম্প ৰিপেয়াৰিঙৰ তিনিমহীয়া পাঠ্যক্ৰম আদি আছে।
হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হ’লে মেধা ভিত্তিত পোনপতীয়াকৈ নামভৰ্ত্তি সুবিধা আছে আৰু হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ নহ’লেও অষ্টম শ্ৰেণী উত্তীৰ্ণ হোৱা নম্বৰৰ ভিত্তিত নামভৰ্ত্তিৰ সুবিধা আছে।
ডাইৰেক্টৰেট অৱ এমপ্লয়মেন্ট এণ্ড Îট্ৰইনিঙৰ অধীনত অসমত ২৮ খন ঔদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠান বা আই টি আই আছে। ইয়াৰে ৫ খন আই টি আই মহিলাৰ বাবে সংৰক্ষিত। এইখিনিতে এটা কথা উল্লেখ কৰা ভাল হ’ব যে বাকী আই টি আটাইবোৰতো মহিলাই প্ৰশিক্ষণ গ্ৰহণ কৰিব পাৰে।
অসমত থকা ঔদ্যোগিক প্ৰশিক্ষণ কেন্দ্ৰ বা আই টি আই কেইখনৰ নাম হ’ল – (ক) আই টি আই কৰিমগঞ্জ, (খ) আই টি আই কোকৰাঝাৰ (গ) আই টি আই, গড়গাঁও (ঘ) আই টি আই, গোৱালপাৰা (ঙ) আই টি আই, গুৱাহাটী (চ) আই টি আই ডিব্ৰুগড় (ছ) আই টি আই তেজপুৰ (জ) আই টি আই তিনিচুকীয়া (ঝ) আই টি আই দক্ষিণ শালমাৰা (ঞ) আই টি আই নগাঁও (ট) আই টি আই বঙাইগাঁও (ঠ) আই টি আই বৰপেটা (ড) আই টি আই শিলচৰ (ঢ) আই টি আই ধনশিৰি (ণ) আই টি আই ধেমাজি (ত) আই টি আই নলবাৰী (থ) আই টি আই ভেৰগাঁও (দ) আই টি আই মৰিগাঁও (ধ) আই টি আই হাইলাকান্দি (ন) আই টি আই মাজুলী (প) আই টি আই ডিফু (ফ) আই টি আই হাফলং।
মহিলাৰ বাবে সংৰক্ষিত আই টি আই কেইখন হ’ল – (ক) আই টি আই শিলচৰ (খ) আই টি আই, গুৱাহাটী (গ) আই টি আই, তিনিচুকীয়া (ঘ) আই টি আই, মাজবাট (ঙ) আই টি আই, উত্তৰ লখিমপুৰ।
পলিকেটনিক ঃ– পলিটেকনিকবোৰত তিনিবছৰীয়া পাঠ্যক্ৰম প্ৰদান কৰা হয়। পলিটেকনিক এডমিচন টেষ্ট (Polytechnic Admission Tesr (PAT)) নামৰ এটি প্ৰৱেশ পৰীক্ষাৰ জৰিয়তে এই পাঠ্যক্ৰমত নামভৰ্ত্তিৰ সুবিধা আছে। এই পৰীক্ষাত বহিবৰ বাবে সাধাৰণ প্ৰাৰ্থীয়ে হাইস্কুল শিক্ষান্ত পৰীক্ষাত গণিত আৰু বিজ্ঞান বিষয়ত নূন্যতম ৪০ শতাংশ, অনুসূচিত জাতি প্ৰাৰ্থীয়ে ৩৫ শতাংশ আৰু জনজাতিৰ প্ৰাৰ্থীয়ে ৩৩ শতাংশ নম্বৰসহ উত্তীৰ্ণ হ’ব লাগিব আৰু পৰীক্ষা অনুষ্ঠিত হোৱা বৰ্ষৰ ১ আগষ্টত সাধাৰণ শ্ৰেণীৰ প্ৰাৰ্থীৰ বয়স ২০ বছৰৰ ভিতৰত হ’ব লাগে আৰু অনুসূচিত জাতি আৰু জনজাতিৰ প্ৰাৰ্থীৰ বয়স ২৩ বছৰৰ ভিতৰত হ’ব লাগে। এই প্ৰৱেশ পৰীক্ষা অনলাইন পদ্ধতিত আৱেদন কৰিব লাগে। ইয়াৰ ৱেবছাইট ঠিকনাটি হ’ল – www.dteassam.in। এই প্ৰৱেশ পৰীক্ষাত গণিত আৰু বিজ্ঞান বিষয়ৰ মুঠ নম্বৰ ১০০ থাকে আৰু প্ৰশ্নসমূহৰ বস্তুনিষ্ঠ ধৰণৰ।
অসমত থকা পলিটেকনিক কেইখন হ’ল – (ক) অসম ইঞ্জিনিয়াৰিং ইনষ্টিটিউট, গুৱাহাটী (খ) গাৰ্লছ পলিটেকনিক, গুৱাহাটী (গ) বঙাইগাঁও পলিটেকনিক (ঘ) শিলচৰ পলিটেকনিক (ঙ) নগাঁও পলিটেকনিক (চ) প্ৰিন্স অৱ ৱেলছ ইনষ্টিটিউচ অৱ্ ইঞ্জিনিয়াৰিং এণ্ড টেকন’লজি, যোৰহাট (ছ) ডিব্ৰুগড় পলিটেকনিক (জ) গালৰ্চছ পলিটেকনিক, গোলাঘাট (ঝ) অসম টেক্সটাইল ইনষ্টিটিউট, গুৱাহাটী (ঞ) ডিফু পলিটেকনিক, ডিফু।
২০১৭-১৮ শিক্ষাবৰ্ষৰ পৰা নতুনকৈ আৰম্ভ হোৱা পলিটেকনিক কেইখন হ’ল – (ক) বাক্সা পলিটেকনিক (খ) বৰপেটা পলিটেকনিক (গ) ধেমাজি পলিটেকনিক (ঘ) কৰিমগঞ্জ পলিটেকনিক (ঙ) লখিমপুৰ পলিটেকনিক (চ) গোলাঘাট পলিটেকনিক (ছ) গোৱালপাৰা পলিটেকনিক (জ) নলবাৰী পলিটেকনিক (ঝ) কামৰূপ পলিটেকনিক (ঞ) শিৱসাগৰ পলিটেকনিক (ট) শোণিতপুৰ পলিটেকনিক।
পলিটেকনিকবোৰত পঢ়াৰ সুবিধা থকা বিভিন্ন বিভাগবোৰ হ’ল – এগ্ৰিকালচাৰ, চিভিল মেকানিকেল, কেমিকেল, ইলেক্ট্ৰকেল, ইলেক্টনিকছ এণ্ড টেলিকমিউনিকেচনছ, কম্পিউটাৰ ইঞ্জিনিয়াৰিং ইনষ্টুমেনটেছন, টেক্সাটাইল টেকন’লজি, ফেছন টেকন’লজি, গাৰমেণ্ট টেকন’লজি, এগ্ৰিকালছাৰ আৰ্কিটেক্ট এছিটেণ্ট আদি।
উচ্চতৰ মাধ্যমিক বা দ্বাদশ শ্ৰেণীৰ পিছত ঃ –
(ক) কলা শাখা ঃ– উচ্চতৰ মাধ্যমিক বা দ্বাদশ শ্ৰেণী কলা শাখাত উত্তীৰ্ণ হোৱাৰ পিছত কি কি পঢ়িব পাৰি, সাধাৰণ স্নাতক পাঠ্যক্ৰম, মেজৰসহ (যেনে – সমাজশাস্ত্ৰ, অৰ্থনীতি, অৰ্থনীতি, সাহিত্য (ইংৰাজী, অসমীয়া, হিন্দী, বঙালী ইত্যাদি), মনোবিজ্ঞান, বুৰঞ্জী, ৰাজনীতি বিজ্ঞান, শিক্ষা, পৰ্যটন, পৰিৱেশ, কলা, নৃতত্ত্ব, বিজ্ঞান, আইন আদি) স্নাতক পাঠ্যক্ৰম।
স্নাতক পাঠ্যক্ৰমত উত্তীৰ্ণ হোৱাৰ পিছৰ পাঠ্যক্ৰম হ’ল – স্নাতকোত্তৰ (এম.এ) আৰু পি এইচ ডি। কলাশাখাত অধ্যয়ন কৰি মনোবৈজ্ঞানিক, সমাজবিজ্ঞানী, সমাজ কৰ্মী, বুৰঞ্জীবিদ, নৃতত্ববিদ, লেখক, সাংবাদিক, অধিবক্তা, বিদ্যালয়-মহাবিদ্যালয়-বিশ্ববিদ্যালয়ৰ শিক্ষক হিচাপে কেৰিয়াৰ গঢ়িব পাৰে। কলা শাখাৰ যিকোনো স্নাতক উত্তীৰ্ণ শিক্ষাৰ্থীয়ে অসম লোকসেৱা আয়োগ (এ পি এছ চি) ৰ পৰীক্ষা, কেন্দ্ৰীয় লোকসেৱা আয়োগ (ইউ পি এছ চি)ৰ পৰীক্ষা, বেংকিং খণ্ডৰ পৰীক্ষা আৰু অন্যান্য ইঞ্চিউৰেঞ্চৰ পৰীক্ষাত অৱৰ্তীণ হ’ব পাৰে। দ্বাদশ শ্ৰেণীৰ যিকোনো শাখাত উত্তীৰ্ণ শিক্ষাৰ্থীয়ে পাঁচ বছৰীয়া সংযুক্ত আইনৰ স্নাতক পাঠ্যক্ৰম আৰু হোটেল পৰিচালনা (হোটেল মেনেজমেণ্ট) পাঠ্যক্ৰম অধ্যয়ন কৰিব পাৰে। দ্বাদশ শ্ৰেণীৰ যিকোনো শাখাত উত্তীৰ্ণ শিক্ষাৰ্থীয়ে পাঁচ বছৰীয়া সংযুক্ত ইংৰাজী-গণসংযোগ-বিদেশী ভাষাৰ স্নাতকোত্তৰ পাঠ্যক্ৰম অধ্যয়ন কৰিব পাৰে। অবিবাহিত ভাৰতীয় নাগৰিকে ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা শিক্ষা প্ৰতিষ্ঠান (এন ডি এ) ত নামভৰ্ত্তি কৰিব পাৰে, যদিহে ভাৰতীয় সেনাবাহিনীত যোগদানৰ ইচ্ছা থাকে। যিকোনো শাখাত দ্বাদশ শ্ৰেণীৰ উত্তীৰ্ণসকলে ইউ পি এছ চিৰ অধীনত অনুষ্ঠিত এন ডি এ পৰীক্ষাত বাছনি হৈ থকা প্ৰতিৰক্ষা শিক্ষা প্ৰতিষ্ঠানত নামভৰ্ত্তি কৰিব পাৰে। যিকোনো শাখাত দ্বাদশ শ্ৰেণীৰ উত্তীৰ্ণসকলে ফাইন আৰ্টছ, দৃশ্য কলা (ভিজুৱেল আৰ্টছ), আভ্যন্তৰীণ সজ্জা (ইণ্টৰিয়’ৰ ডিজাইন), প্ৰায়োগিত কলা (এপ্লাইড আৰ্ট), ফেশ্বন ডিজাইন, অলংকাৰ সজ্জা (জুৱেলাৰী ডিজাইন) ইত্যাদি পাঠ্যক্ৰম অধ্যয়ন কৰিব পাৰে। যিসকল শিক্ষাৰ্থীয়ে নৃত্য-গীত, নাটকৰ প্ৰতি আসক্তি আছে বা ইয়াক আনুষ্ঠানিক পাঠ্যক্ৰম হিচাপে ল’ব বিচাৰে, তেনে শিক্ষাৰ্থীয়ে পৰিৱেশ কলা স্নাতক পাঠ্যক্ৰম (বি এফ এ) ত নামভৰ্ত্তি কৰিব পাৰে। দ্বাদশ শ্ৰেণীৰ যিকোনো শাখাত উত্তীৰ্ণ যিসকল শিক্ষাৰ্থীয়ে নিজকে এগৰাকী শাৰীৰিক শিক্ষাৰ শিক্ষক, ক্ৰীড়া প্ৰশিক্ষক অথবা ফিটনেছ Îট্ৰইনাৰ হিচাপে কেৰিয়াৰ গঢ়িব বিচাৰে, তেওঁলোকে শাৰীৰিক শিক্ষা বিষয়ত স্নাতক পাঠ্যক্ৰম অধ্যয়ন কৰিব পাৰে।
(খ) বাণিজ্য শাখা ঃ– উচ্চতৰ মাধ্যমিক বা দ্বাদশ শ্ৰেণী বাণিজ্য শাখাত উত্তীৰ্ণ হোৱাৰ পিছত কি কি পঢ়িব পাৰি; সাধাৰণতে স্নাতক পাঠ্যক্ৰম, মেজৰসহ (যেনে – ইঞ্চিউৰেন্স, কম্পিউটাৰ, বৈদেশিক বাণিজ্য, বেংকিং আৰু ইঞ্চিউৰেন্স, একাউণ্টিং আৰু বিত্ত, ই-বাণিজ্য, অৰ্থনীতি আৰু একাউণ্টিং ইত্যাদি) স্নাতক পাঠ্যক্ৰম।
স্নাতক পাঠ্যক্ৰমত উত্তীৰ্ণ হোৱাৰ পিছৰ পাঠ্যক্ৰম হ’ল – স্নাতকোত্তৰ (এম. কম) আৰু পি. এইচ ডি।
বাণিজ্য শাখাৰ যিকোনো স্নাতক উত্তীৰ্ণ শিক্ষাৰ্থীয়ে অসম লোক সেৱা আয়োগ (এ পি এচ চি) ৰ পৰীক্ষা, কেন্দ্ৰীয় লোকসেৱা আয়োগ (ইউ পি এছ চি)ৰ পৰীক্ষা, বেংকিং খণ্ডৰ পৰীক্ষা আৰু অন্যান্য ইঞ্চিউৰেন্সৰ পৰীক্ষাত অৱতীৰ্ণ হ’ব পাৰে।
চি এ (চাৰ্টাৰ্ড একাউণ্টেন্সি) ঃ– ভাৰতীয় চাৰ্টাৰ্ড একাউনটেণ্ট প্ৰতিষ্ঠানে চাৰ্টাৰ্ড একাউণ্টেন্সিৰ শিক্ষা আগবঢ়ায়।
কষ্ট একাউণ্টেন্ট ঃ– ইনষ্টিটিউট অৱ কষ্ট এণ্ড একাউনটেণ্টছ অৱ ইণ্ডিয়াই এই পাঠ্যক্ৰম আগবঢ়ায়।
কোম্পানী ছেক্ৰেটাৰী ঃ– ইনষ্টিটিউট অৱ কোম্পানী ছেক্ৰেটাৰিজ অৱ ইণ্ডিয়া ই এই পাঠ্যক্ৰম আগবঢ়ায়।
গ) বিজ্ঞান শাখা ঃ– উচ্চতৰ মাধ্যমিক বা দ্বাদশ শ্ৰেণী বিজ্ঞান শাখাত উত্তীৰ্ণ হোৱাৰ পিছত কি কি পঢ়িব পাৰি – সাধাৰণ স্নাতক পাঠ্যক্ৰম, মেজৰসহ (যেনে – পদাৰ্থ বিজ্ঞান, ৰসায়ন বিজ্ঞান, গণিত, অৰ্থবিজ্ঞান, জীৱবিজ্ঞান, প্ৰাণী বিজ্ঞান, পৰিৱেশ বিজ্ঞান ইত্যাদি) স্নাতক পাঠ্যক্ৰম।
স্নাতক পাঠ্যক্ৰমত উত্তীৰ্ণ হোৱাৰ পিছৰ পাঠ্যক্ৰম হ’ল – স্নাতকোত্তৰ (এম এচ চি) আৰু পি এই ডি।
বিজ্ঞান শাখাৰ যিকোনো স্নাতক উত্তীৰ্ণ শিক্ষাৰ্থীয়ে অসম লোকসেৱা আয়োগ (এ পি এছ চি) ৰ পৰীক্ষা, কেন্দ্ৰীয় লোক সেৱা আয়োগ (ইউ পি এছ চি)ৰ পৰীক্ষা, বেংকিং খণ্ডৰ পৰীক্ষা আৰু অন্যান্য ইঞ্চিউৰেন্সৰ পৰীক্ষাত অৱতীৰ্ণ হ’ব পাৰে।
ষ্টাফ ছিলেকচন কমিছনৰ কম্বাইণ্ড গ্ৰেজুৱেট লেভেল পৰীক্ষাত অৱৰ্তীণ হ’ব পাৰে।
উচচতৰ মাধ্যমিক বা দ্বাদশ শ্ৰেণী বিজ্ঞান শাখাত উত্তীৰ্ণ হোৱাৰ পিছত বি চি এ, বি বি এ, বি টেক-বি ই, বি আৰ্ক, এম বি বি এছ, বি ডি এছ, বি ফাৰ্ম, বি এছ চি নাৰ্ছিং, আয়ুৰ্বেদিক, হোমিঅ’পেথিক, পশু পালন আৰু পশু চিকিৎসাৰ, কৃষি, মীন, গাৰ্হস্থ্য বিজ্ঞানৰ স্নাতক পাঠ্যক্ৰমত নামভৰ্ত্তি কৰিব পাৰে।
ইঞ্জিনীয়াৰিং কলেজবোৰত বি টেক – বি. ই পাঠ্যক্ৰম পঢ়াৰ সুবিধা থকা বিভিন্ন বিভাগবোৰ হ’ল – কেমিকেল, চিভিল, মেকানিকেল, ইলেক¿ট্ৰকেল, ইলেকট্ৰনিকছ এণ্ড টেলিকমিউনিকেচনছ, এৰ’স্পেচ, কম্পিউটাৰ ইঞ্জিনীয়াৰিং, ইনষ্টুমেনটেছন, টেক্সাটাইল টেকন’লজি, এগ্ৰিকালছাৰ, পেট্ৰ’লিয়াম আদি।
উচ্চতৰ মাধ্যমিক বা দ্বাদশ বিজ্ঞান শাখাত উত্তীৰ্ণ হোৱা সকলে পেৰামেডিকেলৰ বিভিন্ন বিভাগত (Medical Laboratory Technology, Medical Radiographic Technology, Cardiac Care Technology, Physiotherapy, ICU Technology, Physicians Assistance Course, Emergency গু First Aid, O.T. Technology (OTূ Anaesthesia ূ Endoscopy), Dialysis Technician Course) ডিপ্লমা শিক্ষা গ্ৰহণ কৰিব পাৰে। ইয়াৰে বাবে উচ্চতৰ মাধ্যমিক (বিজ্ঞান শাখা) চূড়ান্ত পৰীক্ষাত পদাৰ্থ বিজ্ঞান, ৰসায়ন বিজ্ঞান আৰু জীৱ বিজ্ঞান বিষয়ত ৫০ শতাংশ নম্বৰ সৈতে উত্তীৰ্ণ হ’ব লাগিব।
বেংক প্ৰবেচেনাৰী অফিচাৰ পদৰ বাবে যিকোনো স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয় পৰা যিকোনো শাখাত নিম্নতম শিক্ষাগত অৰ্হতা স্নাতকসকলে আৱেদন কৰিব পাৰে। বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষা তথা নিযুক্তিৰ বাবে আয়োজন কৰা সাক্ষাৎকাৰবোৰত সাধাৰণ জ্ঞানৰ পৰীক্ষা লোৱা হয়। সাধাৰণ জ্ঞান দুই প্ৰকাৰত ভাগ কৰিব পৰা যায়। পৰম্পৰাগত সাধাৰণ জ্ঞান (Traditional General Knowledge) আৰু সাম্প্ৰতিক ঘটনা প্ৰবাহ (Current Affairs)। সাধাৰণ জ্ঞান যিহেতু একে দিনাই গোটোৱা সম্ভৱ নহয় ইয়াৰ বাবে ছাত্ৰ-ছাত্ৰীসকলৰ দীঘলীয়া প্ৰস্তুতিৰ প্ৰয়োজন। পৰম্পৰাগত সাধাৰণ জ্ঞান আহৰণ কৰিবলৈ বিদ্যালয়ৰ প্ৰথম শ্ৰেণীৰ পৰা দশম শ্ৰেণীলৈকে সকলো বিষয়ৰ পাঠ্যপুথি আৰু এই সকলোবোৰ বিষয়ৰ আনুষংগিত প্ৰসংগ পুথি অধ্যয়ন কৰিব লাগিব। সাম্প্ৰতিক ঘটনা প্ৰবাহৰ জ্ঞান আহৰণ কৰিবৰ বাবে দৈনিক কাকত তথা বিভিন্ন আলোচনী নিয়মীয়াকৈ পঢ়াৰ অভ্যাস গঢ়ি তুলিব লাগিব। যিহেতু দৈনিক বাতৰি কাকত এখনৰ প্ৰথম পৃষ্ঠাৰ পৰা শেষৰ পৃষ্ঠালৈ জানিবলগীয়া বহুত কথা থাকে। সেইদৰে নিয়মীয়াকৈ ৰেডিঅ’ৰ বাতৰি অনুষ্ঠান শুনি আৰু টেলিভিছনৰ বাতৰি অনুষ্ঠানবোৰৰ পৰা আহৰণ কৰা জ্ঞানবোৰ লিপিবদ্ধ কৰি ৰাখিব লাগে। ছাত্ৰ-ছাত্ৰীসকলে সাধাৰণ জ্ঞান আহৰণ কৰিবৰ বাবে ইণ্টাৰনেটৰো সহায় ল’ব পাৰে। তদুপৰি ছাত্ৰ-ছাত্ৰীসকলে বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাৰ সাধাৰণ জ্ঞানৰ আৰ্হি প্ৰশ্নবোৰ সংগ্ৰহ কৰিব লাগে। এই ক্ষেত্ৰত শিক্ষক তথা অভিভাৱকসকলে ছাত্ৰ-ছাত্ৰীসকলক সজাগতা অনাত সহায় কৰিব পাৰে। স্কুল পৰ্যায়ৰ পৰীক্ষাসমূহৰ সমান্তৰাল ভাৱে ভৱিষ্যতে বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে ছাত্ৰ-ছাত্ৰীসকলক সজাগতা অনাত সহায় কৰিব পাৰে। স্কুল পৰ্যায়ৰ পৰীক্ষাসমূহৰ সমান্তৰালভাৱে ভৱিষ্যতে বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে ছাত্ৰ-ছাত্ৰীসকল প্ৰস্তুত হ’ব পৰাকৈ সেই পৰীক্ষাসমূহৰ জ্ঞানৰ আৰ্হি প্ৰশ্নবোৰ বিদ্যালয়ৰ শিক্ষক সকলেও দেখুৱাব পাৰে। সাধাৰণতে বহু সংখ্যক অভিভাৱকে নিজৰ সন্তান চিকিৎসক অথবা অভিযন্তা হোৱাটোৱে কামনা কৰে আৰু এই ক্ষেত্ৰত কেতিয়াবা সন্তানৰ অনিচ্ছা স্বত্বেও চিকিৎসক অথবা অভিযন্তা হিচাপে কেৰিয়াৰ গঢ়িবলৈ জোৰ কৰা দেখা যায়। কিন্তু ছাত্ৰ-ছাত্ৰীসকলৰ বাবে অন্যান্য বহুতো সুন্দৰ কেৰিয়াৰ আছে, যিবোৰৰ গুৰুত্ব সমাজত এখন চিকিৎসক অথবা অভিযন্তাতকৈ কোনো গুণে কম নহয়। সেয়েহে শিক্ষকসকলৰ লগতে অভিভাৱকসকলেও অযথা মানসিক হেঁচা প্ৰয়োগ নকৰি নিজ সন্তানক অন্যান্য কেৰিয়াৰ প্ৰতিও আকৰ্ষিত কৰিবৰ বাবে চেষ্টা কৰিব লাগে।
ৰাজ্যিক, ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ বিভিন্ন বিষয়ৰ বৃত্তি প্ৰদান কৰা অনুষ্ঠান-প্ৰতিষ্ঠানসমূহে নিজস্ব “ৱেবচাইট”ত প্ৰচাৰ কৰা বৃত্তি সমূহৰ সবিশেষ খবৰ ছাত্ৰ-ছাত্ৰীসকলে ৰাখিব লাগে। বৃত্তি প্ৰাপ্তসকলৰ বিষয়ে বাতৰি কাকত, আলোচনী আদিত প্ৰকাশ কৰা হয়। তেনে ব্যক্তি ছাত্ৰ-ছাত্ৰীসকলে ব্যক্তিগত ভাৱে সাক্ষাৎ কৰিলেও বিশেষভাৱে লাভাম্বিত হ’ব।
অসমত সাধাৰণতে হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত বিশেষ ভাৱে কৃতিত্ব অৰ্জন কৰা শিক্ষাৰ্থীসকলক আনুষ্ঠানিক ভাৱে অভিনন্দন জ্ঞাপন কৰাৰ লগতে বিভিন্ন উপহাৰ দিয়া দেখা যায়। উপহাৰ স্বৰূপে শিক্ষাৰ্থীসকলক নিৰ্বাচিত কিতাপৰ টোপোলা প্ৰদান কৰিব পাৰে, যিবোৰ কিতাপৰ দ্বাৰা শিক্ষাৰ্থীসকলৰ নিৰ্বাচিত কিতাপৰ টোপোলা প্ৰদান কৰিব পাৰে, যিবোৰ কিতাপৰ দ্বাৰা শিক্ষাৰ্থীসকলৰ মানসিক তথা বৌদ্ধিক বিকাশত সহায় হোৱাৰ লগতে সামাজিক দায়বদ্ধতাৰ কথাও মনলৈ আহে। কিন্তু কৃৰ্তি ছাত্ৰ-ছাত্ৰীৰ অভিনন্দন অনুষ্ঠানসমূহ দীৰ্ঘ সময় ধৰি অনুষ্ঠিত নকৰি ফলাফল ঘোষণা কৰা এমাহৰ ভিতৰতে সমাপ্ত কৰিব লাগে। মহকুমা, জিলা আৰু ৰাজ্যিক এই তিনিটা পৰ্যায়তে অভিনন্দন অনুষ্ঠান আয়োজন কৰি বিভিন্ন দল, সংগঠন, অনুষ্ঠান-প্ৰতিষ্ঠানে কৃৰ্তি ছাত্ৰ-ছাত্ৰীক অভিনন্দন জনাব লাগে। কিয়নো দীঘলীয়া সময়ৰ বাবে অভিনন্দন অনুষ্ঠান আয়োজন কৰি থাকিলে অযথা সময়, অৰ্থ ব্যয়ৰ লগতে ছাত্ৰ-ছাত্ৰীৰ পঢ়া-শুনাতো যথেষ্ট ক্ষতি সাধন হয়।
অন্যহাতে দেখা যায় যে, পৰীক্ষাবোৰৰ ফলাফল ঘোষণা কৰা লগে লগে কৃতিত্ব অৰ্জন কৰি উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীসকলৰ সংবাদ মাধ্যমত ভৰি থাকে, কিন্তু পৰৱৰ্তী সময়ত ছাত্ৰ-ছাত্ৰীসকল ক’ত অধ্যয়ন কৰি কেনেদৰে নিয়োজিত হৈ আচে, নিজ নিজ লক্ষ্যত উপনীত হ’ব পাৰিছে নে নাই অথবা তেওঁলোকে পঢ়ি যোৱা বিদ্যালয়-মহাবিদ্যালয়খন বা নিজৰ অঞ্চল আৰু জন্মভূমিৰ প্ৰতি কিবা অৰিহণা যোগাইছে নে নাই এনেবোৰ খবৰ সাধাৰণতে জনা নাযায়। এই খবৰ সমূহ লৈয়ো সংবাদন মাধ্যমে প্ৰতিবেদন প্ৰস্তুত কৰিব পাৰে।
বিভিন্ন সময়ত যুৱ সংগঠনসমূহে অসমত থকা কেন্দ্ৰীয়, অৰ্ধ-কেন্দ্ৰীয়, চৰকাৰী, বে-চৰকাৰী আৰু ব্যক্তিগত খণ্ডৰ প্ৰতিষ্ঠানসমূহত ১০০ শতাংশ থলুৱা লোকৰ বাবে সংস্থাপনৰ দাবী কৰা দেখা যায়। কিন্তু এনেবোৰ দাবীৰ সলনি যুৱ সংগঠনসমূহে অসমৰ থলুৱা পৰীক্ষাৰ্থী সকলক ১০০ শতাংশ উত্তীৰ্ণ হ’ব পৰাকৈ প্ৰশিক্ষণ প্ৰদানৰ ব্যৱস্থাহে গ্ৰহণ কৰিব লাগে। কিয়নো অসমত অন্যান্য ৰাজ্যৰ তুলনাত নিয়োগৰ সুবিধা বহুত কম হোৱাৰ বাবে বহু সংখ্যক যুৱক-যুৱতী অন্য ৰাজ্যত নিয়োজিত হৈ আছে আৰু অসমৰ দৰে আন ৰাজ্যসমূহতো থলুৱা লোকৰ নিযুক্তিৰ দাবী কাৰ্যকৰী হ’লে অসমৰ প্ৰাৰ্থীসকলো অন্য ৰাজ্যত নিযুক্তি লাভৰ পৰা বঞ্চিত হ’ব।
যিসকলে আমৰ ৰাজ্যখনৰ বিভিন্ন অঞ্চলৰ পৰা উত্তীৰ্ণ হৈ বিভিন্ন ক্ষেত্ৰত প্ৰতিষ্ঠা লাভ কৰি সমাজ জীৱনৰ বিভিন্ন ক্ষেত্ৰলৈ অৰিহণা যোগাইছে, সেইসকলৰ যুৱ সংগঠনবোৰৰ নিজ নিজ অঞ্চললৈ আমন্ত্ৰণ কৰি ছাত্ৰ-ছাত্ৰীৰ লগত অন্তৰংগ আপাল আয়োজন কৰিলে ছাত্ৰ-ছাত্ৰীসকলৰ মানসিক তথা বৌদ্ধিক বিকাশত সহায় হোৱা লগতে সামাজিক দায়বদ্ধতাৰ কথাও মনলৈ আহিব। আশা কৰিছোঁ, যুৱ সংগঠনবোৰে এনেধৰণৰ অন্তৰংগত আলাপ আয়োজন কৰিব।
তদুপৰি, শিক্ষাগত অৰ্হতা তথা দক্ষতা থাকিলেও বৰ্তমান সময়ত ছাত্ৰ-ছাত্ৰীসকল বিভিন্ন কাৰণত নিজৰ পচন্দৰ বিভাগৰ কেৰিয়াৰ সক্ষম নহয়। গতিকে, ছাত্ৰ-ছাত্ৰীসকলে কেৱল এটা বিষয়ক নিৰ্বাচন কৰি কেৰিয়াৰ গঢ়াৰ কথা ভাবি থকা উচিত নহয়। ছাত্ৰ-ছাত্ৰীসকলে দুই বা তাতোধিক বিষয় কেৰিয়াৰ গঠনৰ বাবে নিৰ্বাচন কৰি ৰখা উচিত যাতে নিৰ্বাচিত বিভাগৰ যিকোনো এটা বিভাগতে কেৰিয়াৰ গঢ়িব পাৰে। তদুপৰি পচন্দৰ বিষয়তে অধ্যয়ন কৰা সত্বেও কোনো ব্যক্তিকেই কৰ্মক্ষেত্ৰত ১০০ শতাংশ সন্তুষ্টি লাভ কৰা দেখা নাযায়। কোনোবাজনে হয়তো দৰমহাক লৈ সন্তুষ্ট নহ’ব পাৰে, কোনো জনে হয়তো কৰ্মস্থলী অথবা সহকৰ্মীক লৈ সন্তুষ্ট নহ’ব পাৰে ইত্যাদি।
চাকৰিৰ দ্বাৰা নিবনুৱা সমস্যা সমাধান কৰা কেতিয়াও সম্ভৱ নহয়। কিন্তু, চাকৰি বাহিৰেও সৰু-বৰ উদ্যোগ গঢ়ি বা ব্যৱসায়-বাণিজ্য কৰি নিজতে জীৱিকা উপাৰ্জন কৰাৰ লগতে আনকো নিয়োগৰ সুবিধা দিব পাৰি। এই বিষয়ে চৰকাৰী অনুষ্ঠান, বে-চৰকাৰী অনুষ্ঠান, স্বেচ্ছাসেৱী অনুষ্ঠান আৰু ছাত্ৰ সংগঠনবোৰে ছাত্ৰ-ছাত্ৰী, যুৱক-যুৱতীসকলক ৰাজ্যখনৰ সকলো অঞ্চলতে সজাগতা সভা আৰু কৰ্মশালা আয়োজন কৰি কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰৰ বিভিন্ন আঁচনি আৰু সা-সুবিধাবোৰৰ বিষয়ে ভালদৰে বুজাই দিয়াৰ লগতে বিভিন্ন ধৰণৰ ঋণ আগবঢ়োৱা বিত্তীয় অনুষ্ঠানবোৰৰ বিষয়ে বিতংকৈ জনাব লাগে। বাতৰি কাকত আৰু আলোচনীবোৰেও সামাজিক দায়ৱদ্ধতাৰে সমাজ আৰু ৰাজহুৱা স্বাৰ্থ প্ৰতি লক্ষ্য ৰাখি স্বনিয়োজনৰ বিভিন্ন দিশ সামৰি নিয়মীয়াকৈ সামৰি নিয়মীয়াকৈ লেখা প্ৰকাশ কৰিলে ভাল হয়। চৰকাৰী চাকৰিৰ অবিহনেও সৰু-বৰ উদ্যোগ গঢ়ি বা ব্যৱসায়-বাণিজ্য কৰিও সন্মানীয় জীৱন আৰু জীৱিকা নিৰ্বাহ যে কৰিব পাৰি সেই কথা উপলব্ধি কৰি কিছু সংখ্যক যুৱক-যুৱতীয়ে স্ব-নিয়োজনৰ পথ বাচি ল’লে নিবনুৱা সমস্যা অলপ হ’লেও কমিব বুলি আশা কৰিব পাৰি।
ব্যক্তিগত খণ্ডত সৎ ভাৱে চাকৰি কৰি বা ব্যৱসায়-বাণিজ্য কৰি জীৱন ধাৰণ কৰি থকা সকলে চৰকাৰী খণ্ডত নিযুক্তি লাভ কৰা নাই বুলি হীনমন্যতাত ভোগা উচিত নহয়। তদুপৰি ব্যক্তিগত খণ্ডৰ চাকৰিয়াল তথা ব্যৱসায়-বাণিজ্য কৰা ব্যক্তিসকলক চৰকাৰী খণ্ডৰ চাকৰীয়াল সকলৰ দৰে সম দৃষ্টিৰে নোচোৱাৰ মানসিকতা পৰিহাৰ কৰিব পাৰিলেহে সমাজৰ প্ৰত্যেক জন ব্যক্তিৰ যিকোনো কৰ্মৰ প্ৰতি আগ্ৰহ বৃদ্ধি হ’ব। উদ্যোগীসকলে নিজে উপাৰ্জন কৰাৰ লগতে আনকো নিয়োগৰ সুবিধা প্ৰদান কৰিব পাৰে। চাকৰিয়ালৰ উপাৰ্জন সীমিত কিন্তু উদ্যোগীৰ নহয়। উদ্যোগীসকলে যিমানেই যত্ন কৰে সিমানেই উপাৰ্জনো বৃদ্ধি হয় আৰু নতুন-নতুন দিশত কাম সম্প্ৰসাৰিত কৰিব পাৰে। চাকৰিয়ালসকলৰ সদায় সীমাৰ মাজত আৱদ্ধ। চাকৰিয়ালসকলৰ দিনটোৰ বাবে নিৰ্দিষ্ট কৰ্মৰ সময় থাকে কিন্তু উদ্যোগীসকলৰ ক্ষেত্ৰত কৰ্মৰ কোনো নিৰ্দিষ্ট সময় সীমা নাথাকে। সাধাৰণতে, সৎ উপায়েৰে চাকৰিৰ দ্বাৰা উপাৰ্জিত ধনেৰে এজন ব্যক্তি ধীন হোৱাটো সম্ভৱপৰ নহ’লেও কিন্তু সৎ উপায়েৰে উদ্যোগ স্থাপনৰ জৰিয়তে অথবা ব্যৱসায় কৰি এজন ব্যক্তি ধনী হোৱাটো সম্ভৱ।

ড০ বুলজিৎ বুঢ়াগোহাঁই
সহকাৰী অধ্যাপক
যান্ত্ৰিক অভিযান্তিক বিভাগ
গিৰিজানন্দ চৌধুৰী ইনষ্টিটিউট অৱ মেনেজমেন্ট এণ্ড টেকন’লজী
গুৱাহাটী – ৭৮১০১৭৭, অসম।
ফোন ০৯৪৩৫১৮৮৬৩০
ই-মেইল [email protected]
(বিঃ দ্ৰঃ – কেৰিয়াৰ পৰামৰ্শৰ বাবে লেখকলৈ শনিবাৰে বিয়লি ৬.৩০ বজাৰ পৰা ৯.০০ বজালৈ ০৯৪৩৫১৮৮৬৩০ নম্বৰত ফোন কৰিব পাৰে।)

LEAVE A REPLY

Please enter your comment!
Please enter your name here