অণুগল্প

0
78

জিন্টু আয়ান বৰা
সাহিত্য সম্পাদক
গোগামুখ আঞ্চলিক ছাত্ৰ সন্থা

(১)
কেলেণ্ডাৰ

বিহুলৈ মাজত দুদিন থকাৰ পাছটো ধনীৰামৰ সৰুটো পুতেকে বিহুলৈ কেইদিন আছে কেলেণ্ডাৰত চাই হিচাপ কৰি আছে। অৱশেষত তেৰ বছৰীয়া পুতেকৰ হিচাপ ওলাল। ফুৰ্তিত সি চিঞঁৰি উঠিল। য়েচ্ পাপা, পাই গলো বিহুলৈ আৰু মাত্ৰ বিশদিন আছে। ধনীৰামৰ মেলা মুখ মেলাতে থাকিল। ভাবি চাই গম পালে যে বিশ দিনৰ পাছত সিহঁতৰ ওচৰেৰে ৰাজহুৱা মঞ্চখনত বিহু সন্মিলন এখন আছে।

(২)
বৰহুৱতী অব্ দা ইয়েৰ

বৰবিহুৱতীৰ সন্মান লাভ কৰা মণি বৰগোঁহাইক দুৱাষাৰ কবলৈ ঘোষকে মাইক্ৰ’ফোনটো আগবঢ়াই দিলে। ব্যৱসায় সুলভ মিচিকিয়া হাঁহি এটা মাৰি নাচনীয়ে ভাষণ দিলে- “টু দে আই এম চ’ হেপ্পী, মই ভবাই নাছিলো, ইম্মান ডাঙৰ সন্মান পাম বুলি। হেপ্পী বিহু গাইচ্। থেংকচ্ এ লট।” উপহাৰটি দিওতে বিচাৰক দেৱেন দত্তৰ হাত কপিবলৈ ধৰিলে। মনতে ভাবিলে আকৌ যদি বিচাৰ কৰাৰ সময়কন ওভতাই পালোহেঁতেন ! !

(৩)
হুঁচৰি এ ক’ত

হুঁচৰি দলটো প্ৰায় ওচৰ চাপি আহিছে। ৰিক্সা চলাই আহি ভলাইয়ে ঘৈনীয়েকক চাহ, তামোল, জলপানৰ যোগাৰ কৰিবলৈ ক’লে। ঘৈনীয়েক ভানুৱেও জ্বলো-নজ্বলোকৈ জ্বলা টি্প চাকিটোৰ পোহৰত বৰ হেপাহেৰে জা-জলপান, পিঠা-পনাৰ যোগাৰত লাগিল। কাৰণ গাঁৱৰ হুঁচৰি দলটো আহিব! কিন্তু ভানুৱে মন কৰিলে সিহঁতৰ ঘৰৰ আগেদিয়ে দেখোন হুঁচৰি দলটো পাৰ হৈ গ’ল। কোনোৱা এজনৰ কণ্ঠস্বৰ উফৰি আহি ভলাইৰ কাণত পৰিল- “বাদ দে, এই ঘৰত দহ টকাহে দিব”।

(৪)
চখ

আজি গৰু বিহু। বগেনে লৰা লৰিকৈ বলধ হাল আৰু গাইজনীক লৈ গমলা ঘাটলৈ গ’ল। লাও, বেঙনা আদি ৰাতিপুৱাই সাজু কৰি থোৱা আছে। এইবোৰ কৰি থাকোতেই পলম হৈছিল। নৈৰ পাৰ পোৱা পাছত বগেন আচৰিত হ’ল, কোনেওচোন গৰু গা ধুওৱাই নাই। হ’ল কি· তেনেতেই নিউজ চেনেল এটাৰ গাড়ীখন আহিল। কেমেৰা ৰেডী। আটাইবোৰে এইবাৰ গৰু গা ধুওৱাত লাগিল। তেতিয়ালৈকে বেলি মুৰৰ ওপৰলৈ উঠিছিল।

(৫)
ভোগালী

…..হয়, আমি বৰ্তমান উপস্থিত আছো উজান বজাৰ ঘাটত। উৰুকাৰ নিশা ভালকৈ এসাঁজ খাবৰ বাবে মাছ বজাৰত ভিৰ কৰিছেহি গ্ৰাহকে। আমি পোনপটীয়াকৈ বিক্ৰেতাৰ পৰা জানিব বিচাৰিম
– “দাদা কি কি মাছ আছে· আৰু দাম কেনেকৈ·”
– “চিতল ৮০০ টকা আৰু বৰালী ৬০০ টকা”।
প্ৰতিবেশীজনৰ ঘৰৰ পৰা ভাঁহি আহিল টিভি বাতৰিৰ শব্দকেইটা। ৰাতিপুৱাই ভলাইয়ে ভাবিলে, ৰিক্সাৰ মালিকক পইছা কেইটা দি এেপাৱা বèইলাৰৰ কাৰণে ৫০ টকা এটা বছাব লাগিব।

LEAVE A REPLY

Please enter your comment!
Please enter your name here