অসমীয়া লোক-সংস্কৃতিৰ বাহকঃ ৰিহা

0
749

দীপিকা ফুকন
ধেমাজি

 

পৃথিৱীত বাস কৰা প্ৰতিটো জাতি নিজৰ সংস্কৃতিৰ অনুগামী। যিহেতু যিকোনো জাতিৰে জন-সমাজৰ আচাৰ-নীতি, সাজ-পাৰ, ভাষা-সাহিত্য, কলা, খাদ্যাভাস, আদি বিষয়বোৰ নিহিত হৈ থাকে নিজস্ব জাতীয় সংস্কৃতিত। আমাৰ অসমীয়া জাতিটোৰো নিজস্ব সংস্কৃতি আছে, যাৰ দ্বাৰা জাতিটোৱে বিশ্বদৰবাৰত নিজকে অসমীয়া নামেৰে পৰিচয় দা¿ঙ ধৰিব পাৰে। অসমীয়াৰ জন-জীৱনৰ অংশীদাৰসকলে নিজৰ কলা-কৌশলক সংস্কৃতিৰ ৰূপ দিব পৰা এনে কিছুমান সম্পদৰ গঢ় দিছে যি সম্পদ দেখিলে আন জাতিসমূহে অসমীয়া বুলি চিনি পায় আৰু এনে এবিধ সম্পদ হৈছে – ৰিহা। ৰিহাখন অসমীয়াৰ প্ৰাণৰ স্পন্দন, সন্মানৰ প্ৰতীক। হেমকোষ অভিধানত উল্লেখ আছে যে অসমীয়া ‘ৰিহা’ শব্দটো সংস্কৃত ‘হৃদয়’ শব্দৰ পৰা বুৎপত্তি লাভ কৰিছে। যাৰ অৰ্থ বুকু আৰু কালক্ৰমত হয়তো ৰিহা মানে বুকুত মেৰিয়াই লোৱা কাপোৰ হ’ল।
অসমীয়া মহিলাৰ বাবে ৰিহাখন অতি মৰমৰ বস্ত্ৰ সম্পদ হিচাপে অতি প্ৰাচীন কালৰপেৰা চলি আহিছে। বৰ্তমানেও বিবাহ অনুষ্ঠানত কইনাই ৰিহা পিন্ধাটো বাধ্যতামূলক পৰম্পৰা হিচাপে চলি আছে। ইয়াৰোপৰি বৰ্তমান বিয়া, সকাম, সবাহ আৰু অন্যান্য সামাজিক-সাংস্কৃতিক অনুষ্ঠানত মহিলাসকলে ৰিহা পৰিধান কৰা পৰিলক্ষিত হৈছে।
সাধাৰণতে ৰিহা তিনিধৰণৰ বুলি গণ্য কৰা হয়। মূগা সূতাৰে বোৱা মূগা ৰিহা, পাট সূতাৰে বোৱা পাটৰ ৰিহা আৰু কপাহী সূতাৰে বোৱা কপাহী ৰিহা। মূগা ৰিহা আৰু পাটৰ ৰিহা নিজেই পলু পোহি সূতা কাটি নিজহাতে বৈ লোৱা হয়। ৰিহাৰ ৰ্দ্ঘ্যৈ সাত হাত আৰু প্ৰস্থ দুই হাত বুলি আগৰ শিপিনীসকলে জোখ নিৰ্দ্ধাৰণ কৰিছিল। ৰিহা চাদৰতকৈ দীঘল আৰু ঠেক। ৰিহাৰ পাৰি সাধাৰণতে কাঢ়া বেঙুনীয়া ৰঙৰ হয়। যিটো মেজান্ত ৰং সূতাত বোলাই ৰং উলিয়াই লোৱা হয় আৰু সেই সূতাৰে পাৰি দিয়া হয়। অৱশ্যে বৰ্তমান ৰিহাৰ পাৰিত মেজান্ত ৰঙ বোলোৱাৰ পৰিৱৰ্তে মেজান্ত ৰঙৰ বজাৰৰ সূতাহে ব্যৱহাৰ কৰা পৰিলক্ষিত হৈছে। পুৰণি পুথি অথবা বুৰঞ্জীৰ পাত লুটিয়াই চালে ৰিহাৰ বয়ন আৰু ফুলৰ চানেকি সম্পৰ্কে কিঞ্চিৎহে আভাস পোৱা যায়। আহোমসকলে পৰিধান কৰা ৰিহাৰ চানেকি বৈচিত্ৰপূৰ্ণ। ৰিহাত বনকৰা চানেকিৰ নাম অনুসৰিয়েই ৰিহাক কিছুমান বিশেষণ দিয়া হৈছে আৰু সেই বিশেষণ শব্দবোৰকে ৰিহাৰ নাম বাচক বিশেষ্যৰূপে চিহ্নিত কৰা হৈছে। তেনে কিছুমান ৰিহা হৈছে – দহি অলীয়া, গঁৰিয়লী, গুণাকটা, কেছ বছা, বুটাবছা, আঁচু অলীয়া, আঁচলে-পাৰিয়ে গুণাকটা, কেছ বছা, বুটাবছা, বৰৈলগা, গুণাকটা, দবোৱা বছা ইত্যাদি।
বৰ্তমান সময়ত আগত দবোৱা পাৰি, কেছ বছা ৰিহাৰ প্ৰচলন বেছি হ’বলৈ ধৰিছে। কুৰি শতিকাৰ
আগভাগত বোৱা ৰিহাসমূহৰ আগত ৰঙা সূতাৰে দবোৱা পাৰি ক’লা আৰু বগা ৰঙৰ মকৰা দাঁতৰি মাৰি তাৰ মাজত সেউজীয়া ৰঙৰ আঙুঠি ফুল নাইবা ঢেকীয়ালতি ফুল বাছি লৈছিল। ৰিহাখনৰ আগত এক-ডেৰ ইঞ্চিমান দীঘল দহি থাকে। এই দহি সূতাবোৰ যিমান পাৰি সিমান সৰুকৈ পকাই সমান ৰ্দ্ঘ্যৈত গাঁঠিবোৰ দিয়া হয়।
অসমত আহোমসকলৰ উপৰি টাইমূলীয় জনগোষ্ঠী খামতি, খাময়াং, তুৰুং, ফাকিয়াল, দেউৰী, ডিমাছা আৰু সোণোৱাল কছাৰীসকলেও ৰিহা পৰিধান কৰে। খামতিসকলে ৰিহাক ‘লাংৱাত’ বুলি কয়। লাংৱাত কলপতীয়া ৰঙৰ আৰু দুয়োটা আগত ‘ল্লাই খেওমা’ অৰ্থাৎ কেছ বছা হয়। খামতিসকলৰ বিবাহিত মহিলাইহে মেখেলাৰ ওপৰত ‘লাংৱাত’ পৰিধান কৰে। খাময়াংসকলে ৰিহাখনক ‘লংবাত’, তুৰুংসকলে ‘নংৱাত’, ফাকেসকলে ‘নাংৱাত’ বুলি কয়। এইসকলৰ পৰিধান ৰীতি একেই আৰু মেখেলা-ৰিহা সুলুকি পৰি নাযাবৰ বাবে পেটীৰ দৰে এখন কাপোৰেৰে কঁকালত বান্ধি থোৱাৰ নিয়ম আছে। দেউৰী আৰু সোণোৱাল কছাৰীসকলে ৰিহা বুকুত মেৰিয়াই পিন্ধে। তেওঁলোকে পৰিধান কৰা ৰিহা সাধাৰণতে কপাহী সূতাৰে প্ৰস্তুত কৰা হয়। দেউৰীসকলে ৰিহাৰ পাৰিত কমলা ৰং আৰু সোণোৱাল সকলে মেজান্ত আৰু সেউজীয়া ৰং ব্যৱহাৰ কৰা পৰিলক্ষিত হয়। ডিমাচাসকলৰ ৰিহা-মেখেলা পৰিধানৰ পৰম্পৰা আছিল যদিও বৰ্তমান প্ৰায় নোহোৱা হৈ আহিছে।
বৰ্তমান বিশ্বায়নৰ যুগতো অসমীয়াৰ বাপতি সাহোনস্বৰূপ ৰঙালী বিহুৰ সময়ত মুগা ৰিহাখন অতি জনপ্ৰিয় অংগভূষণ হিচাপে প্ৰকাশি উঠিছে। শিশুৰ পৰা বৃদ্ধালৈ মুগা ৰিহাখন পৰিধান কৰা দেখিলে মুগ্ধ হ’বলগীয়া হয়। বিহুনামৰ মাজতো অসমৰ সাতাম পুৰুষীয়া ঐতিহ্যৰ বাহক ‘ৰিহা’খনৰ উল্লেখ আছে। তেনে দুফাঁকিমান বিহুনাম হৈছে–
নজোনটি ওলালে বৰণটি সলালে
সলায় বৰেগছে পাতে,
আমাৰ নাচনীয়ে বৰণটি সলালে
মূগা ৰিহা পিন্ধিলে গাত।

হাতৰে শুৱনি হাতৰ গামখাৰু
কঁকালৰ শুৱনি ৰিহা,
মূৰৰে শুৱনি মূৰৰে সেওঁতা
গলধনৰ শুৱনি খোপা।

ৰিহা পাৰি পাৰি কথা মই পতা নাই
তোলৈ কৰা নাই লাজ,
আমাকে নিবলৈ যদি মনে আছে
এইবেলি বৰেঘৰ সাজ।

কোনে আনি দিব ৰিহাকৈ মেখেলা
কোনে লগাই দিব তাঁত,
কোনে গঢ়াই দিব সোণৰে থুৰীয়া
কোনে লগাই যাব মাত।

ৰিহাখন বৰ্তি আছে অসমীয়া মহিলাৰ গাত, বিহুৱতী নাচনীৰ গাত আৰু সামৰি-সুতৰি থোৱা বৰপেৰাত। ৰিহাখন অসমীয়া বস্ত্ৰভূষণৰ প্ৰতীক, কিশোৰীৰ পৰা গাভৰুলৈ ৰূপান্তৰৰ প্ৰতীক, অসমীয়া ডেকা-গাভৰুৰ প্ৰেম-প্ৰণয়ৰ প্ৰতীক, সম্ভ্ৰান্ত মহিলাৰ মৰ্যাদাৰ প্ৰতীকৰূপে দেখিবলৈ পোৱা যায়। অসমীয়া জাতি আৰু অসমীয়া সংস্কৃতি যেতিয়ালৈ জীয়াই থাকিব, জাতিৰ জেউতিস্বৰূপ ৰিহাখনিও আমাৰ মাজত জাকত জিলিকা হৈ ৰ’ব।

LEAVE A REPLY

Please enter your comment!
Please enter your name here