কোনোবাই কেতিয়া

0
75

পলাশ ৰঞ্জন গগৈ

(১)
ভুলবোৰৰ পুনৰাবৃত্তি নোহোৱাই ভাল।

গছৰ পাতেবাৰ সৰিছে…..
যদি কেনেবাকে সময় হয়
গছ-পাতৰ কবিতা পঢ়ি পঢ়ি
এপিয়লা চাহখোৱাৰ বৰ মন আছে।

কোনোদিনে সপোনৰ সোৱাদ নোপোৱা মানুহমখাক
কি বুলি বুজাব…..
তেওঁলোকে আত্মসাৎ কৰিব পাৰে
কেতিয়াও নোপোৱা অচিনাকি শিহৰণ…..

নজনা নুশুনা কথাৰে কেনেকৈ অৰ্থময় হয় এই পৃথিৱী।

(২)
চুবুৰিৰ ছোৱালীবোৰক কৈছোঁ
অকলে অকলে ঘৰৰ বাহিৰ নোলাবি
ল’ৰা-বুঢ়াৰ চকুত ওলমি আছে নষ্ট দূৰবীণ…..

ৰাইজ উপায়হীন…..

এই আশা কৰিছোঁ
ঘৰে ঘৰে একোজন মহাত্মাৰ জন্ম হওঁক।

(৩)
আৰু এটা বিপদ
উত্তৰ পাহৰৰ ফালে কোনোবাই হঠাৎ
নদীবান্ধৰ খুলিছে দুৱাৰ….
পানীৰ ঢলে উটুৱাই নিছে
মানুহৰ সোনোৱালী সময়।

উটি ভাহি গৈছে
গছ- পাতৰ অলেখ কবিতা।

LEAVE A REPLY

Please enter your comment!
Please enter your name here