চুলি নেমেলিবি

1
64

বিশ্বজিৎ ডি চেতিয়া- গোলাঘাট

 

একোচা মেলা চুলিয়ে
কিমানযে কি নিদিয়ে।
দিব পাৰে ৰূপহী কপৌফুলীয়া সময়
দিব পাৰে গঙাটোপতকৈও গপাল স্থিতি
ক’লা চুলিৰ ভাঁজেৰে
সৰসৰাই নামি আহিব পাৰে একোডাল ক’লাগোম
অথবা ধবনিত হ’ব পাৰে প্ৰেমিক বসন্তৰ
কোকিল কণ্ঠি আৰাও….

যাজ্ঞসেনী, তোৰ মেঘালী চুলিত বিচাৰি পাওঁ
ঝাওবনীয়া হাঁহিৰ সাজেৰে নিগৰি অহা
প্ৰশান্তিৰ জুৰি
গুঞ্জৰিত হয় কৰ্ণকূহৰত,
জিলিৰ জিঁজিয়নীত
তামসিক গভীৰতাৰ গান
য’ত পিছলি যায় কুসুমাকাৰ হাঁহি।

তথাপি কওঁ চুলি নেমেলিবি যাজ্ঞসেনী
চুলি নেমেলিবি
একোছা মেলা চুলিৰ বােবই বাৰে বাৰে মই
দুঃশাসন হৈ মৰিব নোৱাৰোঁ।

1 COMMENT

LEAVE A REPLY

Please enter your comment!
Please enter your name here